সম্পাদকীয় – দীপাংকৰ দত্ত

১.
ক’ৰবাত কিবা এটা বাজি আছে৷ দুঃসময়ৰ কৰুণ এটা সুৰ৷ মাজে মাজে ভাবোঁ ক’ৰ পৰা আহিছে সেই সুৰ, মাজে মাজে ভাবোঁ বহু দূৰৈৰ পৰা ভাঁহি আহিছে৷ সময় এনেদৰে আগৰ দৰে বৈ গৈ আছে৷ আমাৰ বুকুৰ মাজেৰে, আগৰ দৰেই চিৰপ্ৰবাহমান সময়, ছন্দায়িত তাৰ গতি৷ কিন্তু, পিচ মুহূৰ্ততে আকৌ ভাবোঁ- নহয়, সেই সুৰবোৰ আমাৰ বুকুৰ ভিতৰৰ পৰা আহিছে, তেনেহ’লে চাগে’ সময় আগৰ দৰে প্ৰবাহিত হৈ থকা নাই৷ সময় ক’ৰবাত ৰৈয়ো গৈছে, ছন্দায়িত সময় ক’ৰবাত থূপ খাইছে, মৰাসুঁতিৰ দৰে বুকুৰ নিজানত কৰুণ সুৰ জুৰিছে৷

সময় এনেদৰে ৰৈ যোৱাতো ভাল কথা নহয়, আবেগিক সময়ক বুকুৰ পদূলিত ৰাউচি জুৰিবলৈ এৰি দিয়াতো ভাল কথা নহয়৷ চিৰন্তন সময়ক মকৰাজালত ওলোমাই থোৱা ভাল কথা জানো?

মাজে মাজে বহু কথাই ভাবোঁ, লাহে লাহে চকুৰ পোহৰ হেৰুৱাই পেলোৱা কাব্যঋষিগৰাকীৰ কথা, জয়ানগৰৰ ঘৰটোৰ পৰা তেওঁ জিলিমিলকৈ দেখে লুইতৰ দুয়োপাৰৰ মানুহৰ উদ্বিগ্নতা৷ আমাৰ প্ৰিয় নৈখনৰ মানুহবোৰৰ বিচিত্ৰ শোভাত কোনে মেলি দিয়ে ক’লীয়া মেঘ? তেওঁ চাই থাকে.. মানুহক বুকুভৰি ভালপোৱা কবিগৰাকীয়ে..৷
সপোনৰ বকুল বুটলি বুকুৰ গানেৰে জীপাল কৰিব খোজা সেই শিল্পীৰ চকুতো আবেলিৰ ছায়া, কোলাহলৰ মাজতো নীৰৱ শিলপুখুৰী৷ মাজে মাজে এই চিৰন্তন মানুহৰ প্ৰেমিকবোৰৰ কথাই ভাবি থাকো, ভাবি থাকো তেওঁলোকৰ মাজেৰে বৈ যোৱা সময়ে তেওঁলোকক কিনো দিলে নে তেওঁলোকে নিজৰ সময়খিনিক সজাই তুলিলে একোটা কবিতাৰ দৰে.. একোটা গানৰ দৰে..৷

আমাৰ মাজেৰে এতিয়াও সেই দুটা ক’লা ঘোঁৰা দৌৰি ফুৰে৷

আমি এদিন সকলো একেলগে আছিলোঁ৷ আমাৰ মাজত কোনো বিভিন্নতা নাছিল, নাছিল সীমাক লৈ অৰিয়াঅৰি, ধৰ্ম জাতি জনগোষ্ঠীক লৈ নাছিল কোনোদিনে দ্বন্দ্ব্ব, তোমালোকৰ বুকুৰ গান আমি গাইছিলোঁ, তোমালোকেও শুনি আছিলা আমাৰ পিতামহ প্ৰপিতামহে বিলাই যোৱা চিৰন্তন গাথা৷

২.
আমি ক’ত হেৰুৱাই পেলাইছোঁ আমাক? আমাৰ আশে-পাশে থকা সময়বোৰেইচোন আমাক জীয়াই থাকিবলৈ দিয়া নাই৷ আমাৰ হাতবোৰ কোঙা হৈ গৈছে, আমাৰ চেতনাৰ স্তৰবোৰ খহি গৈছে, শুকাই গৈছে জীপাল মনবোৰ, আমি অচেতনাৰ গান গাইছোঁ – এয়া ভুল নে?

ভুলৰ পৃথিৱীখন আৰম্ভ হৈ গৈছে৷ এই যে মন গ’লেই সুহূৰিয়াই ফুৰিছোঁ, মন-বাউলৰ সীমাত ডুখৰীয়া মেঘৰ ছবি আকিছোঁ ..৷ ভুল জানো এয়াই যে সময় আৰু অসময়ৰ পাৰ্থক্য আমি পাহৰি পেলাইছোঁ৷ আমাৰ জন্ম আৰু মৃত্যুৰ সুৰুঙাৰে চাব খুজিছোঁ বাৰে বাৰে শত-সহস্ৰজনৰ তৃষাৰ মৰুভূমি৷

ক’ত ভুল আমাৰ? নিয়মমাফিক জীৱনবোৰৰ উৎসত ৰৈ ৰৈ আমাৰ বিকাশশীল মনটোৱে ক’ব খোজে সেইবোৰ মানুহৰ কথা, যাৰ চেতনাৰ ঘাঁহনিত উৰি ফুৰিছে চেতনাহীন পখিলাবোৰ৷

দীপাংকৰ দত্ত
সম্পাদক,
সাহিত্য ডট্ অৰ্গ
সপ্তম বছৰ, একাদশ সংখ্যা৷

◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆

 ■ ■

Subscribe
Notify of

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

সাংঘাতিক সম্পাদকীয়

4 years ago

সুন্দৰ

Anonymous
3 years ago

বৰ সুন্দৰ প্ৰয়াস ৷ ভাল লাগিল !

Copying is Prohibited!