সম্পাদকীয় (ৰাজীৱ ৰঞ্জন নাথ)
কিছু চিন্তা: অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ
“অ’ তুলতুল অ’ বুলবুল অ’ সেউতী তৰা
লুকা-ভাকু ভাল নালাগে খেল কইনা-দৰা…..”
সত্তৰৰ দশকৰ শেষভাগত আৰু আশীৰ প্ৰথমভাগত জন্ম হোৱা বহুতৰে স্মৃতিৰ মোনাত থুপ খাই আছে বহু কথা, বহু ঘটনা যিবোৰ হয়টো ৯০-ৰ পাছৰ প্ৰজন্মই অনুধাৱন কৰিবলৈ হয় অক্ষম, নহয় কষ্ট পাব। এটা যুগসন্ধিৰ প্ৰজন্ম বুলি ক’ব পাৰি এইসকলক যি প্ৰতি খোজতে অনুভৱ কৰে এৰি অহা দিনবোৰ, যি প্ৰতি খোজতে তুলনা কৰে আজিৰ আৰু অতীতৰ কাহিনীৰ, চৰিত্ৰৰ। বাঁহৰ মুঢ়া, আৰু বগৰীৰ গুড়াৰ কথা পতা, গীত গোৱা এই সকলে আজিৰ প্ৰজন্মৰ প্ৰিয় বেছিভাগ কথা বা বস্তুৰ লগত সহাৱস্থান কৰিবলৈ যাওঁতে সন্মুখীন হয় অজস্ৰ সমস্যাৰ। কিন্তু সামাজিক জীৱনৰ গতিৰ দিশ যে সদায় সন্মুখলৈ। অতীতত এখন ভৰি ৰাখি আনখন ভৰি বৰ্তমানত দিওঁতে পিছলি নপৰাৰ চেষ্টাতেই চলি আছে আমাৰ জীৱনবোৰ। হয়তো লাহে লাহে দুয়োখন ভৰি বৰ্তমানলৈ আহিব। হয়তো অতীতক নাপাহৰাকৈয়ে আমিবোৰ সক্ষম হ’ম এদিন আজিৰ যুগৰ লগত একেলগে খোজ কাঢ়িবলৈ। তুলতুল আৰু বুলবুল, এই নামবোৰ নুশুনিলেও হয়তো আমি আমাৰ নৱপ্ৰজন্মক সাধুকোৱাৰ নিচিনাকৈয়ে পৰিচিত কৰাই দিব পাৰিম এৰি অহা অতীতৰ এনে বহু দিশৰ লগত, মানৱীয় প্ৰমূল্য তথা আচাৰ ব্যৱহাৰৰ লগত যাৰ আজিৰ এই বতাহৰ গতিত আগবঢ়া ২১ শতিকাৰ জীৱনত মূল্য অপৰিসীম। সঁচা কথা, হয়তো অতীতৰ বহু কথাই আজিৰ যুগত খাপ নাখাব। কিন্তু এনে বহু দিশ, কথা আছে যিবোৰৰ প্ৰয়োজন নৱপ্ৰজন্মৰ কাৰণে সৰ্বাধিক। অগ্ৰজসকলেই দিব পাৰিব লাগিব অনুজসকলক অতীতৰ বতৰা, জগাই তুলিব পাৰিব লাগিব মানৱীয় প্ৰমূল্যবোধৰ সেই দিশবোৰৰ যিবোৰৰ অবক্ষয়েই প্ৰধান কাৰণ হৈ পৰিছে আজিৰ যুৱ উশৃংখলতাৰ।
