সম্পাদকীয় (ৰঞ্জিত কুমাৰ বৰা)

সময় এতিয়া উছৱৰ। সময় উদযাপনৰ। বৰদিন, নৱবৰ্ষ, ভোগালীয়ে হাত বাউলি দি মাতে আমাক। দুখৰ শিকলি ছিঙি দৌৰি যাওঁ আমি। অকণমান সুখৰ বাবে অকণমান আনন্দৰ বাবে ব্যাকুল আমাৰ জীৱন। যেন সামান্য অজুহাত পালেই আমি ভাঙি-চিঙি দলিয়াই পেলাই দিব পাৰোঁ যন্ত্ৰণাৰ কবচ। কিন্তু নিয়ৰৰ টোপালৰ দৰে নিমিষতে শুকাই যায় আনন্দৰ অশ্ৰু। কৃষকে পথাৰলৈ, চাকৰিয়ালে কাৰ্যালয়লৈ, সাউদে বণিজলৈ যায়। সুখবোৰ তৃষা হৈ সাগৰৰ পাৰত পৰি ৰয়। বাৰিষাৰ বোকা-পানী সাৰি-মচি শুভ্ৰ কঁহুৱাই আমাৰ মাজলৈ আনিছিল উছৱৰ বতৰা। এহাতে শেৱালিৰ সুবাস, আনহাতে আছিল প্ৰথম কুঁৱলীৰ মিঠা পৰশ। দুখৰ ক’লা ডাঁৱৰে ঢাকি ৰখা উদং ঘৰটোও যেন সুখানুভূতিৰ চুমাত উচ্ছ্বাসিত হৈ পৰিছিল। সেয়া আছিল শৰতৰ স্বপ্নময় সময়। সমস্যা তেতিয়াও আছিল। একেই আছিল যন্ত্ৰণাৰ গভীৰতা। তাৰ মাজতো আহৰি উলিয়াই জীৱনে হাঁহিছিল। আকৌ সন্ধান কৰোঁ উছৱৰ। কাৰণ? কাৰণ স্পষ্ট। জীৱন মানে বেদনাৰ শলিতাৰে জ্বলি থকা এগছি চাকি নহয়। জীৱন হৈছে এটা সন্ধান…সমস্যাৰ যন্ত্ৰণাক বোকোচাত কঢ়িয়াই কঢ়িয়াই কৰা সুখৰ অন্তহীন সন্ধান। হয়তো সেয়ে সামান্যতম অজুহাত পালেই আমি দুখৰ গধুৰ বোজাটো পিঠিৰ পৰা নমাই থৈ যন্ত্ৰণাবিদ্ধ দুওঁঠত হাঁহিৰ পদূম ফুলাব বিচাৰোঁ। হয়তো সেইবাবেই উছৱ আমাৰ ইমান আপোন, ইমান হেঁপাহৰ ইমান অপেক্ষাৰ! দুখৰ বাবে কোনোবাই জানো অপেক্ষা কৰে? যন্ত্ৰণা জানো অপেক্ষাৰ? আৰু উছৱ মানেনো কি? সহজ আৰু সৰল অৰ্থত পৰিপূৰ্ণভাৱে জীয়াই থকাৰ মধুৰ অজুহাত। জীৱনৰ নিৰ্দোষ উদ্‌যাপন। কাতিৰ চাকিগছি জানো ভোগালীৰ প্ৰাৰ্থনা নহয়? আৰু ভোগালী? মেজিৰ জুইকুৰাত জাহ যায় যুগৰ অসূয়া, অপ্ৰীতি, হিংসা, বিদ্বেষ। আকাশ চুব খোজা জুইকুৰাই আমাক যেন চিঞৰি চিঞৰি কয়-জীৱন উদ্‌যাপনৰ বাবে অপসংস্কৃতিক সাৰপানী যোগোৱাৰ বাবে নহয়। জীৱন সৃষ্টিৰ বাবে ধবংসৰ বাবে নহয়। কিন্তু জীৱনৰ উদ্‌যাপন ইমান সহজ জানো? জীয়াই থাকো বুলি জানো পৰিপূৰ্ণভাৱে জীয়াই থাকিব পাৰি? ইমান দুখ, ইমান যন্ত্ৰণা, ইমান অপ্ৰাপ্তি! সমস্যাৰ ভৰত কোঙা হৈ থাকে জীৱন। ৰে’লৰ আলিত, নৈৰ বুকুত জাহ যায় জীৱন। জুইশলাৰ কাঁঠিৰ একোটা স্ফুলিংগত শেষ হৈ যায় দেহ। ছাই হৈ ৰয় বুকুৰ মেখেলা। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কবিতা এফাঁকি মনলৈ আহিছে-‘জীৱন-মৃত্যু পায়েৰ ভৃত্য। চিত্ত ভাবনাহীন।’
জীৱনৰ প্ৰতি কিমান ভালপোৱা থাকিলে কিমান আস্থা থাকিলে সম্ভৱ হয় ভাবনাহীন চিত্তৰ? জীৱনৰ প্ৰতি প্ৰেম নাথাকিলে জীয়াই থকাত আস্থাশীল নহ’লে জীৱনৰ উদ্‌যাপন সম্ভৱ নহয়।
সাহিত্য ডট অৰ্গৰ জানুৱাৰী সংখ্যাৰ বিষয়ে দুআষাৰ

