সদৰ্থক জীৱনবোধৰ সুগভীৰ স্ফুৰণ – “নীৰৱতাৰ স্পন্দন” মীনাক্ষী বৰুৱা
যান্ত্ৰিক জীৱনৰ কোলাহলত মানুহ যেতিয়া ক্লান্ত হৈ পৰে মনৰ চৌপাশে নিৰ্মাণ কৰি ল’ব বিচাৰে এখনি অভেদ্য দেৱাল৷ মানসিক বিশ্ৰামৰ বাবে আজিৰ যান্ত্ৰিক যুগৰ সকলো লোককে মনৰ মাজত এনে একোটা গোপন কুঠৰীৰ আৱশ্যক হৈছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেনৰ ভাষাত ইয়েই “fox-hole in mind”, যি আমাক মানুহৰ কোলাহলৰপৰা সাময়িকভাৱে আঁতৰাই ৰাখি অন্য এখন নিৰ্জন জগতৰ সন্ধান দিব পাৰে৷ সু-লেখিকা জ্যোৎস্না বৰুৱাই তেনে এখন জগতৰ সৈতে পঢ়ুৱৈক পৰিচয় কৰি দিব বিচাৰিছে অনুপম গ্ৰন্থ “নীৰৱতাৰ স্পন্দন”ৰ জৰিয়তে৷
বিভিন্ন কাকতত ভিন ভিন সময়ত প্ৰকাশিত পঁয়ত্ৰিশটা ভাবোদ্দীপক নিৱন্ধ সংকলিত গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে জ্যোতি প্ৰকাশনে৷ ১৮১ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ১৫০ টকা৷ প্ৰতিটো নিৱন্ধই মানুহৰ আধ্যাত্মিক জগতৰ ৰহস্যময়তাক ইতিবাচক দৃষ্টিভংগীৰে অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে৷ তেওঁ কৈছে – জীৱন মানেই শ্ৰদ্ধেয়৷ বিচিত্ৰ আৰু ৰহস্যময়৷ সংকলিত নিৱন্ধসমূহৰ বিষয়বস্তু কেৱল মানৱ জীৱন বা জীৱন সম্বন্ধিত সমস্যাসমূহেই নহয়, নীৰৱতাৰ সংস্পৰ্শত প্ৰকৃতি আৰু কিতাপৰ সান্নিধ্যত তেওঁ সন্ধান কৰিছে মানুহ আৰু প্ৰকৃতিৰ অন্তৰ্লীন সম্পৰ্কৰ অমল সৌন্দৰ্য্য৷ প্ৰকৃতিৰ আশ্চৰ্য্যই সকলো মানুহকে সমানে স্পৰ্শ নকৰে৷ কিন্তু প্ৰকৃতিৰ সান্নিধ্যত মানুহে জীৱনৰ বহু -যন্ত্ৰণাৰ উপশম ঘটাব নিশ্চয় পাৰে৷ তেওঁ কৈছে, প্ৰকৃতি জগত অবিহনে মানুহৰ হৃদয় জগতৰ মহিমামণ্ডিত ঐশ্বৰ্য্য ক’ত? ( নীৰৱতাত স্পন্দিত জীৱন ) ..যান্ত্ৰিক জীৱনৰ ক্লান্ত সময়ত মানুহ, প্ৰকৃতি আৰু কিতাপৰ গুৰুত্ব সম্পৰ্কে গ্ৰন্থখনত লেখিকাই পাঠকক নিত্য নতুন চিন্তাৰে সুন্দৰ জীৱন-দৰ্শনৰ স্বাদ দিবলৈ প্ৰয়াস কৰিছে৷ তেওঁৰ লেখনিসমূহ গভীৰ অনুভূতিসম্পন্ন আৰু বিশাল অধ্যয়নপুষ্ট৷ ব্যক্তিগত অস্তিত্বৰ গভীৰতাৰে তেওঁ জীৱনৰ মৌলিক সত্যক উপলব্ধি কৰাৰ অনুশীলন কৰিছে৷ নিৱন্ধসমূহৰ কোনোবা নহয় কোনোবাটোৰ মাজত পঢ়ুৱৈয়ে নিজক বিচাৰি পোৱাৰ লগতে এখন অমল প্ৰেমৰ সুন্দৰ পৃথিৱীৰ সন্ধান পাবলৈ সক্ষম হ’ব৷ শক্তিশালী শব্দচয়ন আৰু অন্তৰ্স্পৰ্শী বিষয় তেওঁৰ লেখনিৰ প্ৰধান উপজীব্য৷