গীতিমালিকা, পুৱাৰ আঞ্চলিক বাতৰিৰ নীৰেণ বৰুৱা আৰু তাৰ পাচত চিত্ৰগীত: প্ৰতিদিন বিদ্যালয়লৈ যোৱাৰ সময়খিনিৰ এক চিৰ পৰিচিত দৃশ্য এইয়া। আজিৰ ‘চেটেলাইট চেনেল’ৰ যুগত হয়টো অনাদৃত হৈ পৰিল সেই পুৰণা ‘মাৰ্ফী ৰেডিঅ” বা অনাতাঁৰ কেন্দ্ৰৰ বহু মন পৰশা অনুষ্ঠানৰ। ৰৈ গ’ল মাথো স্মৃতি: জেঠ মাহৰ দেওবৰীয়া দুপৰীয়াবোৰত ঘৰৰ সকলোৱে একেলগে বহি শুনা ‘আইদেউৰ বুলনি’, কল্পতৰু আৰু সেই সজীৱ অনাতাঁৰ নাটকবোৰৰ। আজিৰ প্ৰতিযোগিতাৰ জগতখনত সময় নাই পিতৃ-মাতৃৰ, সময় নাই শিশুসকলৰ। ‘হ’মৱৰ্ক’ৰ মেটমৰা বোজাৰ মাজত যান্ত্ৰিক জীৱন আমাৰ সকলোৰে। হয়টো নজনাকৈয়ে আমি বঞ্চিত কৰিছোঁ আমাৰ উত্তৰ পুৰুষক এনে বহু কথাৰ, এনে বহু অনুভূতিৰ সোৱাদ লোৱাৰ পৰা যি বোৰে প্ৰভাৱ পেলাইছে আমাৰেই সামাজিক জীৱনত। দোষ কাৰ সেইটো ভাবি সময় অপচয়ৰ বাহিৰে অন্য কিবা লাভ হ’ব বুলি বোধ নহয়। কিন্তু অভিভাৱকসকলে অকণমান চেষ্টা কৰিলে, অকণমান ত্যাগ কৰিলে নিশ্চয়কৈ গঢ়ি তুলিব পাৰে এক সুন্দৰ সাংস্কৃতিক পৰিবেশৰ নিজৰ ঘৰখনত। আমাৰ সমাজত এতিয়াও আছে এনে বহু পৰিয়াল যি কষ্ট কৰি, মৰম আৰু বিশ্বাসেৰে নিজৰ কণমানি কেইটিক কৰি তুলিব পাৰিছে সাংস্কৃতিকভাৱে উদ্বুদ্ধ। জাতীয় চেতনা, জাতীয়তাবাদ আৰু ভাষা প্ৰেম: এইকেইটাৰ বীজৰোপণ কৰাৰ একমাত্ৰ ঠাই নিজৰ ঘৰখন। আৰু এইটো কৰিবলৈ যাওঁতে কোনো ৰাজনীতি, দুৰ্নীতি বা বিশ্বায়নৰ কথা নাহে। কথা আহে আন্তৰিকতাৰ। কথা আহে আমাৰ নিজৰ সচেতনতাৰ। আমাৰ প্ৰতিখন ঘৰত আমি যদি গঢ়ি তুলিব পাৰোঁ এনে একোটি পৰিবেশৰ য’ত গঢ় লৈ উঠিব পাৰে একো একোটি সু-সংস্কৃতিৱান মনৰ, য’ত প্ৰাধান্য পায় মানৱীয় প্ৰমূল্যবোধে, য’ত ঠাই পায় ভাল কথা, ভাল চিন্তাই, তেনেহ’লে আমি ভয় কৰিবলগীয়া একো নাথাকিব। আজিৰ যুৱ উশৃংখলতাৰ বাবে আমি দায়ী কৰা যুৱচাম বিদেশৰ পৰা অহা নাই, তেওঁলোক আমাৰেই সন্তান আৰু আমাৰে সৃষ্ট এই ব্যাধি। আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়ো আমাৰ নিজৰ হাততে। অতীত আৰু বৰ্তমানৰ সহাৱস্থানতে গঢ় লৈ উঠে ভৱিষ্যত। ঠিক ‘টোপাল টোপাল কৰি, ডাৱৰৰ পানী পৰি, ভৰি গ’ল বহল সাগৰ’ৰ দৰেই আমাৰ প্ৰতিটো কৰ্ম, প্ৰতি খোজ আৰু প্ৰতিটো চিন্তাই গঢ় দিব পাৰে এখন এনে সমাজৰ য’ত থাকিব সকলোবোৰ ভাল লগা কথা, সকলোবোৰ ভাল লগা অনুভূতি, ভাল লগা মানুহ। আত্ম সচেতনতা, আত্মবিশ্বাস আৰু প্ৰেমৰে গঢ়ি তুলিব পাৰোঁ আমি একো একোখন আদৰ্শ ঘৰ, আদৰ্শ সমাজ, আদৰ্শ দেশ।