এই লিখাটো আৰম্ভ কৰিছিলোঁ উছৱৰ কথাৰে। বৰদিনৰ কথাৰে, নৱবৰ্ষ, ভোগালীৰ কথাৰে। ভোগালীৰ ৰং-ৰহইচৰ মাজতে অসমলৈ আহে আন এক সংকল্পৰ পৰ্ব। ঠিকেই বুজিছে শিল্পী দিৱস। সুন্দৰৰ পূজাৰী, আলোকৰ সন্ধানী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস। পঞ্চাশ বছৰো জীয়াই নথকা জ্যোতিপ্ৰসাদ আগৰৱালাই কেইটামান বছৰৰ সৃষ্টিৰে অসমীয়া জাতিক যি দি গ’ল, জাতিটোক যিদৰে সমৃদ্ধ কৰি থৈ গ’ল সেয়া আমাৰ বাবে অহংকাৰ আৰু অন্যান্য জাতিৰ বাবে ঈৰ্ষাৰ কাৰণ বুলিয়েই বিশ্বাস কৰোঁ। সেয়ে মহান অসমীয়াগৰাকীলৈ যুগনায়ক তথা মূলতঃ অসমৰ ভৌগলিক পৰিধিৰ মাজত কমৰ্জীৱন সীমাবদ্ধ থাকিলেও চিন্তা-ভাবনা, সৃষ্টিৰে বিশ্ব-নাগৰিকলৈ উত্তৰণ ঘটা ৰূপকোঁৱৰলৈ শ্ৰদ্ধা জনাই সাহিত্য ডট অগৰ্ৰ এইবাৰৰ সংখ্যাটো শ্ৰদ্ধাৰ্ঘ্য হিচাপে উছৰ্গিত কৰা হৈছে। আশা কৰিছোঁ ৰূপকোঁৱৰৰ বিষয়ে পাঠক ৰাইজক তৃপ্ত কৰিব পৰাকৈ ভিন্নৰস, ভিন্ন বিষয়ৰ লিখাৰে পূৰ্ণ হৈ আছে সাহিত্য ডট অৰ্গৰ এইবাৰৰ সংখ্যাটো। লগতে আমাৰ জাতীয় উছৱ ভোগালী বিহু হৈছে এইবাৰৰ সংখ্যাৰ অন্যতম মুখ্য বিষয়। ভোগৰ উছৱ ভোগালী। পথাৰৰ লখিমীক সাদৰে ভঁৰাললৈ নিয়াৰ পিচত কৃষিজীৱী অসমীয়াৰ দুখৰ দিনবোৰ আঁতৰে। সুখানুভূতিয়ে উছৱৰ ৰূপ পৰিগ্ৰহ কৰি পথাৰৰ পৰা আখলঘৰলৈ সকলোতে আনন্দ, প্ৰেম, ভাতৃত্ববোধৰ ফাকুগুৰি ছটিয়াই দিয়ে। মেজি, ভেলাঘৰ বিধে বিধে পিঠাৰ উপৰি ভোগালীতে পুনৰ পৰিস্ফূত হয় আমাৰ সংস্কৃতিৰ বণৰ্ময় ৰূপটো। পৰম্পৰা আৰু উদ‌্যাপনৰ ভিন্নতাৰে প্ৰতিটো জনগোষ্ঠী জনজাতিয়ে ভোগালী বিহুক দিয়ে বিচিত্ৰতাৰ এখন বৰ্ণিল ছবি। মহযুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ আদিয়েও ভোগালী বিহুক তাহানিৰ দিনৰ পৰাই দি আহিছে অনন্য মাত্ৰা। কিন্তু গতিশীল সময়ৰ আঁচোৰত অপসংস্কৃতিৰ আগ্ৰাসনত ভোগালী যেন ভোগৰ উপহাসহে হৈ পৰিছে। বয়বস্তুৰ আকাশলংঘী দাম, কেইফালে অভাৱ-অনাটন, সমস্যা, সংঘাত আদিয়ে আমাক কেউপিনৰ পৰা চেপি ধৰিছে। সাহিত্যৰ পৃষ্ঠাত ভোগালীৰ পৰম্পৰা ভোগালীৰ বেদনা সকলো প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছো। এইবাৰৰ সাহিত্য ডট অগৰ্ৰ তৃতীয়টো বিষয় হৈছে নৱবৰ্ষ। নৱবৰ্ষ হওক সকলোৰে বাবে আশা পূৰণৰ বছৰ।

