সম্পাদকীয়: বুদ্ধিমান মূৰ্খ

লেখক- চিত্তৰঞ্জন ওজা

সাম্প্ৰতিক কালত বিশ্বৰ পাঠক সমাজত জনপ্ৰিয় হৈ পৰা তিনিটা শব্দ হ’ল – Inteligent yet idiot (IYI) – বুদ্ধিমান অথচ মূৰ্খ। আমেৰিকাৰ এজন জনপ্ৰিয় লেখক, ব্লগাৰ মাৰ্ক মেনচনে বুদ্ধিমান অথচ মূৰ্খ মানুহক লৈ এটা প্ৰবন্ধ লিখিছিল। লেখাটোৰ শিৰোনাম আছিল – “Intellectuals are F*cking Idiots“। অত্যন্ত জ্ঞানী ব্যক্তি কেইজনৰ বিষয়ে অধ্যয়ন কৰি তেওঁ তেনে ব্যক্তিৰ অকৰামিৰ কাৰণ উলিয়াবলৈ চেষ্টা কৰিছিল। তেনে এজন ব্যক্তি আছিল লণ্ডন বিশ্ববিদ্যালয়ৰ অধ্যাপক মেলকম কল্ডৱেল। তেওঁ আছিল সম্পূৰ্ণৰূপে মাৰ্ক্সবাদত বিশ্বাসী। তেওঁ দক্ষিণ এছিয়াৰ ইতিহাস গভীৰভাৱে অধ্যয়ন কৰিছিল। মাৰ্ক্সবাদে দক্ষিণ এছিয়াৰ সমস্যা সমাধান কৰিব বুলি তেওঁ অন্ত:কৰণেৰে বিশ্বাস কৰিছিল। ১৯৬০ চনত তেওঁ উত্তৰ কোৰিয়া ভ্ৰমণ কৰি একনায়ত্ববাদী শাসনৰ লাভালাভৰ বিষয়ে বক্তৃতা দিছিল। কম্বোডিয়াত যেতিয়া বাঁওপন্থী শিবিৰে শাসনভাৰ ল’লে কল্ডমেন উৎফুল্লিত হৈ পৰে। পিছে দুৰ্ভাগ্যবশত: কম্বোডিয়াৰ বাঁওপন্থী নেতা পল পটে দেশত একনায়কত্ববাদী স্বৈৰতন্ত্ৰ শাসন চলাবলৈ ধৰে। দেশৰ চৰকাৰক বিৰোধিতা কৰা বুলি লাখ লাখ সাধাৰণ জনতাক হত্যা কৰে। পল পটৰ অপশাসনৰ কথা বাতৰি কাকতত প্ৰকাশ পাবলৈ ধৰে। পিছে কল্ডৱেলে সামূহিক নৰহত্যাৰ খবৰবোৰ বিশ্বাসত লোৱা নাছিল, সোঁপন্থীৰ অপপ্ৰচাৰ বুলিহে ভাবিছিল। চাৰিটা বছৰৰ শাসন কালত হেনো কম্বোডিয়াৰ ২০% লোকক হত্যা কৰা হৈছিল। তেনে সময়তে ১৯৭৬ চনত কল্ডৱেলে কম্বোডিয়া ভ্ৰমণত ওলায়। দেশৰ পৰিস্থিতি অধ্যয়ন কৰি সৰ্বোচ্চ নেতা পল পটক লগ ধৰে। কথাৰ মাজত তেওঁ নিজৰ জীৱনযোৰা অভিজ্ঞতাৰে পল পটক কেনেদৰে দেশ শাসন কৰিব  লাগে সেই বিষয়ে কিছু উপদেশ দিয়ে। পল পটৰ অপশাসনৰ কিছু সমালোচনাও কৰে। সেয়াই আছিল কল্ডৱেলৰ মূৰ্খামি। সেইদিনাই লণ্ডন বিশ্ববিদ্যালয়ৰ বিদগ্ধ পণ্ডিতজনক হত্যা কৰা হয়। কিতাপৰ জ্ঞানে কল্ডৱেল মানুহজনক এনেদৰে মোহাচ্ছন্ন কৰি ৰাখিছিল যে বাস্তৱৰ পৃথিৱীত কি ঘটি আছিল তেওঁ বুজা নাছিল। বাস্তৱ জ্ঞানহীন বুধিয়ক ব্যক্তি এজনহে আছিল তেওঁ। উপযুক্ত সময়ত উপযুক্ত স্থানত নিজৰ জ্ঞানৰ প্ৰয়োগ কৰিবলৈ তেওঁ নাজানিলে। এজন হৃদয়হীন, বিবেকহীন একনায়কত্ববাদী নেতাক তেওঁ বুজাবলৈ গ’ল। তেওঁৰ ভুল সেইটোৱে আছিল।

 

