সপোন(উদ্দীপ তালুকদাৰ)
সপোন(উদ্দীপ তালুকদাৰ)
ঠিক ক‘ত কেনেকৈ আৰম্ভণি হ‘ল নাজানো। বাতৰি–কাকততে দেখিছিলো নেকি? ৱাইন–ছপৰ পাছফালৰ দুৱাৰখনেৰে সোমাই গ‘লেই পাব বুলি লিখা আছিল। কম্পিউটাৰৰ ছফ্টৱেৰ এটা সাজিবলৈ মানুহ লাগে বুলি বিজ্ঞাপন দিয়া আছিল, তাকো দেৱভাষাত। দেৱ–ভাষাত বিজ্ঞাপনটো দেখিৱেই সাহস কৰিছিলো। সিমান ডাঙৰ মক্কেল নহয়, আমাৰ দুজনীয়া কোম্পানাটোৰেই চম্ভালি ল‘ব পাৰিম বুলি। সেয়ে গ‘লো। ৱাইন ছপ–ৰ পাছফালৰ দুৱাৰখনেৰে সোমাই যে ইমান ডাঙৰ জেগা এখণ্ড গুৱাহাটীতে আছে দেখাই নাছিলো। ৰাস্তা–ঘাত আহল–বহল, ৰাজ–মহলৰ নিচিনা ডাঙৰ ডাঙৰ ঘৰ। বাটৰ কাষত নলা–নৰ্দমা নাই, আৰ কেনেকুৱা চাফা। কিন্তু মানুহ–দুনুহ নায়েই যে, যি দুই এজন আছে, তেওঁলোকৰ খোজ ঢলং–পলং, সুধিবলৈ সাহস নহ‘ল। এজনকে দেখিছিলো চিধা হৈ খৌজ কঢ়া, কিন্তু তেওঁ আকৌ পিন্ধি আছে ভাওনাৰ ভীমৰ পোছাক, গতিকে দিনতে যে ফুল টং আছে, সেইটো বুজিবলৈ দেৰী নালাগিল। তেওঁ যোৱা বাটটো নলৈ একেবাৰে ওলোটাফালে পোনালো। সেইফালেও একেই, মানুহ দুনুহ নাই। পাৰ্ক এখন দেখা পালো। তাৰে ভিতৰলৈ সোমাই গলো। খোৱা–পানী পোৱা যাব কিজানি। ঠাণ্ডা নাই কাৰণে মোৰ দগধা জেকেটটোৰে গৰম লাগিছিল, পিয়াহো লাগিছিল। অলপ দূৰতে এটা পানী খোৱা নলী। মূখখন দি পানী পিবলৈ লওঁতেই পিছফালে কোৰ্হাল শুনি ঘূৰি চালো।
আচৰিত কাণ্ড! ইমান পৰে কাকো নেদেখা ঠাইখিনিত প্ৰায় পঞ্চাছজনী ছোৱালী! আটাইকেইজনীয়েই ষোড়শী, ৰূপৰ বৰ্ণনা দিবলৈ মোৰ ভাষা নাই। মোৰ ফালে ট্ ট্কৈ চাইছে। মই হতবাক হৈ কি কৰোঁ নকৰোঁ কৰি থাকোঁতেই গোটেই জাকটোৱেই মোৰ ফালে খেদি অহাৰ দৰে আহিল। তৰা–নৰা চিঙি মাৰিলো দৌৰ! ছোৱালীজাকেও পাছ ললে। কি কাণ্ড! কিবা প্ৰবলেমত ফচাই দিবৰ মতলব নেকি?