সংগ্ৰাম আন এটি নাম জীৱনৰে
চাৰিওফালে এটা ভয় লগা পৰিবেশ, প্ৰতি দিনেই বাতৰি মাথো হত্যা-ধৰ্ষণ-চুৰি-ডকাইতিৰ। সুস্থ মানসিকতাৰে জীয়াই থাকিব পৰাটো যেন হৈ পৰিছে এক অবিৰত সংগ্ৰাম। জীয়াই থকাৰ এই সংগ্ৰামখনত, ঘাত-প্ৰতিঘাতবোৰৰ সাহসেৰে সন্মুখীন হ’বলৈ কিছুমান কাৰকৰ প্ৰয়োজন হয়। প্ৰেম, বিশ্বাস, ভালপোৱা, এইবোৰে দিব পাৰে একোটা হাৰি যাবলৈ বিচৰা মনক এক অনবদ্য সাহসৰ, যি সাহসে গঢ়ি তুলিব পাৰে একো একোখন নতুন পৃথিৱী, প্ৰতিটো মনৰ মাজত। সেই পৃথিৱী জীপাল হৈ পৰে সকলোবোৰ ভাল লগা বস্তুৰে, ভাল গুণেৰে, ভাল লগা মানুহেৰে, ভাল লগা আৱেগেৰে। প্ৰেম এটা অনুভৱ; মৰম, বিশ্বাস, সততা, দয়া, অনুকম্পা আৰু অনুৰাগে বান্ধে ইয়াৰ ভেঁটি। ভেঁটিটো সুদৃঢ়, মজবুত হ’লেহে জীৱনটো সুন্দৰ হ’ব। ঠুনুকা ভেঁটি ভাঙিবলৈ বেছি সময় নালাগে। এই গুণবোৰ, অনুভূতিবোৰ সৰুৰে পৰাই যদি আমি আমাৰ শিশুবোৰক নিশিকাওঁ তেনেহ’লে পাছত আমি আমাৰ উত্তৰ পুৰুষক জগৰীয়া কৰাৰ অধিকাৰ নাথাকিব। পিতৃ-মাতৃ তথা অভিভাৱক হিচাপে এই ক্ষেত্ৰত আমাৰ কৰণীয় তথা দায়িত্ব সবাতোকৈ অধিক। কাৰোবাক কিবা এটা শিকাবলৈ যাওঁতে আমাক প্ৰয়োজন হ’ব প্ৰথমে আমাৰ নিজৰ মাজত এই সকলোবোৰ ভাল গুণ বিকশিত কৰাৰ। গতিকে আহক, আমাৰ মনৰ মাজত জীপাই তোলোঁ প্ৰেমৰ অমল অনুভৱ। ভাল পাবলৈ শিকোঁ নিজক, নিজৰ ঘৰখনক, পিতৃ-মাতৃ-ভাই-ভনীক, বাস কৰা সমাজখনক, জন্মভূমিক, মাতৃভাষাক, পৃথিৱীক, প্ৰকৃতিক, চৰাই-চিৰিকটি-জীৱ-জন্তুক।
বিনম্ৰতাৰে-
ৰাজীৱ ৰঞ্জন নাথ
বেংগালুৰু
(১৪ ফেব্ৰুৱাৰী ২০১৩)
সম্পাদকীয়টো পঢ়ি ভাল লাগিছে । পিছে এইক্ষেত্ৰত আমাৰ চাৰিওফালৰ পৰিবৰ্তিত সমাজখনলৈও চাব লাগিব । আজিৰ পৰা মাথো বিছ বছৰৰ আগতে অন্ততঃ অসমীয়া সমাজত এনে ধৰণৰ এক ৰুদ্ধশ্বাস পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল । এখন সমাজ সঁচাকৈয়ে আছিল । যিখন সমাজৰ এক কংকালহে মাথো অৱশিষ্ট ৰূপত আজি বৰ্তি আছেগৈ ।
এইবোৰৰ এক সুস্থ পৰিৰ্ৱতন লাগে । অৱশ্যে নতুন মানেই যে বেয়া তাকো কব নোৱাৰি ।