আৰু অলপ জীৱনৰ কথা…
ঋতু সলনি হয়। সমান্তৰালকৈ সলনি হয় প্ৰকৃতি। বসন্তত গছে কুঁহিপাত মেলে। ফাগুনত পাত সৰে। চ’ততো সৰে। সৰাপাত দেখি বিষন্ন হৈ পৰে মানুহ। গছৰ পৰা সৰি পৰা পাতকেইখিলাই যেন জীৱনৰ অৱসম্ভাৱী পৰিণতিৰ কথা কৈ দিয়ে। দুখত মৰ্মাহত হয় জীৱন। কিন্তু আশাবাদী জীৱনে তাৰ পৰা জীৱনৰ সুধা সংগ্ৰহ কৰে। পাত সৰিলেহে পাত গজে। বসন্তই বাট বিচাৰি পায়। আকৌ জাতিষ্কাৰ হয় পৃথিৱী। এইদৰেই চলি থাকে প্ৰকৃতিৰ বিৰামহীন যাত্ৰা। পাত সৰে কুঁহিপাত মেলে। জীৱনো আহে আৰু যায়। জন্মত আৰম্ভ হৈ মৃত্যুত শেষ হয় এটা যাত্ৰাৰ। পাত সৰি পচি যায়। কিন্তু সকলো সৰাপাত পচি নাযায়। ফচিল হৈ ৰৈ যায়। শিলৰ মাজত খোদিত হৈ থাকে জীয়াই থকা সময়ৰ গৌৰৱ-গাথা। সময়ে সেই গাথা উদ্ধাৰ কৰি প্ৰেৰণাৰ মহৌষধ তৈয়াৰ কৰি লয়। সেইদৰে সকলো জীৱনৰ প্ৰকৃতাৰ্থত মাটি হৈ নাযায় অথবা ছাইও নহয়। সময়ৰ অনিৰুদ্ধ গতিৰ সৈতে সমানে ফেৰ মাৰি আগুৱাই গৈ থাকে। কিন্তু কিদৰে মৃত্যুক পৰাজিত কৰি পৃথিৱীত ৰৈ যাব পাৰি? Art is long but life is short. Man is mortal but memory is not…..মানুহৰ জীৱন ক্ষণস্থায়ী। কিন্তু কমৰ্ই জীৱনক অমৰ কৰে। স্মৃতি যুগমীয়া কৰে। নৱবৰ্ষ সকলোৰে বাবে হওক স্বপ্ন পূৰণৰ বছৰ…
সময় থমকি নৰয়। বছৰ আহে বছৰ যায়। ২০১২ চনো পাৰ হৈ গ’ল। এদিন এদিনকৈ পাৰ হৈ গ’ল ৩৬৬ দিন। ৩৬৬ দিনৰ এটা দিনো যেন আশাৰ বাবে নাছিল। কিন্তু বছৰৰ অন্তিম পষেকটোৱে আমাৰ বাবে যি লজ্জা দি গ’ল, যি আঘাত দি গ’ল সেই ঘাঁডোখৰ শুকাবলৈ বহু বছৰ লাগিব। দেশৰ সবাতকৈ সুৰক্ষিত স্থানৰূপে বিবেচিত দিল্লীৰ গৰিমাৰ কফিনৰ ভিতৰত সুমুৱাই উপহাসৰ শেষ গজাল মাৰি দিলে কেইজনমান নৰাধমে।
চলন্ত বাছত ধৰ্ষিতা হ’ল এগৰাকী গাভৰু। যেন ধৰ্ষিতা হ’ল দেশৰ গৌৰৱ। অত্যাচাৰত বিধবস্ত দামিনীৰ শৰীৰটোৰ পৰা এদিন নিষ্পাপ প্ৰাণটোৱেও বিদায় মাগিলে। আমাক এৰি থৈ গ’ল গ্লানিৰ যন্ত্ৰণাময় সাগৰত। অসমৰ ৰাইজৰ বাবে এৰি অহা বছৰটো এনেও সুখৰ নাছিল। এটাৰ পিচত এটাকৈ অহা বানে বিধ্বস্ত কৰি থৈ যোৱা ৰাজ্যখনৰ বহুবোৰ সমস্যা মাথোঁ সমস্যা হৈয়েই থাকিল। ৰাজ্যৰ লগতে দেশ-বিদেশৰ অসমীয়াক দুশ্চিন্তাগ্ৰস্ত কৰি জুলাইৰ পৰা আৰম্ভ হ’ল গোষ্ঠী সংঘাতৰ দাৱানল। জুইকুৰাই দেশৰ অন্যান্য প্ৰান্তকো চুই গ’ল। ত্ৰাস, আতংকৰ পৰিবেশৰ মাজত দ্বিধাগ্ৰস্ত ভীতিগ্ৰস্ত অসমীয়াই ব্যাপক হাৰত স্বগৃহলৈ পলায়ন কৰি আন এক স্পৰ্শকাতৰ সমস্যাৰ সৃষ্টি কৰিলে। সঁচাকৈ আশাৰ বাবে যেন এটা দিনো দিবলৈ ৰাজী নাছিল ২০১২ চনটোৱে। ২০১৩ চনৰো ইতিমধ্যে আৰম্ভ হৈছে দ্ৰতযাত্ৰা। বছৰৰ প্ৰথম পষেকত ভৰি দি বিটলছৰ কাণ্ডাৰী জন লেননৰ গীত এটাৰে সকলোকে মহান শিল্পীজনে গীতটোৰে বিচৰা ধৰণে সংগী হ’বলৈ আবেদন জনাইছোঁ—
‘কল্পনা কৰা যে ক’তো স্বৰ্গ নাই। এয়া সহজ যদি তুমি চেষ্টা কৰা। আমাৰ তলতো নাই কোনো নৰক। ওপৰত আছে মাথোঁ আকাশ। কল্পনা কৰা যে ক’তো দেশ নাই। এয়া তেনে টান কাম নহয়। হত্যা কৰিবলৈ একো নাই মৰিবলৈকো নাই। আৰু ধৰ্ম বুলিবলৈ একো নাই। কল্পনা কৰা যে সকলো মানুহে শান্তিৰে জীয়াই আছে। কল্পনা কৰা যে কোনো সম্পত্তি নাই। আচৰিত হ’ম মই যদি তেনেদৰে পাৰা। লোভ বা ভোক একোৰে প্ৰয়োজন নাই। কেৱল থাকক মানুহৰ মাজত ভাতৃত্ব। কল্পনা কৰা যে মানুহে সমগ্ৰ পৃথিৱীখন ভগাই একেলগে আছে। হয়তো তুমি ক’বা মই এজন সপোনপিয়াসী। কিন্তু মই একমাত্ৰ নহয়। আশা কৰোঁ তুমিও কোনোবা এদিন আমাৰ লগ হ’বা। আৰু সেইদিনা পৃথিৱীখন এক হৈ পৰিব। Imagine there is no heaven/ It is easy if you try/ No hell bellow us/ above us only sky/ Imagine all the people/ living for today…]
 