“কোনোবাই কয়- জীৱন মিছা৷ অৰ্থহীন৷ নিশাৰ সপোন৷ কাৰোবাৰ বাবে জীৱন মানে কৰ্ত্তব্য৷ সংগ্ৰাম৷ তীব্ৰ বেগী এক ভয়ঙ্কৰ দৌৰ৷ কোনোবাই কয়- জীৱন মানে জঞ্জাল৷ সমস্যা৷ দুখ আৰু বিফলতা৷ কাৰোবাৰ বাবে এই জীৱনটোৱেই হৈ পৰে প্ৰত্যাহ্বান৷ সুখ আৰু সফলতাৰ বিজয় উৎসৱ৷ যিয়েই যেনেদৰে জীৱনৰ ব্যাখ্যা নিদিয়ক কিয়, জীৱন যে মহামূল্যৱান এই কথা স্বীকাৰ কৰিবই লাগিব৷ জীৱনক ভাল পাবলৈ, জীৱনৰ প্ৰেমত পৰিবলৈ আমাক লাগিব সদায় ইতিবাচক দৃষ্টিভংগী৷”- একান্ত নিৰ্জ্জনতাত শব্দৰ সঞ্জীৱনী ৰসে এনেদৰেই লেখিকাৰ জীৱন জীপাল কৰি ৰাখে৷
‘নিঃসংগতা’ নামৰ নিৱন্ধটোত তেওঁ লিখিছে – “জন অৰণ্যৰ বিৰাট কোলাহলৰ মাজত থাকিও সম্প্ৰতি মানুহ নিঃসংগ৷ ভোগ-বিলাস-বাসনাই কদৰ্য্য আৰু ক্লেদাক্ত কৰি পেলোৱা পৃথিৱীখনত মানুহ কৰুণভাৱে নিঃসংগ আৰু হতাশাত নিমজ্জিত৷ ..মোৰ স্বামীৰ মোবাইল ফোনটোত BV-612630 ৰপৰা 12630035 লৈ ফোন কৰি কিছুমান ছোৱালীৰ লগত কথা পাতিবলৈ মেছেজ আহে৷ ..
আপুনি অকলশৰীয়া অনুভৱ কৰিছে নেকি?
নিঃসংগতা দূৰ কৰিবলৈ মই সুৰভি সাজু হৈ আছোঁ.. মই বৰ অ’পেন মাইণ্ডেড!
..এই মেছেজবোৰৰ অৰ্থ বুজি নোপোৱা মানুহ নাই৷ নিঃসংগতাৰপৰা পলায়ন কৰিবলৈ কিছুমান মানুহে ভোগ-বিলাস কামনা-বাসনা চৰিতাৰ্থ কৰাৰ নিকৃষ্ট স্বাধীনতা নিৰ্বাচনেৰে কেতিয়ানো নিজকে দাসত পৰিণত কৰি পেলায় গমকে নাপায়৷ কথা পাতি বা কথা শুনি শুনি আত্মবিস্মৰণৰ জগতত বাস কৰি কিমান দিনলৈ বাৰু নিজক ঠগিব পাৰি? কৃত্ৰিম, সহজ আৰু সুলভ যিকোনো প্ৰচেষ্টাই মানুহক অতি সোনকালে আমুৱায় (পৃষ্ঠা ৮)।” প্ৰকৃততে প্ৰেম এক শক্তিশালী আৱেগ৷ প্ৰাপ্তিয়েই ইয়াৰ শেষ সীমা নহয়৷ প্ৰেমৰ সৌন্দৰ্য্য আৰু অস্তিত্ব ত্যাগতহে চিৰযুগমীয়া হৈ ৰয়৷ ‘প্ৰেম : সুন্দৰ আৰু ভয়ঙ্কৰ’ নামৰ লেখাটোত সেয়ে তেওঁ কৈছে – “মোৰ বাবে প্ৰেম পৰম স্বাৰ্থপৰতাৰে, সুতীব্ৰ সন্মোহনেৰে বুকুৰ ভিতৰত নীৰৱে বিস্তৃতি লাভ কৰা এক যাদুকৰী