সমালোচক (পংকজ জ্যোতি মহন্ত)
সমালোচক
পাহাৰটোৰ শিখৰত বৰষুণ পৰিবলৈ আৰম্ভ কৰা সময়খিনিত ভৈয়ামৰ চুবুৰিটোত প্ৰায়ে বৰষুণ আহি নাপায়হিয়েই৷ ভৈয়ামৰ পৰা দৃশ্যটো সকলোৰে চকুত বৰ মনোমোহা হৈ পৰে৷ পাতবোৰৰ সেউজীয়া ৰংটো বৰষুণত ধূসৰ হৈ পৰোঁতে আজিকালি তাৰ এনে লাগে যেন, যোৱা মাঘত সি বিয়া কৰাই অনা তাৰ প্ৰেয়সীৰ কেঁচা-সোণ যেন মুখখনিহে যেন সি অকষ্মাতে পাতল ওৰণিৰ মাজেৰে দেখিবলৈ পাইছে৷ সেই স্থানলৈ সি এবাৰো গৈ পোৱা নাই৷ তাৰ মনত এটা কথা খেলালে৷ যদি চুবুৰিটোৰ সকলো মিলি এদিন সেই স্থানত এসাজ খাবলৈ যায়, তেন্তে কল্পনা আৰু বাস্তৱৰ গোটেই প্ৰাকৃতিক পৰিৱেশটোৱে সকলোকে দুগুণ সতেজ আৰু সজীৱ কৰি তুলিব৷ ইমান ওপৰলৈ বগাই গৈ ঘূৰি অহাৰ পাছত তেওঁলোক সকলোৰে শৰীৰৰ জঠৰ কোষবোৰেও নৱজীৱন লাভ কৰা যেন পাব…..৷
কথাটো সবৰে আগত উলিওৱাৰ আগতে এদিন সি কাকো নোকোৱাকৈ অকলেই পাহাৰটো বগাই আহিল৷ বগাবলৈ বহু কষ্ট হ’ব পৰাকৈ ঠাইবোৰ সিমান ঠিয় নহয়, আৰু একেবাৰে শিখৰত কিছু সমতলো আছে৷ গতিকে কথাটো ল’ৰা-বুঢ়া সকলোৰে বাবে সুবিধাজনকেই হ’ব৷
সি ঘৰে ঘৰে যেতিয়া কথাটো উলিয়ালে বহুতে কৰিলি পাৰি উঠিল৷ কাৰোবাৰ গোটেই ঘৰখনেই যাবলৈ ওলাল, কাৰোবাৰ অকল ল’ৰা-ছোৱালীকেইটা যোৱাটো ঠিক হ’ল, কাৰোবাৰ সুবিধা মতে এজনহে যাব পাৰিব, একেবাৰে বুঢ়াজনতো যাব নোৱাৰে, কাৰোবাৰ আকৌ ল’ৰা-ছোৱালীকেইটা গ’লে সিহঁতে বেছি উৎপাত কৰিলে চাবলৈ বুলি ডাঙৰ এজনোতো যাবই লাগিব….; বজাৰ-সমাৰ কোনে কোনে কৰিব, টোপোলাবোৰ কেনেকৈ ভাগ ভাগ কৰি ওপৰলৈ নিব… সকলোবোৰ কথা আলোচনা হ’ল…..৷ বিদৰ্ভ বৰুৱা আৰু পুলিন শইকীয়াই কিন্তু তাক একেসাৰেই নিজৰ নিজৰ ঘৰতেই ভেকাহি মাৰি দিলে৷ অৱশ্যে তেওঁলোকৰ ঘৰৰো ল’ৰা-ছোৱালী এটা-দুটা যাব পাৰিব বুলি তেওঁলোকে জনালে, কিন্তু তেওঁলোক যে কোনো পধ্যেই নাযায় সেইটো একেষাৰেই খাৰাংখাচকৈ খাটাং কৰি দিলে৷
তেওঁলোক দুজনে নাযাওঁ বুলি খাৰাংখাচকৈ কৈ দিয়াতো তেওঁলোকৰ নিজৰ নিজৰ মুখেৰেই শুনি শুনি গোটেই চুবুৰিটোৱে গম পাইছে৷ তেওঁলোকৰ ইজনেও সিজনৰ আৰু সিজনেও ইজনৰ কথাতো শুনিবলৈ পালে৷ সেইবাবে দুয়োজন লগ হৈ কথা পতাত লাগিল৷
“কাম নাই আৰু! এই বাৰিষাও বনভোজ খাবলৈ যায়নে? হেৰৌ, বনভোজ খোৱাৰ সময় এইটো হয় জানো? ডিচেম্বৰ-জানুৱাৰিতহে বনভোজ খায়৷” – বিদৰ্ভ বৰুৱাই ক’লে৷
“তাকেহে! পাহাৰটোৰ ওপৰত খালেগৈহে সিহঁতৰ পেট ভৰে!” – পুলিন শইকীয়াই উত্তৰ দিলে৷
“অকলে যাবলৈ সাহসকণ নাই, গোটেইসোপাক লগত লৈছে৷ নাযাওঁ মই৷ যাওকচোন সিহঁতেই চাওঁ৷” – বিদৰ্ভ বৰুৱাই অলপ খঙেৰেই ক’লে৷
“কথাতো তেনেকুৱাই হ’ব৷ মই এতিয়াহে ভাবিছোঁ৷ আৰু চাওকচোন, সেই কোনোদিন মানুহ গৈ নোপোৱা ঠাই টুকুৰাত ভাতকিটা চোবাবলৈ কি সৎ যাব বাৰু? ভাত বস্তুটো সদায় পাকঘৰৰ মজিয়াৰ বস্তু!” – পুলিন শইকীয়াই ক’লে৷