6 thoughts on “সম্পাদকীয় (ৰঞ্জিত কুমাৰ বৰা)

  • January 15, 2013 at 10:32 pm
    Permalink

    সময়োপযোগী আৰু খুবেই প্ৰাসংগিক সম্পাদকীয়৷ খুউব ভাল লাগিল৷

    Reply
  • January 16, 2013 at 12:18 pm
    Permalink

    বৰ ভাল লাগিল, শলাগ লবলগীয়া সম্পাদকীয়,

    Reply
  • January 17, 2013 at 5:47 pm
    Permalink

    ভাল লাগিল | উচ্চমানৰ সম্পাদনা |

    Reply
  • January 18, 2013 at 8:42 pm
    Permalink

    সুন্দৰ আৰু বলিষ্ঠ সম্পাদকীয় ……পঢ়ি খুবেই ভাল লাগিল । লগতে এই মাহৰ সংখ্যাটিও..সুন্দৰ হৈছে । আপোনালৈ অভিনন্দন জনালোঁ ।

    Reply
  • January 23, 2013 at 9:55 pm
    Permalink

    Joli Borah, anupam kalita, Laxman Kumar আপোনালোকক ধন্যবাদ জনালোঁ।

    Reply
  • January 30, 2013 at 1:14 am
    Permalink

    এই মাহৰ সংখ্যাটি ভাল লাগিল।সুন্দৰ সম্পাদকীয়… পঢ়ি আপ্লুত হলো।.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!