সম্ভৱতঃ (-গীতালি দাস)

সম্ভৱতঃ
-গীতালি দাস৷

breath
সম্ভৱতঃ
মই উশাহ লৈ আছোঁ
জীৱনে ভালপায় বাবে
সম্ভৱতঃ মই মোক হেৰুৱাব ধৰিছো
নিশাৰ ঝিলিৰ মাতৰ দৰে…..
দিনৰ পোহৰ আৰু ৰাতিৰ আন্ধাৰ
পৃথিৱীয়ে ভালপায় বাবে
সম্ভৱতঃ মই মোক বিচাৰি পাওঁ
চাকিৰ বুকুৰ শলিতাৰ দৰে…..
শেৱালিৰ সুবাস আৰু জোনাকৰ স্নিগ্ধতা
শৰতে ভালপায় বাবে
সম্ভৱতঃ মই মোক সান্তনা দিব পাৰো
নিয়ৰে চুমা দিয়া দুৱৰিৰ দৰে…
কান্দোনৰ চকুপানী আৰু হাঁহিৰ জিলিঙনি
দুয়োৱে ভালপায় বাবে
সম্ভৱতঃ মই মোক নিচুকাব পাৰো
বুকুৰ উমত টোপনি যোৱা শিশুৰ দৰে….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!