আৰু দৌৰিলো.. দৌৰোঁতে দৌঁৰোঁতে চহৰ পাৰ হৈ এখন ধুনীয়া বনানী পালোহি। খেদি অহাৰ কোৰ্হাল এতিয়াও পাছে পাছে আহি আছে। বনানীখনৰ মাজেৰেই এটা মূৰে দৌৰ দিলো, কিন্তু হায় বিধি! বনানীখন হঠাতে শেষ, তাৰ সিফালে মস্ত দ–খাৱৈ এটা। তলৰখিনি দেখাই নাপায়। তলিখনত ক‘ৰবাত জুই লাগিছে কিজানি, কাৰণ ধোৱাঁৰে ছানি ধৰিছে। কেচেমা–কেছেম গোন্ধ এটাও আহিছে। মঙহ পোৰাৰ গোন্ধ। কোনোবা ট্ৰাইবেল গাঁৱত গাহৰি পুৰি ভোজৰ যোগাৰ চলিছে কিজানি।
ইফালে ছোৱালীজাক আহি পালেই। কি কৰোঁ–নকৰোঁকৈ তাতেই হেণ্ডছ–আপ হৈ ৰৈ দিলো। অলপ পাছতে আটাইকেইজনী আহি পালে। দৌৰোঁতে কানি–কাপোৰৰ অৱস্থা নোহোৱা হৈ পৰিছে, তালৈ কাৰো ভ্ৰূক্ষেপেই নাই। চকু মাত্ৰ মোৰ ওপৰতহে। কেইজনীমানে জপিয়াই মোৰ গাৰ ওপৰত পৰিল। কোনোমতে সেই তিনিজনীক এৰাই একেজাঁপে থিয় দি কলো, মোৰ নাম হৰেকৃষ্ণ শৰ্মা, মই এই ঠিকনাটো বিচাৰিহে আহিছোঁ। কথাখিনি শুনিয়েই কি জানো হ‘ল সিহঁতৰ? যিমান কাষ–চাপি আহিছিল, সিমান জোৰে জাঁপ মাৰি মোৰ পৰা আঁতৰ হ‘ল আৰু মোৰ ফালে বহল বহল চকু মেলি চাবলৈ লাগিল। গাত জঁপিয়াই পৰা কেইজনীয়ে খঙতে গৈ গছতে মূৰ আচাৰিবলৈ লাগিল। এজনীয়েটো সহ্য কৰিব নোৱাৰি খাৱৈটিতে জঁপিয়াই দিলে। তেওঁলোকে কি কৰে চাই থকাৰ সময় নাই। আকৌ এবাৰ ঠিকনাটো চিঞৰি কলো| কেইজনীমানে একো নোকোৱাকৈ বনানীৰ মাজেৰে লুঙলুঙীয়া ৰাস্তা এটা দেখুৱাই দিলে। সেইফালেৰে এখুজি–দুখুজিকৈ আগবাঢ়িব ধৰিলো। ঠিকটো নাই এইকেইজনীয়ে কি কৰে? পিছে, নাই, আগৰ সেই উৎসাহ সিহঁতৰ নাই। সিহঁত লাজত নে ভঙত নে খঙত তলমূৰি কৰি ঘূৰি গৈ আছে। অলপ কথাপতাৰ মন আছিল যদিও হঠাৎ খেয়াল হ‘ল সেয়া সপোনহে। টি্ভি মানুহে কিবা এটা চেণ্ট ঘঁহিলে ছোৱালীবিলাকে এনেকৈ দৌৰে বুলি দেখাইছিল, হয়তো তেনেকুৱা কিব সপোন এটাকে মই দেখি আছিলোসেয়ে সিহঁতৰ কথা বাদ দি লুঙুলঙীয়া ৰাস্তাটোৰে আগবাঢ়ি গলো, আৰু অলপ দূৰ আহিয়েই দেখো বিৰাট ঘৰ। পুৰণি দিনৰ ভাষাত অট্টালিকা। গেটত কেটোৰক‘লা মানুহ দুটাই পহৰা দি