১৯৬১ চনত জন এফ কেনেডিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি এগৰাকী ব্যৱসায়ী, উদ্যোগপতি ৰবাৰ্ট মেকনামাৰাক আমেৰিকাৰ প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্তি দিয়ে। সামৰিক যুদ্ধ সম্পৰ্কে ন্যূনতম জ্ঞান নথকা ব্যক্তিজনে সচিব পদত থাকি আমেৰিকাৰ সামৰিক শক্তিক নতুনতকৈ উজ্জীৱিত কৰিবলৈ লাগি যায়। তেওঁ বৈজ্ঞানিক পদ্ধতিত ডাটা বিশ্লেষণ কৰি দেখুৱালে যে ভিয়েটনাম দেশখনক আক্ৰমণ কৰি সহজে পৰাভূত কৰিব পাৰিব। যুদ্ধ আৰম্ভ হ’ল। মেকনামাৰাই গ্ৰাউণ্ড জিৰো বিশ্লেষণেৰে যুদ্ধৰ কৌশল সলনি কৰে। যুদ্ধ চলি থাকিল। বছৰ বছৰ দিন পাৰ হ’ল আমেৰিকাই যুদ্ধ জয় কৰিব নোৱাৰিলে। মেকনামাৰাৰ ভুল কোনখিনিত আছিল তাক বিশ্লেষণ কৰি মাৰ্ক মেনচনে পালে যে যিখিনি ডাটাৰ ওপৰত ভিত্তি কৰি যুদ্ধৰ কৌশল নিৰূপণ কৰা হৈছিল সেয়া শুদ্ধ নাছিল। আমেৰিকাৰ সৈনিক সেই সময়ত মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিছিল। ভিয়েটনামীসকলৰ মৃত্যুৰ ভয় সমূলি নাছিল আৰু দেশপ্ৰেম তেওঁলোকৰ দেহত শিৰাই শিৰাই বৈ আছিল যাৰ বাবে মৃত্যুক নেওচা দি সৰ্বশক্তিৰে যুদ্ধ কৰি থাকিল। মেকনামাৰাৰ বৈজ্ঞানিক গৱেষণা, ডাটা এনাইচিচ ভুল বুলি প্ৰমাণিত হ’ল কাৰণ সেই গৱেষণা কৰা হৈছিল ভুল তথ্যৰ ওপৰত। সৰ্বকালৰ বাবে এজন বুদ্ধিমান মূৰ্খ হিচাপে পৰিগণিত হ’ল মেকনামাৰ। 

ভাৰততো তেনে বহু ব্যক্তি দেখা পোৱা যায়। প্ৰশান্ত কিশোৰক আপোনালোকে সকলোৱে জানে নিশ্চয়। এজন ৰাজনৈতিক বিশ্লেষক হিচাপে তেওঁ ৰাজনৈতিক কৌশল নিৰূপণেৰে নিৰ্বাচনসমূহত একোটা ৰাজনৈতিক দলক অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত উল্লেখ কৰিব পাৰি ২০১২ চনত গুজৰাটত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এনডিএৰ জয়লাভ, ১৯১৫ চনত  বিহাৰ বিধানসভাত নিতীশ কুমাৰৰ বিজয়, ২০১৭ চনত পঞ্জাৱত কংগ্ৰেছে চৰকাৰ গঠন কৰা, ২০২১ চনত পশ্চিম বঙ্গত মমতা বেনাৰ্জীৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰা আদি তেওঁৰ বৃহৎ সফলতাৰ কিছু নিদৰ্শন। তেওঁ ভাৰতীয় জনতাৰ আশা আকাংক্ষাৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিব পাৰিছিল, সাধাৰণ জনতাক কেনেদৰে প্ৰলোভিত কৰি ভোট আদায় কৰিব পাৰি তাক ভালদৰে বুজি পাইছিল। প্ৰত্যকটো নিৰ্বাচনত প্ৰশান্ত কিশোৰে প্ৰতিটো সমষ্টিত মানুহ নিয়োগ কৰিছিল ডাটা সংগ্ৰহ কৰিবলৈ। তাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনী ৰণনীতি পৰিকল্পনা কৰিছিল। প্ৰশান্ত কিশোৰক যিটো দলে নিৰ্বাচনত সহায় কৰিবলৈ নিয়োগ কৰিছিল সেই দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। এজন সফল নিৰ্বাচনী বিশ্লেষক হিচাপে প্ৰশান্ত কিশোৰৰ আত্মবিশ্বাস বাঢ়ি গ’ল। জন সূৰজ দল গঠন কৰে। নিজৰ সকলো অভিজ্ঞতা, বুদ্ধি, কৌশলক সাৰথি কৰি ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত নামি গ’ল। ২৩৮ সমষ্টিত নিজৰ দলৰ প্ৰাৰ্থীক থিয় কৰালে। নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল- জন সূৰুজ দলৰ ২৩৮ প্ৰাৰ্থীৰ এজনো জিকিবলৈ সক্ষম নহ’ল। আনকি ২৩৬ গৰাকী প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুৱালে। প্ৰশান্ত কিশোৰ এখন যুদ্ধতে হিৰোৰ পৰা জিৰো হৈ পৰিল। তেওঁৰ বিফলতাৰ কাৰণ কি বাৰু? হয়তো নিজৰ ক্ষেত্ৰত তেওঁ সঠিক সিদ্ধান্ত ল’ব নোৱাৰিলে। হয়তো তেওঁৰ আত্মবিশ্বাস ইমান বাঢ়ি গ’ল যে নতুনকৈ খোলা দলটোৰ কোনো সাংগঠনিক ভেটি গঢ় নিদিয়াকৈ নিৰ্বাচনত নামি পৰিল। বাস্তৱ পৃথিৱীখন দৰাচলতে গৱেষণাৰ পৃথিৱীখনতকৈ বেলেগ, প্ৰশান্ত কিশোৰে পুনৰবাৰ আমাক মনত পেলাই দিলে। 

