সম্পাদকীয় (ৰিদিপ কুমাৰ নাথ – মুখ্য সম্পাদক, ১৫ চেপ্তেম্বৰ,২০১১ সংখ্যা)

সম্পাদকীয়

বুকু হম হম কৰে মোৰ আই

কোনে নিদ্ৰা হৰে মোৰ আই

পুত্ৰ হৈ ম‍ই কি মতে তৰোঁ

আই তোৰে হৈ ম‍ই মৰোঁ…..

 
সেইজন ভূপেন দা, যিজনে উদ্দাত্ত কন্ঠেৰে জনসাধাৰণক জাগ্ৰত কৰি অসমী আইৰ উন্নতিৰ হকে দেহে-কেহে খাটি আহিছে, সেইজন ভূপেন দাৰ ৮৫তম জন্মদিনত অসমী আইৰ পৰা সুধাকন্ঠ পুত্ৰই উপহাৰ হিচাবে কি কি পালে নাজানোঁ, কিন্তু নিজ মাতৃৰ দেহৰ মঙহৰ এটা অংশ খহি পৰা কাহিনীয়ে হয়তো ৮৫তম জন্মদিনটো দুখৰ প্ৰচ্ছায়াৰে আৱৰাই ৰাখিব। ভূপেন দাৰ অসমবাসীৰ বাবে থকা মৰম, ভাল-পোৱাৰ এনাজৰীডাল আমি প্ৰত্যেকেই তুলি নল’লে অনাগত সময়ত হয়তো ইয়াতকৈয়ো দুখজনক খবৰে আমাৰ বাবে অপেক্ষা কৰি থাকিব পাৰে। অসমীয়া হিচাপে বৰ্তমান সময়ত বৃহৎ নদী-বান্ধৰ বিৰোধিতা কৰাৰ উপৰিও আমাৰ অন্যতম প্ৰধান দায়িত্ব হৈছে অসমীয়া লিপিটোক সম্পূৰ্ণৰূপে স্বাধীন লিপি হিচাপে ইউনিকোডত স্থান দিবৰ বাবে সংগ্ৰাম কৰা। এইখিনিতে এটা প্ৰশ্ন জাগিব পাৰে যে যদি স্বাধীন অসমীয়া লিপিয়েই না‍ই তেন্তে এই সম্পাদকীয়টোনো কি লিপিৰে লিখা হৈছে ? হয়, এই লিখনিটো অসমীয়া লিপিৰেই লিখা হৈছে। কিন্তু অসমৰ বাহিৰৰ অনা-অসমীয়া ব্যক্তি এজনক যদি এই অনুৰূপ প্ৰশ্নটো কৰা যায়, তেন্তে উত্তৰ হয়তো আহিব পাৰে অন্যধৰণে। সেই ব্যক্তিজনৰ মুখত হয়তো উত্তৰ হিচাপে ওলাব পাৰে যে এই লিখনিটো বাংলা লিপিৰেহে লিখা হৈছে। কাৰণ ইউনিকোড পদ্ধতিত আৰু আন বিভিন্ন ঠাইত অসমীয়া লিপিটো বাংলা লিপিৰ অধীন বুলিহে উল্লেখ কৰা আছে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে কম্পিউটাৰ অসমীয়া নাইবা যিকোনো আঞ্চলিক ভাষাত ব্যৱহাৰ কৰিবলৈ হ’লে ইউনিকোডৰ বিকল্প না‍ই। প্ৰকৃততে অসমীয়া লিপিৰ ইতিহাস বাংলা লিপিতকৈও পুৰণি। উপৰোক্ত প্ৰশ্নটো যিকোনো ব্যক্তিকেই সুধিলে সেই ব্যক্তিজনৰ পৰা উত্তৰটো আমি নিজে দিব বিচৰা ধৰণেই নিশ্চয় আশা কৰিম। যদি সঁচাকৈ সেইটোৱেই বিচাৰোঁ তেন্তে তাৰ বাবে আমি তৃণমূল পৰ্যায়ৰ পৰা আগবাঢ়ি ইউনিকোডত অসমীয়া ভাষাক সুকীয়া স্থান দিবৰ বাবে ভাৰত চৰকাৰক ইউনিকোডৰ লগত যোগাযোগ কৰিবলৈ সৈমান কৰাব লাগিব। ৰাইজে নখ জোকাৰিলে নৈ নোবোৱাৰ কোনো কাৰণ নাই। সেইটো নকৰি যদি আমি হাত সাৱতি বহি থাকোঁ তেন্তে নিজৰ খেতিৰ ফচল আনক ভোগ কৰিবলৈ সুযোগ দি হাঁহিমুখে শুই থকাৰ নিচিনাই নহ’ব জানোঁ? আপোন লিপিৰ স্বীকৃতিৰ বাবে সংগ্ৰামৰ প্ৰথম পদক্ষেপ হিচাপে আমি সকলো একগোট হোৱাতো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। অন্যথা, বাহিৰৰ সুবিধাবাদী অপশক্তিয়ে ইংৰাজসকলৰ নিচিনাকৈ “ডিভাইড এণ্ড ৰুল” নীতিৰে চিৰদিনৰ বাবে আমাৰ নিজৰ লিপিটো‍ও তেওঁলোকৰ অধীন কৰি ৰখাৰ সম্ভাৱনা‍ই অধিক। পৃথক ইকৰা এডালৰ দুৰ্বলতা আৰু একগোট কৰা ইকৰাৰ সবলতাৰ বিষয়ে আমি সকলোৱেই জ্ঞাত। গতিকে জানি-বুজিয়েই আমি পৃথক ইকৰা এডাল হ’বলৈ যোৱাৰ প্ৰশ্ন‍ই নুঠে। গতিকে আহক ইকৰাৰ গোটৰ শক্তি দেখুৱাই বিৰোধিতা কৰোঁ আমি বৃহৎ নদীবান্ধৰ, স্বতন্ত্ৰ কৰোঁ আমাৰ লিপি, আমাৰ ভাষা, আমাৰ স্বাভিমান। ভূপেন দাৰ দীৰ্ঘায়ু কামনা কৰি তেখেতৰ অনাগত ৮৬তম জন্মদিনত যাতে উপহাৰ হিচাপে আমি সুধাকন্ঠক দিব পাৰোঁ স্বাধীন অসমীয়া লিপি, তাৰ বাবে সকলোৱে একগোট হৈ আগবাঢ়ি আহোঁ আহক। ভূপেন দাৰ ভাষাৰে..
 

