সম্পাদকীয় (মনোৰঞ্জন মজুমদাৰ – মুখ্য সম্পাদক, ১৫ অক্টোবৰ,২০১১ সংখ্যা )
সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে
সুন্দৰৰ মন্ত্ৰ লৈ আমাৰ পদূলিলৈ আকৌ আহিল শাৰদীৰাণী ৷ সুনীল আকাশৰ কপহুৱা ডাৱৰৰ ফাঁকেদি সৰকি অহা পুৱাৰ বেলিৰ হাঁহি, নিয়ৰত সেমেকা সেউজীয়া দুবৰি, এনিশাৰ আয়ুসেৰে আয়ুষ্মান তলসৰা শেৱালিৰ শুভ্ৰ দলিচা, সেউজীয়া গেৰ মেলা ধাননি এই সকলোবোৰে আগমণী গীত গাই আদৰি আনে শৰতক ৷ এই শৰততে উৎসৱে পোহাৰ মেলে ৷ সকলোৱে জাতি-উপজাতিৰ ভেদাভেদ পাহৰি মানুহ হোৱাৰ সপোন দেখে এই উৎসৱসমূহত ৷ শৰতে এইদৰে সকলোৰে মনলৈ কঢ়িয়াই আনক ভাতৃত্ববোধ, শান্তি আৰু মানৱতাৰ মন্ত্ৰ এয়াই আমাৰ কামনা ৷
সাগৰ সংগমত কতনা সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত
নিজৰ জীৱন পথত কাহানিও ক্লান্ত নোহোৱা এক দুৰন্ত তৰুণ ড০ ভূপেন হাজৰিকা ৷ আমাৰ সকলোৰে চিনাকী ভূপেনদা, কাৰোবাৰ বাবে ভূপেন মামা আৰু আন কাৰোবাৰ বাবে আন আত্মীয় সম্বোধন ৷ ভূপেন হাজৰিকা এনে এক ব্যক্তি যি জীৱিত কালতেই পৰিগণিত হৈছে এক মহৎ অনুষ্ঠানলৈ ৷ ভূপেন হাজৰিকাক তুলনা কৰিব পাৰি কেৱল ভূপেন হাজৰিকাৰ সৈতে ৷ অতুলনীয় সংগীত সত্বাৰ অধিকাৰী তেখেতৰ গীত সমগ্ৰ পৃথিৱীৰ মানুহৰ বাবে চিনাকী ৷ তেওঁৰ গীতত সাৰ্বজনীন অনুভৱৰ মূৰ্ত প্ৰকাশ ঘটিছে ৷ বৰ্তমান সময়ত শাৰীৰিক অসুস্থতাত ভূগি থকা এইজন মহান শিল্পীৰ আশু আৰোগ্য কামনা কৰিলোঁ এই লেখাৰ জৰিয়তে ৷
জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই
অসমীয়া সাহিত্যলৈ এক অনন্য মাত্ৰা কঢ়িয়াই অনা গল্পকাৰ, ঔপন্যাসিক তথা সাহিত্যৰ গৱেষিকা ড০ মামণি ৰয়ছম গোস্বামী এক অনুপম ব্যক্তিত্ব ৷ তেওঁৰ ৰচনাত প্ৰতিফলিত হৈ উঠে বৰ্তমান সমস্যাজৰ্জৰ মানুহৰ সামাজিক, মানসিক তথা অৰ্থনৈতিক সমস্যা, সাধাৰণ মানুহৰ জীৱন প্ৰণালী তথা সুখ দুখৰ ছবি, নাৰীৰ মনঃস্তত্বৰ চিত্ৰ ৷ তেওঁৰ ৰচনাৰ চৰিত্ৰসমূহৰ মাজেদি মানৱীয় প্ৰমূল্যবোধৰ নিখুঁত ভাস্কৰ্যৰ সৃষ্টি কৰিছে ৷ প্ৰায় অৰ্ধশতিকা জুৰি অসমৰ সাহিত্য তথা গৱেষণা সাহিত্যলৈ অৱদান আগবঢ়োৱা মহীয়সী নাৰীৰ দীৰ্ঘ জীৱন তথা সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনালো ৷
আমাৰ ক’বলগীয়া
এটা সপোনে পাহি মেলিছিল আৰু জন্ম হৈছিল এক মহৎ সৃষ্টিৰ- সাহিত্য ডট অৰ্গ ৷ ই হ’ল এনে এখন সৃষ্টিৰ কঠিয়াতলী য’ত নবীনসকলে পায় অংকুৰণৰ সুস্থ বাতাৱৰণ আৰু প্ৰবীণসকলৰ সৃষ্টিৰ শীতল ছায়াই প্ৰদান কৰে অনুপ্ৰেৰণা ৷ এনে এক মহৎ কাৰ্যৰ অংশীদাৰ হ’বলৈ পাই পুলকিত হৈ পৰিছে মন ৷ সাহিত্য ডট অৰ্গৰ তৃতীয় সংখ্যাটিৰ সম্পাদনাৰ ভাৰ এই অভাজনক দিওঁতে আমাৰ অনভিজ্ঞতাৰ বিষয়ে ভাবি চিন্তিত হৈছিলো ৷ এখন আলোচনীৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰাসংগিক ৰচনা নিৰ্বাচন কৰাতো এক ভাল ৰচনা সৃষ্টিৰ দৰেই কঠিন কাম ৷ কিন্তু সম্পাদনামণ্ডলীৰ সকলো সদস্যয়ে সহায়, স্নেহভৰা আশ্বাস তথা অসমীয়াত কথা-বতৰা গোটৰ সদস্যসকলৰ সহযোগিতাই এই কাৰ্য সম্পাদন কৰাত প্ৰভূত বৰঙণি আগবঢ়ালে ৷ আমাক প্ৰদান কৰা দায়িত্ব পালনৰ ক্ষেত্ৰত কিমান সফল হৈছোঁ তাৰ বিচাৰ পাঠকলৈ এৰিলো ৷ শেষত, আমাৰ দ্বাৰা সম্পাদিত এই সংখ্যাৰ আলোচনীখনৰ অজ্ঞতাৰ বাবে ৰৈ যোৱা ভুল-ত্রুটী আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ’ম আৰু পৰৱৰ্তী সময়ত এনে ভুলৰ পৰা হাত সৰাৰ প্ৰেৰণা পাম ৷
আমি কৃতজ্ঞ
সাহিত্য ডট অৰ্গৰ সমূহ প্ৰশাসকবৃন্দ, যিসকলে মোক এই দায়িত্বৰ বাবে যোগ্য বুলি ভাবিলে ৷
মোক লেখা নিৰ্বাচন তথা সম্পাদনাত সহায় কৰা মিতালী বৰ্মণ বাইদেউ আৰু বৰ্ণালী হাজৰিকা বাইদেউৰ ওচৰত ৷
অসমীয়াত কথা-বতৰা গোটৰ সমূহ সদস্য-সদস্যাৰ ওচৰত ৷
লগতে অসমীয়াত কথা-বতৰা গোটৰ সক্ৰিয় সদস্যা সুস্মিতা বৰাৰ ওচৰত কৃতজ্ঞতা জনালো ৷
– মনোৰঞ্জন মজুমদাৰ
Aji pratham barar babe Xaitya.org website to khuli moi abhibhut hoi parisu…aponalokaloi mor aantarik subheshya thakil…kintu axamiya lipit likhib nuwara babe mor axsep thaki gol…