অসমত এজন হৃদৰোগৰ চিকিৎসক আছিল। বিদেশত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা চিকিৎসকজনে সোণাপুৰত নিজাকৈ এখন ক্লিনিক খুলিছিল। চিকিৎসকজনে সাধাৰণ কটা চিঙাৰ বাবে এটা অস্ত্ৰোপচাৰ কক্ষ নিৰ্মাণ কৰি বিশেষ গৱেষণা নকৰাকৈয়ে এজন ব্যক্তিৰ হৃদযন্ত্ৰ কাটি উলিয়াই গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰে। লগে লগে মানুহজনৰ মৃত্যু হ’ল। তেনে এটা বৃহৎ অস্ত্ৰোপচাৰ কৰিবলৈ হাস্পতালখনত কোনো আন্ত:গাঁথনি নাছিল, কোনো আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈজ্ঞানিকৰ গৱেষণাৰে প্ৰলুব্ধ হৈ আগবঢ়া নাছিল। মন গ’ল- গতিকে গিনিপিগ হিচাপে ব্যৱহাৰ কৰি মানুহজনৰ দেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ কাটি নিজাকৈ পৰীক্ষা কৰিলে। এয়া এক বুদ্ধিমান মূৰ্খৰ কাম নহয় নে? চিকিৎসকজনে ইয়াৰ পিছতো কেঞ্চাৰ ৰোগ, এইছ আই ভি ৰোগৰ প্ৰতিৰোধৰ টিকা প্ৰস্তুত কৰি বহু ৰোগীৰ দেহত পৰীক্ষা কৰি চালে। বহুতে হাজাৰ হাজাৰ টকা দি বহু জটিল ৰোগৰ চিকিৎসা কৰালে। আচৰিত কথা ডাক্তৰজন কেৱল হৃদৰোগ বিশেষজ্ঞহে আছিল। কিমান ৰোগী তেওঁৰ চিকিৎসাত ভাল হ’ল আমাৰ হাতত কোনো তথ্য নাই। ভুল চিকিৎসা লৈ মৃত্যু মুখত পৰা বহু ৰোগীৰ বিষয়ে আমি জানো। 

দেশ এতিয়া বুদ্ধিমান মূৰ্খৰে ভৰি পৰিছে। সামাজিক মাধ্যমত নতুন নতুন গৱেষক ওলাইছে। তেওঁলোকে ইতিহাস বিনিৰ্মাণ কৰি আমি সৰুতে পঢ়া বুৰঞ্জীৰ কথাবোৰ ভুল বুলি প্ৰমাণ কৰিবলৈ লাগি গৈছে। নতুনকৈ ইতিহাস ৰচনা কৰি আমাৰ আগত উপস্থাপন কৰিছে, আমি সঁচা বুলি গ্ৰহণ কৰিছোঁ। ধৰ্মক অগ্ৰাধিকাৰ দিয়ক, বিজ্ঞানক নহয় – আমাৰ আগত যুক্তি দাঙি ধৰিছে, আমি হয় বুলি মানি লৈছো। আমাক কৈছে অংগ সংৰোপণ, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ, নিউক্লিয় অস্ত্ৰৰ প্ৰয়োগ  ভাৰতবৰ্ষত বহু হাজাৰ বছৰ আগতে হৈছিল, আমি সঁচা বুলি কৈছোঁ। চাৰিহাজাৰ-পাঁচহাজাৰ বছৰ আগৰ ভাৰতবৰ্ষক আমি নতুনকৈ দেখা পাইছোঁ কেইজনমান IYIৰ জৰিয়তে। হাজাৰ বছৰ আগত লিখি থৈ যোৱা গৱেষণামূলক গ্ৰন্থসমূহক আলম কৰি ভাৰতবৰ্ষ আজি বিশ্বৰ ভিতৰত সৰ্ব শক্তিমান দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব – আমাক কৈছে, আমি মানি লৈছো। কেইগৰাকীমান IYIৰ জৰিয়তে আজি সমাজত নতুন বাকধাৰা সৃষ্টি হৈছে। সেই বাকধাৰাত আমি উটি যাবলৈ ওলাইছো। কিন্তু এটা কথা ঠিক যে তেনে বুদ্ধিমান মূৰ্খক আমি অতি সোনকালে চিনি পাবলৈ সক্ষম হ’ম। তাৰ বাবে হয়তো অলপ সময়ৰ প্ৰয়োজন হ’ব।   

   

 

 

     

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments