সংশ্লেষিত কীটনাশকৰ অপব্যৱহাৰ আৰু জৈৱিক কৃষি: এক পৰ্যালোচনা ৰুদ্ৰ নাৰায়ণ বৰকাকতি
সংশ্লেষিত কীটনাশকৰ অপব্যৱহাৰ আৰু জৈৱিক কৃষি: এক পৰ্যালোচনা
ৰুদ্ৰ নাৰায়ণ বৰকাকতি
(“কৃষিবিজ্ঞানৰ প্রাসঙ্গিকতা”ৰ পাছৰ অংশ)
(পালমপুৰস্থিত হিমাচল প্রদেশ কৃষি বিশ্ববিদ্যালয়ত ১১-২০জুন’২০১২ ত অনুস্থিত এক প্রশিক্ষণত ভাৰতৰ ১১খন ৰাজ্যৰ ২৫জন বিশেষজ্ঞই প্রশিক্ষণ লবলৈ আহি পৰস্পৰৰ মাজত মত বিনিময় কৰি লাভ কৰা কিছু তথ্যৰ শেষ অংশখিনিক অ.ক.ব.ৰ সদস্যসকললৈ আগবঢ়ালোঁ৷)
সংশ্লেষিত ৰাসায়নিক কীটনাশকৰ অবিবেচনীয় ব্যৱহাৰৰ বিষয়ে উদ্বেগ প্রকাশ কৰি, হিমাচল প্রদেশ কৃষিবিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ বিজ্ঞান গুৰু ড° পি. কে. শৰ্মাই ব্যক্ত কৰিলে,- সুন্দৰকৈ ৰোপণ আৰু বপণ কৰা সতেজ ফুল এপাহৰ সুবাসলৈ উশাহ টানিলে কিমান পৰিমাণৰ ৰাসায়নিক পদাৰ্থ আমাৰ শ্বাসতন্ত্রলৈ প্রবেশ হয় ইয়াক আমি আওকান কৰিলেও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । কিন্তু আমি ভালপাওঁ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৰাসায়নিক দ্রবণত ডুবাই চকচকীয়াকৈ বগা কৰি ৰখা ফুলকবিটো বা মুক-খা মুক-খা কৰি থকা নিপুটল বেঙেনাটো। নেগেলাকৈ বহুদিন ৰাখিবলৈ ৰাসায়নিক দ্রবনত থোপাৰে সৈতে ডুবাই ৰখা আঙুৰৰ কথা নকলোৱেই। এজন বিষেষজ্ঞই সেয়েহে ৰগৰ কৰি ক’লে,- আমি প্রত্যেকদিনেই খাদ্যৰ লগত সামান্য মাত্রাত হ’লেওঁ কীটনাশক গ্রহণ কৰি আছোঁ, যাৰ ফলত আমিও কিছু পৰিমাণে কীটনাশকৰ প্রতিৰোধক্ষম হৈ উঠিছোঁ, হয়তু এনেকুৱা দিন আহিব যেতিয়া, কোনোবাই আত্মহত্যাৰ বাবে কীটনাশক ব্যৱহাৰ কৰিলেও বিফল হ’ব। এইখিনিতে আন এটা উদ্বেগজনক বিষয়ে জানিব পাই শিঁহৰিত হৈ পৰিলোঁ,- পাকিস্তানৰ সীমামূৰীয়া পাঞ্জাবৰ কিছু অঞ্চলৰ লোকে, কেইবিধমান স্নায়ুতন্ত্রত ক্রিয়া কৰা কীটনাশক পানীৰে লঘু কৰি পান কৰি সুৰাৰ দৰে উত্তেজনা লাভ কৰে। শীতল পানীয়তো কিছু পৰিমাণে কীটনাশক প্রয়োগ কৰি উত্তেজক কৰিবলৈ বহুজাতিক কোম্পানীবোৰে অপচেষ্টা চলাই আহিছে। ব্রাজিলৰ পৰা আমদানি কৰা কমলা ৰসত “কাৰ্বন্দিজম” নামৰ ভেঁকুৰনাশকৰ উপস্থিতি ফ্লৰিডাত প্রমাণিত হৈছে । কেই বছৰমান আগতে ভাৰততো শীতল পানীয়ৰ লগত মানৱ স্বাস্থ্যৰ পৰিপন্থী কীটনাশকৰ উপস্থিতি প্রমাণিত হৈছিল। সেউজ বিপ্লৱেৰে দুৰ্ভীক্ষপিড়িত ভাৰতক অন্নৰ যোগাৰ ধৰি কৃত্তিত্ব অৰ্জা পাঞ্জাৱ-হাৰিয়ানা আজি ভয়ানক অৱস্থাত উপনিত হৈছে। অত্যধিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰৰ ফলত পাঞ্জাৱ-হাৰিয়ানাৰ মাটি-পানী সকলো প্রদুষিত। পাঞ্জাবত এনে অঞ্চলো আছে, য’ৰ পৰা এবুজা ঘাঁহ মূৰত দাঙি লৈ আনিলেও মূৰৰ বিষ হয়। খাদ্যৰ যোগেৰে দেহত প্রবেশ ঘটা ডি.ডি.টি.ৰ মাতৃদুগ্ধতো উপস্থিতি প্রমানিত হৈছে। ভাৰতৰ খাদ্য পাত্র ৰূপে চিহ্নিত দক্ষিণ পাঞ্জাৱৰ ফৰিদকোট, ভাতিন্দা, মুগা, ফিৰোজাপুৰৰ আদি অঞ্চলৰ পৰা দৈনিক ৩০-৩৫ জন কৃষকৰ কৰ্কট ৰোগ চিনাক্ত হয়; এই ৰোগাক্রান্ত কৃষকক বিকানিৰত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কঢ়িওৱা এখন ৰেলক “কেঞ্চাৰ ট্রেইন” নামেৰে জনাজাত। হায় পাঞ্জাৱ!
