সম্পাদকীয় – অষ্টম বৰ্ষ, ষষ্ঠ সংখ্যা, আহিন ১৯৪১ শক

Dream is not that which you see while sleeping, it is something that does not let you sleep.” -Dr. A P J Abdul Kalam.

খবৰবোৰ বতাহৰ গতিত আমাৰ সমাজত বিয়পি পৰে৷ খবৰ প্ৰধানতঃ দুইধৰণৰ- ভাল খবৰ আৰু বেয়া খবৰ৷ দুয়োধৰণৰ খবৰে সমাজত নিজৰ নিজৰ প্ৰভাব বিস্তাৰ কৰে; ভাল খবৰে সমাজক সুখী কৰে, একেদৰে বেয়া খবৰে দুখী৷ বহুসময়ত বেয়া খবৰবোৰ সংঘাত অথবা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰো কাৰক৷ কিন্তু সমাজপ্ৰিয় প্ৰাণী হিচাপে সমাজত ভাল খবৰবোৰ বিয়পাই সমাজখনক গঠনমূলকভাবে আগুৱাই নিয়াটো প্ৰতিগৰাকী মানুহৰে কৰ্তব্য৷

২০১৯ চনৰ ভাল খবৰৰ তালিকাত বিশেষকৈ দুটা দিশত ভাৰতবৰ্ষৰ প্ৰচেষ্টা আৰু সফলতা চকুত লগাকৈ জিলিকি উঠিছে৷ সেয়া হ’ল, ক্ৰীড়া আৰু বিজ্ঞান৷ অসমৰ হিমা দাসে একেটা মাহতে বিভিন্ন আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতাত ২০০মিটাৰ দৌৰত চাৰিটা আৰু ৪০০মিটাৰ দৌৰত এটা সৰ্বমুঠ পাঁচটা স্বৰ্ণ পদকেৰে অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ অসমৰে আন এগৰাকী কন্যা টুনলাই নাৰ্জাৰীয়ে ২২তম “তাতয়ানা ক’লপাক’ভা মেম’ৰিয়েল ইণ্টাৰনেশ্যনেল এথলেটিকছ মিট”ৰ শ্বটপুটত ভাগ লৈ স্বৰ্ণপদক আজুৰি আনিবলৈ সক্ষম হৈছে৷ মহিলা বক্সিঙত দেশে-বিদেশে সুনাম কঢ়িয়াই থকা যমুনা বড়ো আৰু লাভলীনা বৰগোহাঞিৰ কথাও সকলোৱে জানে৷

চলিত বৰ্ষৰ আগষ্ট মাহৰ ২৫ তাৰিখে পি ভি সিন্ধুৱে “ৱৰ্ল্ড বেডমিণ্টন ছেম্পিয়নশ্বিপ” প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বী জাপানৰ নাওমি অকুহাৰাক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে আৰু বেডমিণ্টনত ৱৰ্ল্ড ছেম্পিয়ন হোৱা দেশৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়৷ আনহাতে, “পাৰা-বেডমিণ্টন ৱৰ্ল্ড ছেম্পিয়নশ্বিপ” প্ৰতিযোগিতাত মানসী যোশীয়ে স্বৰ্ণ পদক আজুৰি আনি বিশ্ব ছেম্পিয়ন হ’বলৈ সক্ষম হয়৷ আকৌ এই বছৰৰ শ্বুটিং বিশ্বকাপত দেশে এতিয়ালৈ ষোল্লটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে মুঠ বাইশটা পদক প্ৰাপ্তিৰে বিশ্বত প্ৰথম স্থান লাভ কৰি আন এক ইতিহাস ৰচনা কৰিছে৷

কাজাখাস্তানত হৈ থকা ৰেচলিঙৰ ৱৰ্ল্ড ছেম্পিয়নশ্বিপত এতিয়ালৈ ভাৰতবৰ্ষৰ ৱিনেশ ফোগত, বজৰংগ পুনিয়া আৰু ৰবি কুমাৰ দাহিয়াই ব্ৰঞ্জ মেডেলেৰে বিশ্ব ছেম্পিয়নসকলৰ তালিকাত দেশৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ এই প্ৰতিযোগিতাতে হয়তো মল্লযুঁজৰ আৰু কেইবাখনো খেলত ভাৰতৰ নাম জিলিকি উঠিব৷

এই অভিলেখসমূহলৈ লক্ষ্য ৰাখি খেলৰ জগতখনত ভাৰতবৰ্ষ নিকট ভৱিষ্যতত এখন আগশাৰীৰ দেশ হিচাপে পৰিগণিত হ’ব বুলি আশা কৰিব পাৰি৷