আছে, মূৰত আকৌ দুটাকৈ শিঙ। বাটৰুৱাক চাইক‘লজিকেল ভয় খুৱাবলৈ ভাল উপায় উলিয়াইছে মেনেজাৰে। যি নহওঁক, আগবাঢ়ি গৈ ঠিকনাটো দেখুওৱাত ভিতৰলৈ সোমাবলৈ দিলে। বগা–পাতল সিটোফাল দেখাপোৱা শাৰী আৰু হাত–কটা ব্লাউজ পিন্ধা ছোৱালী নে তিৰোতা এজনী ৰিচেপছনৰ বহি আছিল। মই গৈ এডভাৰটাইজ অহা বুলি ক‘লত মোক বহিবলৈ দিলে। আৰু ফোনটৌ তুলি দেৱভাষাতে কিব কথা পাতিলে আৰু মোক সোমাই যাবলৈ দেখাই দিলে। অলপ কথা চহোৱাৰ ইচ্ছা আছিল যদিও তাই পাট্টাই নিদিলে নহয়। দিবনো কিয়, সিটো ফালে বহি থকা গাই–মুৱা ল‘ৰাটোৰ লগত তাই যে মাজে মাজে চকুৰ লেংগুৱেজেৰে কথা পাতি আছিল সেইটো অমুকাই নুবুজাকৈ থকা নাছিলতো! দেখুৱাই দিয়ামতে আগবাঢ়ি গলো। কিন্তু কি অদ্ভূত জেগা। ভিতৰত এটা সিটমূৰ দেখা নোপোৱা কৰিডৰ, আৰু কৰিডৰৰ দুয়োফালে বগা বগা মাৰ্বলত ফুল–কটা দুৱাৰ। ইমান ডাঙৰ কোম্পানীটো ৱাইন–ছপৰ পাছফালে কেনেকৈ সোমাই আছিল সেইটোকে বুজা নাছিলো মই।কিন্তু অসুবিধাটো হ‘ল মই যাওঁ কেনি? দহখোজ মান আগবাঢ়ি আহি প্ৰথম যিখন দুৱাৰ পালো, টোকৰ মাৰিলো। নহয়, টোকৰ মাৰিবলে নাপাওঁতেই দুৱাৰখন খুলি গ‘ল। মই সোমাই গলো, খপজপাই মানুহ এজন উঠি নিজৰ কাপোৰখিনি ঠীক কৰি ললে, কোনোবা এজন নে এজনী চকীৰ আঁৰত লুকালে যেনো লাগিল। মানুহজনৰ পোছাক আকৌ ভাওনাৰ ৰজাৰ। কি অদ্ভূত কোম্পানী! ইয়াৰ বছ নিশ্চয় ষ্টী্ভ জব্ছ তেৱেই হেনো হাফ–পেণ্ট পিন্ধি আৰি সন্যাসীৰ পোছাক পিন্ধিও অফিভলৈ গৈছিল। সেয়ে ইহঁতেও কিজানি তেনে ব্যৱস্থা কৰিছে। যি নহওঁক, কামটোহে লাগে মই মানুহটোকে কলো, ছফ্টৱেৰ কোম্পানীৰ মানুহ কথা পাতিবলৈ আহিছোঁ । তেওঁ মোক তেত্ৰিছ কোটি এক নম্বৰ ঘৰটোলৈ যাবলৈ কলে। ওলাই আহি দুখন মান দুৱাৰ চাওঁতেই পাই তেত্ৰিছ কোটি এক নম্বৰ ঘৰটো পাই গলো। দুৱাৰত টোকৰ মাৰিলো, ভিতৰৰপৰা কোনোবাই ভেকাহি মাৰিলে, ‘কোন আহিলে মৰিবলৈ?’ উত্তৰ নিদিওঁ নিদিওঁ বুলিয়েই নামটো কৈ পেলালো। ‘কাৰ মূৰ খাবলৈ আহিছ?’ আকৌ প্ৰশ্ন আহিল। ‘মূৰ খাবলৈ নহয়, ছফ্টৱেৰ…’ শব্দটোৰ যাদু কিন্তু সাংঘাতিক হ‘ল। খটংকৈ দুৱাৰখন খুলি গ‘ল, কিবা এটাই আহি মোৰ ডিঙিৰ চাৰিওফালে ভোঁ–ভোঁৱাই ঘূৰিবলৈ লাগিল আৰু বাৰে বাৰে পাছ ফালে খুন্দিয়াই খুন্দিয়াই আগফালে ঠেলি ঠেলি লৈ যাবলৈ ধৰিলে।