হিমাচল প্রদেশ কৃষিবিশ্ববিদ্যালয়ৰ উদ্ভিদৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° ৱাই. এচ. পলে নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছিল এনেধৰণে,- আশিৰ দশকৰ পহিলা ভাগত “ভাৰতীয় কৃষি অনুসন্ধান সংস্থান”ৰ পৰা পি. এইচ. ডি. ডিগ্রী গ্রহণ কৰি ঘৰলৈ ঘূৰি আহোতে, তেওঁৰ দেউতাকে প্রশ্ন কৰিছিল “বোপাই আমি সৰু কালত খোৱা আলুগুটিত যি সোৱাদ আছিল, আজিকালি নাইযে ইয়াৰ কাৰণ কি?” দেউতাকৰ প্রশ্নৰ উত্তৰত তেওঁ কৈছিল,-“আগতে আলুৰ চাহিদা অনুপাতে যোগান কম আছিল, এতিয়া সাৰ আৰু কীটনাশকৰ সুপ্রয়োগেৰে উৎপাদন বৃদ্ধি হ’ল, ফলত প্রতি সাজত টেঙাই হওক জ্বলাই হওক আলু সহজলভ্য উপকৰণ হৈ পৰাত সোৱাদ কমি যোৱা যেন লাগিছে।” কিন্তু দেউতাকৰ প্রশ্নৰ সঠিক উত্তৰ তেতিয়াহে পালে, যেতিয়া ড° পলে নিজেই জৈৱিক কৃষি পদ্ধতিৰে আলু খেতি কৰি পৰিৱেশন কৰে । জৈৱিকভাৱে উৎপাদিত আলু দেউতাকক খোওৱাত তেখেতে, পুৰণা স্মৃতি ৰোমন্থন কৰি ক’লে,- “হয় অ’ পোণাকন, আমি তাহানিখন সৰুহৈ থাকোতে খোৱা আলুৰ স্বাদ এইটোৱেই আছিল।”
অবশ্যে, বৰ্দ্ধিত জনসংখ্যাক দুবেলা দুমুঠিৰ যোগান ধৰিবৰ বাবে গুণগততকৈ পৰিমাণগত দিশটোকহে অধিক গুৰুত্ব দিবলৈ বাধ্য। ইফালে বৰ্ধিত আবাদিয়ে আবাসৰ খাতিৰত কৃষিভূমি অধিকাৰ কৰিছে; পেট্রল-ডিজেলৰ নাটনি দূৰীকৰণৰ বাবে বহু হেক্টৰ তৈলবীজ উংপাদন ভুমি জৈৱ ইন্ধনৰ নামত জেথ্রপাকে ধৰি আন আন বায়’ডিজেল উৎপাদনকাৰী উদ্ভিদৰ বাবে ব্যৱহাৰ হৈছে।
জৈৱিক কৃষিজাত সামগ্রীৰে সমুদায় ভাৰতীয়ক অন্নযোগাৰ ধৰা অসম্ভব, যদিওঁ অবহেলাৰ বাবে অজৈৱিক পদাৰ্থ অব্যৱহৃত অঞ্চল সমূহ চিনাক্ত কৰি ইয়াক জৈৱিক কৃষিৰ বাবে সংৰক্ষণ সময় আহি পৰিছে।