সম্পাদকলৈ চিঠি (–মনোহৰ দত্ত )

‘সাহিত্য ডট অৰ্গ’-ৰ সম্পাদকলৈ চিঠি –মনোহৰ দত্ত

প্ৰিয় সম্পাদক ডাঙৰীয়া,

আন্তৰিক শুভেচ্ছা জনালোঁ|

কালি অ,ক,ব-ত আপুনি জনাইছিল যে ‘সাহিত্য ডট অৰ্গ’-ৰ এই মাহৰ বিষয়বস্তু “এইদেশ মোৰ দেশ ”| বিষয়বস্তুৱে মোক আকৃষ্ট কৰিছিল আৰু কিবা এটা লিখিম বুলি মন বান্ধিছিলোঁ| সেয়ে, আজি এই চিঠি লিখিবলৈ লৈছো| অৱশ্যে আপুনি শংকা কৰাৰ দৰেএই মুহুৰ্তত বিজুলী বিচনী নচলা হোৱা নাই| হাত বিচনী চলোৱাৰ অভ্যাস আঁতৰিল যিহেতু বিজুলী সংযোগ থকাৰ মাজতে চিঠিখন সমাপ্ত কৰিব পাৰিলে ভাল হয়| আনপিনে ইনভাৰটাৰৰো বেটেৰীয়ে বেছি পৰ চলাব নোৱাৰে|

যিহওক, ‘এই দেশ মোৰ দেশ’ কথাংশই বহু কিবাকিবি ভবাই তুলিছে|

এইখিনিলৈ লিখোতেই বিজুলী সংযোগ ব্যাহত হ’ল আৰু ওপৰৰ লিখাখিনি সাঁচি থৈপ্ৰায় এক ঘণ্টাৰ পিছত পুনৰ কম্পিউটাৰ খুলি লিখিবলৈ লৈছো| মনত পৰিছে তাহানি আকাশবাণীৰ প্ৰিয় অনুষ্ঠানবোৰ শুনি থাকোতে হঠাৎ সম্প্ৰচাৰ বন্ধ হৈ গৈছিল| বিশেষকৈ ‘কল্পতৰু’ অনুষ্ঠান চলি থাকোতে তেনে পৰিস্থিতি হ’লে আমি বিমৰ্ষ হৈ পৰিছিলোঁ| পিছত যেতিয়া সম্প্ৰচাৰ সংযোজিত হৈছিল মনটো নাচি উঠিছিল| এটা সময়ত আকাশবাণীৰ ঘোষক বা ঘোষিকাই কৈছিল ‘নিশা ৭ বাজি ১৫ মিনিটৰ পৰা নিশা ৭ বাজি২৪ মিনিটলৈ বিজুলী সংযোগ ব্যহত হোৱা বাবে আমাৰ অনুস্থান প্ৰচাৰত ব্যাঘাতজন্মা বাবে আমি দু:খিত| এয়া অনুষ্ঠান প্ৰচাৰিত হৈছে’ পিছে আজিও এইপৰিস্থিতিৰ অৱসান ঘটাৰ কোনো লক্ষণ আমি দেখা নাই| বিপৰীতে বৃহৎ নদীবান্ধৰ বিতৰ্কইহে আমাক আগুৰি ধৰিছে| কেতিয়াকৈ বিজুলী যোগান ব্যৱস্থাটো সুচল হ’ব সেই কথা কোৱা টান|

এইবোৰ আমাৰ দেশৰেই কথা| এইখন দেশতে এতিয়াও ভাষা, সংস্কৃতি, ধৰ্ম আদিৰ নামত নানান অঘটন ঘটে| সৰু সৰু ল’ৰা-ছোৱালীবোৰে পাহৰিছে সামাজিক আনন্দ কি| যিকোনো উছৱৰ সময়ত মনলৈ প্ৰশান্তি অহাৰ বিপৰীতে নানান শংকাই সিঁহতক আচ্ছন্ন কৰি তোলে| অলপতে আমি আমাৰ দেশৰ স্বাধীনতা দিৱস পালন কৰিলোঁ| এই লৈ অধিক কোৱাৰ প্ৰয়োজন নাই| কেৱলক’ব খোজো স্বাধীনতা দিৱসৰ পূৰ্বৰ ঐতিহ্য যেন সোনকালে উভতি আহে|
সম্প্ৰতি গোটেই দেশ জুৰি জুলাই মাহত অসমত সংঘটিত হত্যা, হিংসাৰ ঘটনাক লৈ এক অস্থিৰ পৰিৱেশ হৈছিল| লাহে-লাহে সেই অবাঞ্চিত পৰিৱেশৰ পৰা দেশবাসী মুক্ত হোৱা যেন লাগিছে যদিও, ইয়াৰ পুনৰাবৃত্তি নহয় বুলি এতিয়াই আমি খাটাংকৈ ক’বপাৰিম জানো? অভিযোগ উঠিছে তেনে ঘটনাত আমাৰ বিধায়ক জড়িত| যিটো মানিব নোৱাৰা বিষয় যদিও চৰকাৰৰ সহযোগী দলৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগে মানুহৰ মনত নানান চিন্তা সৃষ্টি কৰিছে|আৰু এনেবোৰ কাৰণতে এই দেশৰ মানুহ নানান আহুকলীয়া সমস্যাত পৰিবলগীয়া হয়|
ক্ৰমে-ক্ৰমে আমি যেন এক অন্ধকাৰ ভৱিষ্যতৰ পিনে গতি কৰিছো| আনকি চৰকাৰ পৰ্যায়ত দেখা দিয়া নানান অনীতি-অনিয়মে আমাৰ দেশক জুৰুলা কৰিছে| এইবোৰৰ সমাধান কেতিয়া আৰু কেনেকৈ হ’ব তাৰ কোনো আভাস পাবলৈ নাই| দেশে আজি বিচাৰিছে সু-নেতা আৰু ত্যাগৰ আদৰ্শৰে উদ্বুদ্ধ এক সৱল নেতৃত্ব| কিন্তু ই কেনেকৈ সম্ভৱ হ’ব তাৰ কোনো ইংগিত এতিয়ালৈ আমি দেখা নাই|

তথাপি গৌৰৱৰে ক’ব বিচাৰো এই দেশ মোৰ দেশ| এই দেশৰ মাটিত গজে সোণোৱালী ধান| বৈ যায় নৈ সাগৰলৈ| আছে মানুহৰ হিয়াত মৰম, চেনেহ, ভালপোৱা| ত্যাগৰ প্ৰতি শ্ৰদ্ধা আৰু আত্মীয়তা| কেৱল ৰুধিব লাগিব চতুৰ নেতাৰ চতুৰালি| এই দেশৰ মাটিতেই সবে মিলি পাতিব লাগিব জীৱন জগোৱা দিপাৱলী|

এই দেশ মোৰ দেশ, মই এই দেশৰ সন্তান, নাগৰিক আৰু এক সৈনিক|

শুভেচ্ছাৰে আজিলৈ সামৰিছো|

ইতি
মনোহৰ দত্ত
নলবাৰী|
২৫ আগষ্ট ২০১২

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!