শক্তি, যিয়ে বাৰে বাৰে মৃত্যুৰ কৱলৰপৰা মানুহক উদ্ধাৰ কৰিব পাৰে৷” ৰাছেলেও কৈছিল – “প্ৰেম যৌন মিলনৰ আকাংক্ষাতকৈ বহুত বেছি মূল্যৱান৷ আন এটা নিবন্ধ ‘চৰাই, এটা গান আৰু মুক্ত নাৰী’ত তেওঁ এটা বৰ গ্ৰহণযোগ্য মন্তব্য আগবঢ়াইছে- “ক্ষন্তেকীয়া আমোদ-প্ৰমোদৰ উন্মাদ জীৱনৰ হাতবাউলিত উচ্ছৃঙ্খল জীৱন কটাবলৈ বিচৰা মুক্ত নাৰী সৰ্বকালৰ বাবে নিন্দনীয়৷” হয়, নৈতিক চৰিত্ৰৰ অনুশীলন অবিহনে স্বৰ্গীয় সুখৰ আৱিষ্কাৰ অসম্ভৱ৷ সামান্য অসন্তুষ্টিতে আজিকালি অনেক মানুহৰ অন্তৰে হাহাকাৰ কৰি উঠে৷ প্ৰতিজন ব্যক্তিৰে হৃদয়গৰ্ভত অদেখা, অশ্ৰুত বহু কথাই লুকাই থাকে৷ ‘স্নেপ্ শ্বট’ নামৰ লেখাটোত তেওঁ লিখিছে “স্কুলীয়া দিনৰে বান্ধৱী এগৰাকীক দশক যোৰা বিৰতিৰ অন্তত লগ পোৱাৰ কথা৷ ৷ দুবছৰীয়া সন্তান এটিৰ মাতৃ, বান্ধৱী গৰাকী বিধবা৷ প্ৰেম, নিৰাপত্তা, বিশ্বাস আৰু সাহচৰ্য্যৰ অভাৱত তেওঁ বিমৰ্ষ৷ অন্তৰাত্মাৰ সৌন্দৰ্য্যৰে মহীয়ান হৈ লেখিকাই বান্ধৱীৰ হাতখন খামুচি ধৰিছে৷” ‘নীলা চকুৰে নীলা সাগৰৰ বিষাদ বুকুত সামৰি স্বাভিমান আৰু স্বতন্ত্ৰতাৰে উজ্জ্বল তেজস্বিনী নাৰী’ গৰাকীৰ বুকুৰ হাহাকাৰ হৃদয়ঙ্গম কৰিবলৈ তেওঁ চেষ্টা কৰিছে৷ এই প্ৰসংগৰে আন এটা নিৱন্ধ ‘জীৱন যুঁজৰ বীৰাংগনা : বিধৱা নাৰী’ত সাহসেৰে তেওঁ নিজৰ যুক্তি প্ৰতিপন্ন কৰিছে – ‘পুৰুষৰ দৰে নাৰীকো প্ৰয়োজন হয় স্পৰ্শৰ অনুভৱ৷ এই প্ৰয়োজনৰ অনন্য উত্তাপক স্বীকাৰ কৰিবই লাগিব৷’ বাৰ্ট্ৰাণ্ড ৰাছেলে কৈছিল, ‘মানুহক মানুহৰ স্পৰ্শৰ প্ৰয়োজন৷ উষ্ণ আলিংগনৰ প্ৰয়োজন৷’ নিশ্চয়! অৱধাৰিতভাৱেই জৈৱিক তাড়নাই প্ৰতিজন সুস্থ মানুহকে স্পৰ্শ বা আলিংগনৰ প্ৰতি আকৰ্ষিত কৰে৷ ই শাশ্বত সত্য৷
জীৱনবোধৰ গভীৰতা আৰু পৰম্পৰাগত কু-সংস্কাৰে সময়ে সময়ে এই সংবেদনশীল লেখিকাগৰাকীক বিষণ্ণ কৰি তোলে৷ ( বৃত্তৰ ভিতৰে বাহিৰে নাৰী আৰু পুৰুষ ).. সেয়ে তেওঁ ‘বিধৱা’ নামৰ নিৱন্ধটিত কৈছে –“পৃথিৱীৰ সকলো নাৰীয়ে গোপনে গোপনে হ’লেও নীলা ৰঙৰ ইউনিফৰ্ম এটাকে সাবটি থাকিবলগীয়া হয়।” প্ৰকৃততে সূক্ষ্ম চিন্তামূলক প্ৰগতিশীল যাত্ৰাৰদ্বাৰাহে নাৰীমুক্তি সম্ভৱ হ’ব পাৰে৷ অন্ধকাৰ গুহাত জীৱন্মৃত হৈ পৰি থকা অনেক নাৰীক নতুন উপলব্ধি, নতুন আশা, নতুন সপোন, নতুন প্ৰতীতি আৰু প্ৰকাশেৰে এক সক্ৰিয় আৰু সৃষ্টিশীল আনন্দময় জীৱন যাপনৰ দিশে উদ্বুদ্ধ কৰিলেহে তেওঁলোক আত্মবিশ্বাসী আৰু স্বাৱলম্বী হৈ উঠাৰ বাট মুকলি হ’ব৷ (চৰাই, এটা গান আৰু মুক্ত নাৰী)।