বিজ্ঞান-প্ৰযুক্তিৰ দিশতো ভাৰতবৰ্ষ এখন লেখত ল’বলগীয়া দেশ৷ বিজ্ঞানৰ ন ন প্ৰযুক্তি আৰু কৌশল উদ্ভাৱনে আমাৰ দৈনন্দিন জীৱনত কিমান প্ৰভাৱ পেলাইছে সেয়া নকৈ কোৱাৰ প্ৰয়োজন নাই৷ পিছে বিগত কেইটামান দিনত বিজ্ঞান, বিজ্ঞানী, ISRO, NASA আদিৰ বিষয়ে জানিবলৈ ভাবিব নোৱাৰা ধৰণে মানুহৰ ধাউতি বাঢ়িল৷ “চন্দ্ৰযান-২”ৰ অৱৰোহণক লৈ দেশৰ প্ৰায় প্ৰতিগৰাকী নাগৰিক উৎকণ্ঠিত হৈ আছিল৷ দূৰদৰ্শনৰ বিভিন্ন চেনেল, য়ু ট্যুব, ছ’ছিয়েল মিডিয়াত “চন্দ্ৰযান-২”ৰ অৱৰোহণৰ চলন্ত প্ৰচাৰ কৰোৱা হৈছিল৷ সকলো কুশলে হৈ যোৱাৰ পাছতো এই মিশ্যনটোৰ শেষৰ অংশ সফল নহ’ল৷ সফল নহ’লেও কিন্তু ইয়াক এটা বিফল মিশ্যন বুলিও কোৱা হোৱা নাই৷ “চন্দ্ৰযান-২”ৰ অৰবিটৰে আগন্তুক সাত বছৰলৈ চন্দ্ৰক পৰিভ্ৰমণ কৰি থাকিব৷

ক্ৰীড়া আৰু বিজ্ঞানক মাথোঁ দুটা উদাহৰণ হিচাপেহে লোৱা হৈছে৷ এগৰাকী মেৰী ক’মৰ পাছত আন কেইবাগৰাকী মানুহেও হয়তো মেৰী ক’ম হোৱাৰ সপোন দেখিছে ৷ যোগেশ্বৰ দত্ত, সুশীল কুমাৰ অথবা গীতা ফোগত, ববিতা ফোগতক দেখি হয়তো বহুতো ল’ৰা-ছোৱালীয়ে যোগেশ্বৰ-সুশীল বা গীতা-ববিতা হোৱাৰ পথ বাছি লৈছে৷ এগৰাকী হিমা দাসক দেখি হয়তো আনকেইবাগৰাকীয়েও হিমাক আদৰ্শ হিচাপে লৈ নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে৷ হয়তো “চন্দ্ৰযান-২”ৰ অৱৰোহণ চাবলৈ ISRO-লৈ যোৱা কণ কণ মইনাসকল নাইবা দেশৰ বিভিন্ন প্ৰান্তত থকা ছাত্ৰ-ছাত্ৰীসকলৰ মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িছে আৰু সেই আগ্ৰহেই চাগৈ দেশত ভৱিষ্যতৰ মহাকাশ বিজ্ঞানীসকলৰ জন্ম দিব৷

ভাল খবৰৰ প্ৰচাৰে উঠি অহা প্ৰজন্মৰ মনত আগ্ৰহৰ বীজ ৰোপণ কৰিব৷ আগ্ৰহে সপোনৰ জন্ম দিব, সপোনে উৎসাহ যোগাব, উৎসাহে সফলতা আনিব আৰু সফলতাই দেশৰ সোণালী ইতিহাস ৰচিব৷■■

সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ হৈ
মিতালী নাৰায়ণি

অষ্টম বৰ্ষ, ষষ্ঠ সংখ্যা
আহিন, ১৯৪১ শক,
ছেপ্টেম্বৰ, ২০১৯

“সাহিত্য ডট্ অৰ্গ — পঢ়ক আৰু পঢ়ুৱাওক!“

Subscribe
Notify of

4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অভিজিত দত্ত
3 years ago

সচাকৈয়েই এক তথ্যসমৃদ্ধ সম্পাদকীয়।

ৰিণ্টু
3 years ago

সুন্দৰ সম্পাদকীয়, ভাল লাগিল।
আলোচনীখনৰ বাকীবোৰ শিতান পঢ়িব আৰম্ভ কৰোঁ‌

ৰিন্টু কুমাৰ বৰা
3 years ago

সম্পাদকিয় অতি সুন্দৰ হৈছে, লগতে সাহিত্ অৰ্গ লে লিখনি কেনেকৈ পঠাব লাগে অলপ শিকাই দিব ৷

Anonymous
3 years ago

সাহিত্য, অৰ্গ ত আমিও লেখা পঠাব বিচাৰো। ইয়াৰ বিষয়ে অলপ বিশদ ভাবে জনাব নেকি।

Copying is Prohibited!