চুবুৰিৰ ৰাইজখনৰ যি যি গ’ল, সকলোৱেই হেঁপাহ পলুৱাই ৰং-টামাচা কৰিলে৷ কিমান কিৰিলি পাৰিলে! পাহাৰ ৰজনজনাই যোৱাকৈ ইজনে সিজনক এনেই এনেই আটাহ পাৰি চিঞৰি মাতিলে….। আদহীয়াবোৰো ল’ৰা হৈ পৰিল, শিশুবোৰো ডেকা হৈ পৰিল, চাদৰৰ জাপত জীৱনটো জপতীয়া খাই পৰা আদহীয়া মহিলাসকল ৰাংধালী-বাউলী হৈ পৰিল, গভৰুবোৰে মাজে মাজে এনেই এনেই পিচলি পৰা যেন কৰিলে, কোনোবাজনীয়ে আকৌ জীৱনৰ কোনো কালেই পিচলি নপৰিব যেন ভাৱেৰে দং দং কৈ যাত্ৰা কৰিবলৈ চালে, ডেকাবোৰৰ তৰ্জনী আঙুলি এটা খালি খালি লাগিল— যদি বিশেষ কোনোবা এগৰাকীও লগত আহিলহেঁতেন— তাৰেই আঙুলিত ধৰি চাগে এতিয়া কাষে কাষে পাহাৰ বগালেহেঁতেন! …. আৰু গোটেইখিনি আয়োজন কৰা ৰাজীৱে মানুহবোৰৰ ফুৰ্টিৰ মাজত লাজ লাজকৈ পাহাৰখনলৈকে চাব নে তাৰ পত্নী হোৱা প্ৰেয়সীগৰাকীলৈকে চাব একো ঠিৰাং কৰিব নোৱৰা নিচিনাকৈ গৈ থাকিল….৷ হাতে-পাতে লাগি ভোজটো আমোলমোলাই উঠিল৷ সবেই কৰিবলৈ কামৰ পৰিমাণ কমহে হ’ল অলপ৷
কোনোবাই কোনোবাই পাতবোৰৰ পৰা কেৰাহীৰ ঢাকনিবোৰতে ভাত-আঞ্জা বাকি লৈ একেলগে খালে…।
নামি আহোঁতে সবৰে দিনটো ইমান সোনকালে শেষ হোৱা যেন লাগিল! আৰু যেন এবাৰ আজিয়েই শিখৰলৈ গৈ ঘূৰি আহিলেও ভাগৰ নালাগিব!
দুদিন পাছত বিদৰ্ভ বৰুৱাক বাটতে লগ পাই পুলিন শইকীয়াই ক’লে— “শুনিছানে বিদৰ্ভ? মানুহবোৰৰ গাৰ বিষবোৰ বৰ আৰামদায়ক হৈ পৰিছে৷ আৰু ফটোবোৰ যে…., মইয়েই দুবাৰ চালোঁ, বুজিছা। আচলতে সিদিনা নাতিটো, মানে বৰ-জীৰ ল’ৰাটো আহিছিল৷ সিহে বাটত খোজ কাঢ়িবলৈ চেপি ধৰাদি ধৰিলে, পাঁচ বছৰীয়া ল’ৰা, খোজ কাঢ়ো বুলি মুখেৰেহে কয়, মইহে কান্ধত তুলি খোজ কাঢ়ি গৈ থাকিব লগা হ’ল৷ চাকৰি কৰাৰ দিন ধৰি পদুলিমুখলৈকে যেন গাড়ীখন চলাইহে যাম! খোজ কঢ়াৰ পাছত গোটেই গাৰ বিষ! সেইবাবেই পাহাৰৰ শিখৰত বনভোজ নাখাওঁ বুলি ভেকাহি মাৰিছিলোঁ, গম পালানে? এতিয়াহে ভাবিছোঁ, বিষটো আচলতে এটা ভাল লগা বস্তুহে আছিল৷ এদিন অকলেই বগাবলৈ যাওঁ নেকি? পাৰিম, ইমানো বয়স হোৱা নাইতো, আৰু বোলে ইমানো সময় নাই সেইটোওতো নহয়!”
“অ’ আচ্ছা, মই অকণমান ব্যস্ত হৈ আছিলোঁ৷ অকণমান পিছে-পৰে কথা হ’ম নেকি বাৰু?” – কথাষাৰ কৈ বিদৰ্ভ বৰুৱাই পাৰহৈ যাবলৈ বিচাৰিলে৷
“হ’ব হ’ব৷” – পুলিন শইকীয়াই ক’লে৷
বিদৰ্ভ বৰুৱাইনো প্ৰকৃততে কিয় নাযাওঁ বুলি ভেকাহি মাৰিছিল জানিবলৈ তেওঁৰ খুব কৌতুহল জাগিল৷ “ঠিক আছে, পিছে-পৰেও সুধিব পাৰিম…” – পুলিন শইকীয়াই ভাবিবলৈ ধৰিলে৷
“আকৌ লগ পালোঁ— এটা ফৈদ সলোৱা মানুহ।” – বিদৰ্ভ বৰুৱাৰ খংটো উঠি আহিল…৷ শইকীয়াৰ কথাখিনি তেওঁৰ অকণো ভাল নালাগিল৷ বৰুৱাই নিজকে অকলশৰীয়া হৈয়ো বাহুবলী যোদ্ধা যেন অনুভৱ কৰি কৰি বাটে বাটে গৈ থাকিবলৈ ধৰিলে…৷