জীৱন বিবৰ্ণ, নীৰস, নিস্তৰংগ হৈ পৰিলে উজ্জ্বল, সৰস, প্ৰাণৱন্ত কৰি তুলিবলৈ নিসংগতাৰ সৈতে কেনেকৈ বন্ধুত্ব স্থাপন কৰিব লাগে সেই কথা যেন কিতাপখনৰ প্ৰতিটো পৃষ্ঠাই দেখুৱাই গৈছে৷ প্ৰসংগ সাপেক্ষে উত্থাপিত হৈছে বহু দাৰ্শনিক উদ্ধৃতি৷ ‘Light from many Lamps’ নামৰ কিতাপখন ‘অলেখ চাকিৰ পোহৰ’ নামেৰে ড০ প্ৰফুল্ল কটকীয়ে অসমীয়ালৈ অনুবাদ কৰিছে৷ তাত কোৱা হৈছে -“প্ৰাচীনেই হওক বা আধুনিকেই হওক, বাঙ্ময়েই হওক বা সাধাৰণেই হওক, সকলো উদ্ধৃতিৰে, আজিৰ জীৱনৰ চিন্তা-দুশ্চিন্তা, উদ্বিগ্নতা আৰু প্ৰত্যাহ্বানৰ সন্দৰ্ভত, কিবা নহয় কিবা প্ৰাসংগিকতা আছে৷ প্ৰাসংগিকতা আছে ব্যক্তিৰ জীৱনৰ সমস্যাবোৰৰ সম্পৰ্কতো।” জ্যোৎস্না বৰুৱাইও সৰু সৰু মানুহৰ সাধাৰণ জীৱনশৈলীৰ মাজত মহৎ আত্মাৰ অসাধাৰণত্ব অনুসন্ধানৰ মাজেৰে জীৱন স্পন্দিত কৰি ৰাখিছে৷ অনন্য প্ৰতিভাৰ অধিকাৰী শ্বেইক্সপীয়েৰে সুকোমল অনুভূতি আৰু সূক্ষ্মতম উপলব্ধিৰে মানুহৰ সমস্ত কলুষতাৰপৰাই দিব্য চেতনাৰে আলোকিত আত্মাৰ সুন্দৰতাক অন্বেষণ কৰিছিল৷ নীৰৱতাৰ স্পন্দনৰ লেখিকাৰ অনুভৱৰ আহেঁ আহেঁও তেওঁৰ জ্যোৎস্নাবিধৌত আত্মাৰ কিৰণ বিচ্ছুৰিত হৈ উঠা পৰিলক্ষিত হৈছে৷ এজন সুদক্ষ চিত্ৰকৰে কেৱল মানুহৰ বাহ্যিক চেহেৰাকে অংকন নকৰে৷ তেওঁৰ পেইণ্টিঙৰ দ্বাৰা তেওঁ মানুহৰ আত্মাৰ সৌন্দৰ্য্যকো অংকন কৰি ব্যক্তিসত্তাৰ মহিমামণ্ডিত ৰূপ প্ৰকাশ কৰিব পাৰে৷ ( মানুহৰ চৰিত্ৰ, মানুহৰ অস্তিত্ব, বিন্দুতে সিন্ধু).. সুস্থ মন আৰু সুস্থ চিন্তাই জীৱনৰ সৌন্দৰ্য্য বঢ়ায়৷ কলিংগ যুদ্ধই অশোকৰ চিত্ত সলনি নকৰা হ’লে তেওঁৰ নাম নিষ্ঠুৰ, উচ্চাকাংক্ষী ৰজা হিচাপেহে ইতিহাসত লিপিবদ্ধ হ’লহেঁতেন৷ অন্তৰাত্মাৰ সংকীৰ্ণতাক উপলব্ধি কৰিব পাৰিলে নৈতিক উৎকৰ্ষ সাধন অসম্ভৱ নহয়৷ মানুহৰ কৰ্মত চিন্তা আৰু চেতনাৰ প্ৰতিফলন ঘটে৷ ( জীৱনৰ ৰং, দাপোণত আত্মদৰ্শন)
