সময় (নিবিৰ অনুৰাগ মানস)

(যাযাবৰ শিল্পী ভূপেন হাজৰিকালৈ তেখেতৰ মৃত্যু দিনত যাচিলোঁ একাজলি শ্রদ্ধাঞ্জলি)

NIBIR ANURAG MANASHD

কাৰোবাৰ মাতৰ
হিৰণ্ময়ী সুবাসত
ভালপোৱাৰ মৃদু প্লাৱন!
বুটা বচা আকাশত
সমন্বয়ৰ ঐক্য নিচান।

এইবোৰ সলনি হল!

মানুহবোৰ কৃত্রিম হ’ল,
মানবতা লক্ষ্যহীন লক্ষ্য।
অন্ধ দুচুকুত কটা কটিৰ
বিভৎস্য দৃশ্য!

ফুটপাথত কাপোৰৰ বাবে,
হাহাকাৰ কৰা
সদ্য যৌৱনা ডেকাজনৰ বাবে
ভাবিবলৈ কাৰো আহৰি নাই!

মানুহে মানুহৰ বাবে ভাবিবলৈও অভাৱ
সময়, দয়া, মূল্যবোধ অথবা মানবতাৰ!

সময় সলনি হল,
পশ্চাদগামী সুৰুযৰ অন্তিম সুবাসকনো
ঘৰমূৱা পখীজাকে
খুটি খুটি খায়!

চকুলোৰ চটফটনিত বন্দী
ফুটপাথৰ সদ্য যৌবনা ডেকাজনৰ
সুখৰ সংজ্ঞা,
জীবনৰ নষ্টালজীয়া ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!