আহ আহ ওলাই আহ সজাগ জনতা

আহ আহ ওলাই আহ পোহৰ আনোতা

ৰামৰে দেশতে থকা ৰাৱণ বধোতে

যায় যদি যায় জীৱনটো যাক…

 

ৰিদিপ কুমাৰ নাথ

অভিযান্ত্রিকৰ ছাত্র, ভাটিণ্ডা, পঞ্জাৱ

Subscribe
Notify of

8 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অঞ্জল বৰা
12 years ago

সুন্দৰ সম্পাদনা, সুন্দৰ সম্পাদকীয়… সুন্দৰ আৰম্ভণি সুন্দৰ সমাপ্তি৷

দেৱব্ৰত গগৈ
12 years ago

এইবাৰৰ সম্পাদকীয়টো কাৰোবাৰ বাবে এক সমুচিত উত্তৰ হৈছে ।

Devajeet Das
12 years ago

Very nice written Ridip in the Editorial Board. Really you have got talent.

PRADYUT JYOTI SAIKIA
12 years ago

বৰ সময়োপযোগী|

Madan Rajbongshi
12 years ago

Bar val lagil .

saddam
12 years ago

Bahut dinor porai akha korisilu…axomiya bhakhar chintaniyo site bonabo parile kiman dhuniya hoy ! Xahitya.org e ashapurno korile…unicode bihone html coding r dwara akhomia likhibo nuarine ?

দিগন্ত শইকীয়া
11 years ago

অসমীয়া ভাষা নিজৰ লিপি(ইউনিকোড) ৰে লিখি আপোনজনৰ লগতে দহৰ লগত মনৰ ভাৱ প্রকাশ কৰাৰ এয়ে উপযুক্ত সময় ৷

Aftar HussaIN
11 years ago

It is a good appeal for Assamese. But remember some people of Assam never thought that we are also Assamese. They always separate us from Assamese.

Copying is Prohibited!