‘নীৰৱতাৰ স্পন্দন’ৰ প্ৰায়কেইটা নিবন্ধতে বাস্তৱ অভিজ্ঞতাৰ বৰ্ণনা আছে৷ মানুহৰ দুখ-দুৰ্দশা, শোষণ- নিপীড়নৰ ছবিবোৰে লেখিকাক যেনেকৈ বিমৰ্ষ কৰি তুলিছে, প্ৰকৃতিৰ বুকুত ফুলৰ সুবাস আৰু চৰাই-চিৰিকতিৰ কলকাকলিতো তেওঁ তেনেকৈ পুলকিত হৈ উঠিছে৷ ( নীৰৱতাত স্পন্দিত জীৱন, বুকুত এজোপা হাচ্ নাহানা, প্ৰেমৰ পৃথিৱীত মই বলিয়াৰ পক্ষত, এটা কুকুৰৰ বাবেই : ৱেষ্টলেণ্ডৰপৰা ৱাল্ডেনলৈ, কাৰুণ্যৰ সৌন্দৰ্য্য )৷ ‘ঘৰ’ নামৰ নিৱন্ধটোত (পৃষ্ঠা ৪৭) তেওঁ উল্লেখ কৰিছে – “মানুহে মানুহৰপৰাই নহয়, প্ৰকৃতিৰ পোক-পৰুৱা, চৰাই-চিৰিকটি আদিৰ পৰাও নানা প্ৰয়োজনীয় কথা শিকিব পাৰে।” To the Skylark নামৰ কবিতাটিত উইলিয়াম ৱৰ্ডছৱৰ্থেও স্কাইলাৰ্ক চৰাইটোক এজন সঁচা জ্ঞানী মানুহৰ লগত তুলনা কৰিছে৷ মূৰত ৰঙা টুপী পিন্ধি কাঠত খুঁটিয়াই থকা বাঢ়ৈটোকা চৰাইটো দেখি লেখিকাৰ ‘A Legend of the North Land’ কবিতাটোলৈ মনত পৰিছে৷ ছেইণ্ট পিটাৰে এদিন ভোকৰ জ্বালা সহিব নোৱাৰি কেক বনাই থকা কৃপণ আৰু নিষ্ঠুৰ মহিলা এগৰাকীৰ কাষ চাপিছিল৷ ভোকাতুৰ অতিথিজনৰ বাবে কেকৰ ক্ষুদ্ৰতম অংশৰ সন্ধান কৰি থকা মহিলাগৰাকীৰ আচৰণত অসন্তুষ্ট হৈ ছেইণ্ট পিটাৰে তেওঁক বাঢ়ৈটোকা চৰাই হ’বলৈ অভিশাপ দিছিল৷ কাৰণ বাঢ়ৈটোকা চৰাইয়ে খাদ্যৰ ক্ষুদ্ৰতম অংশৰ বাবে দিনৰ দিনটো কাঠত খুঁটিয়াই থাকিবলৈ বাধ্য হয়৷ ঠিকেই, আনৰ দুখত সহমৰ্ম্মিতা আৰু সহানুভূতি দেখুৱাব নোৱাৰা মানুহৰ মন-মগজুত চয়তানে বসতি বিস্তাৰ কৰে৷ মনুষ্যত্বৰ শ্ৰেষ্ঠ সাধনাইহে মানুহক মহৎ সত্যৰ সন্ধান দিব পাৰে৷ নিৰ্ব্বিকাৰ দৃষ্টি জড় পদাৰ্থৰ সমতুল্য৷ আত্মজিজ্ঞাসা আৰু সুস্থ চিন্তাৰ জৰিয়তেহে আধ্যাত্মিক সুখৰ উপলব্ধি সম্ভৱ হৈ উঠিব পাৰে৷ শিশুৰ সৈতে শিশু হৈ পৰা, বয়স্ক ব্যক্তিৰ বাবে সহৃদয় শ্ৰোতা হৈ পৰা এইগৰাকী লেখিকাই বাস্তৱ জীৱনৰ বহু উপেক্ষিত অথচ প্ৰয়োজনীয় দিশ পঢ়ুৱৈৰ বাবে আঙুলিয়াই দিছে৷ কিতাপখন পঢ়ি উঠি মোৰো Paulo Coelho ৰ দৰে ক’বৰ মন গৈছে -“True wisdom consists in respecting the simple things we do, for they can take us where we need to go।”