গৈ গৈ পালো মানুহএজন। মুখখনত ইমান ফেয়াৰ লাভ লাভলি নে কি ঘঁহিছে নাজানো, কিন্তু ৰূমটোৰ গোটেই পোহৃ তেওঁৰ মুখতে পৰিছে, পিৰিকি থকা চকু কিটাৰ বাহিৰে একো মনিব নোৱাৰি। মানুহজনে গুৰুগম্ভীৰ মাতেৰে কলে, বহা। ধাম্কৈ বহি পৰিলো। “এতিয়া কামৰ কথা পাতো।“
–পাতক।
–আপুনি আমাক এটা ছফ্টৱেৰ সাজি দিব লাগে। কিন্তু সংস্কৃত ভাষাত। মানে সংস্কৃত ভাষাৰ মানুহে ব্যৱহাৰ কৰিব পৰাকৈ। আজিকালিটো কোনেও নপঢ়েই গতিকে সেইটো আপুনি পাৰিবনে নেই আগতে জনাওঁক।
মই কলো, ‘পাৰিম।‘ ইউনিকোড ছাপৰ্ট কৰা কিবা প্ৰগ্ৰামিং লেগ্ৱেজত কৰিলেই হৈ গ‘ল। কিন্তু আপোনালোকৰ কামটো কেনেকুৱা হ‘ব সেইটো মই অলপ জানিব লাগিব। তেহে কামত ধৰিব পাৰিম। বেছি গ্ৰাফিকছৰ কাম থাকিলে কিন্তু পইছা বেছি দিব লাগিব।
–কামটো হ‘ব পুণ্যৰ হিচাপ ৰখা এটা অটোমেটিক ছফ্টৱেৰ। তই এইফালে আহ, চব বুজি পাবি। –ব‘লক। মই কলো।
মানুহজনে মোক পাছফালৰ দুৱাৰখনেৰে বেলেগ এটা ৰূমলৈ লৈ গ‘ল। মস্ত লম্বা ৰুম। তাতে চকীত বহি আছে এগাল সেই ভাওনাৰ বিভীষণ, ৰামৰ নিচিনা মানুহ। চবৰে কাণত আকৌ একোডাল হেডফোন। মানুহজনে কলে, এই যে দেখিছ, ইয়াত চবেই হৈডফোনত মানুহে গোৱা শ্লোক, অখণ্ড পালনাম, যজ্ঞ ইত্যাদি শুনি আছে।
–কিন্তু কৰি কোনে আছে এইবিলাক যজ্ঞ, পূজা, পালনাম।
–কিয়? মনিছে। নৰ–মনিছে এই বিলাক পাতি থাকিলে আমাৰো কাম বাঢ়ি যায় নহয়, কোনে কিমান দিনীয়া পাতিছে, কোনে কিমান ডাঙৰকৈ চন্দ্তাপ দিছে, কিমান খৰছ কৰিছে, কিমান ডাঙৰকৈ মানুহক শুনোৱাইছে, এইবিলাক চব আম ইয়াত খবৰ ৰাখি থাকিব লাগে। নহ‘লে পূণ্যৰ হীচাপত গোলামাল হৈ যাব। স্বৰ্গলৈ যাবলগীয়ানজ নৰকত যাব। এনেও পূজা–যজ্ঞ–ইষ্টাৰ, ইফটাৰ, ইদ–মেহফিল আদি ইমান ডাৰকৈ পতা আৰম্ভ কৰিছে যে আমিএও মাজে মাজে গম নাপাওঁ