সাঁথৰ (দীপাংকৰ ভাগৱতী)
সাঁথৰ হৈছে ককা-আইতা বা পুৰণি প্ৰজন্মৰ মানুহবোৰে কথাই কথাই সোধা কিছুমান পাকলগা প্ৰশ্ন। কিন্তু বৰ্তমান সময়ত সাঁথৰৰ জনপ্ৰিয়তা বহুখিনি কমি গৈছে। কিছুমান সাঁথৰ সংগ্ৰহ কৰি আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰয়াস কৰিছোঁ।
১) একে মাতৃৰ গৰ্ভে বহু পুত্ৰগণ,
তেজো নাই, মাংসও নাই, শিৰে হুতাশন। (উত্তৰ: জুইশলা)
২) আলিয়ে আলিয়ে যায়,
মূৰ দাঙি চায়। (উত্তৰ: বেজী)
৩) ঘৰৰ তলত ঘৰ,
তাতে পৰি মৰ। (উত্তৰ: আঁঠুৱা)
৪) কি চাইছ মোক,
গিলি থম তোক;
চাবহি মোক,
নিবহি তোক। (উত্তৰ: চেপা)
৫) লেং লেং কৈ দুডাল মাৰি,
তাৰ ওপৰত ডিজেল গাড়ী
তাৰ ওপৰত বাঁহৰ খুঁটা,
তাৰ ওপৰত খেৰৰ সোপা। (উত্তৰ: মানুহ)
৬) হাতী দাঁত
কদমৰ পাত
ভাঙিব নোৱাৰিলে
গোলামৰ জাত (উত্তৰ: মুলা)
৭) নদ- নদী শুকাই গ’ল,
গছৰ ওপৰত পানী ৰ’ল। (উত্তৰ: নাৰিকল)
৮) মাক জুটুলা-জুটুলী
পুতেক চোকা টেকেলী। (উত্তৰ: জলকীয়া)
৯) ওপৰৰ পৰা পৰিল টেকেলী,
টেকেলীৰ পেটত এশ ভেকুলী। (উত্তৰ: কঁঠাল)
১০) ৰজাৰ লাঠি,
ঘন ঘন গাঁথি (উত্তৰ: কুঁহিয়াৰ)
১১) ধপলাধপল পাত
তাতো নাখায় ভাত,
লোমা-লোমে গুটি
তাকো নাখায় উঠি। (উত্তৰ: অমিতা)
১২) নমতাকৈ বিয়া ঘৰ
ৰভাতল ভৰিল
বিয়াৰ পিছত কইনাজনী
পানীত পৰি মৰিল। (উত্তৰ: পূজাৰ প্ৰতিমা)
১৩) তিনি আখৰে মোৰ নাম
সকলোৱে খায়,
এটা আখৰ এৰি দিলে
ফাটেকলৈ যায় (উত্তৰ: মচুৰ)
১৪) ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে? (উত্তৰ: নাও)
১৫) ওপৰেদি উৰি যায়
নহয় শৰালি
থাপ মাৰি মাছ খায়
নহয় বৰালি। (উত্তৰ: জাল)
১৬) এটা মাছৰ দুখন ফিছা,
ডুব মাৰিলেই সকলো মিছা। (উত্তৰ: নাও)
১৭) ৰামে বোলে লক্ষ্মণ ভাই,
কি গুটিৰ বাকলি নাই? (উত্তৰ: শিলগুটি)
১৮) উৰি যায় কুকুৰা,
ৰাখি যায় চিন,
সোণৰ ছত্ৰ ৰূপৰ ডিল। (উত্তৰ: কলডিল)
১৯) ক ভাইটি টপৰাই
কাটি নিলে বাঢ়ি যায়। (উত্তৰ: সূতা)
২০) পেট ডাঙৰ মুখ সৰু,
গিলি খায় মানুহ গৰু। (উত্তৰ: ঘৰ)
২১) লতা লতা বৰ লতা।
সাতখন কুঠাৰেৰে নাযায় কটা। (উত্তৰ: ছাঁ)
২২) মাটিৰ তলৰ বগা বুঢ়ী,
সাজ পিন্ধে কুৰি কুৰি। (উত্তৰ: নহৰু)
২৩) হাবিৰ মাজৰ শালৰ খুঁটা,
গাই দুষ্ট গাখীৰ মিঠা। (উত্তৰ: মৌমাখি)
২৪) পেট আছে পেটূ নাই,
মুখ আছে জিভা নাই। (উত্তৰ: কলহ)
২৫) পানীত জন্ম, পানীত বাস,
পানীত পৰিলে সৰ্বনাশ। (উত্তৰ: নিমখ)
২৬) অকণমান পানীত বগলীটো চৰে,
পানীখিনি শুকাই গ’লে বগলীটো মৰে। (উত্তৰ: চাকি)
২৭) মোমাইদেউৰ তিনিটা টেঙা,
এটা ভাঙিলে লাগে জেঙা। (উত্তৰ: উধান)
২৮) নভবা নিচিন্তাকৈ গ’লোঁ
এটা বস্তু পালোঁ
নোচোবাই নিগিলি
মুখত নিদিয়াকৈ খালোঁ। (উত্তৰ: উজুটি)
২৯) পাখি, জখলা নাই ভাই,
আকাশলৈ কোন যায়? (উত্তৰ: ধোঁৱা)
৩০) মামাথেৰ ক’লী গাই,
এক পিয়ন দি মৰি যায়। (উত্তৰ: কলগছ)
৩১) গৰজি গৰজি আহাৰ খায়,
পেটত হ’লে একো নাই। (উত্তৰ: ঢেঁকী)
৩২) কেঁচাই লুটপুট,
পকিলে টান
বছৰি কাটে তাৰ দুখন কাণ। (উত্তৰ: পথাৰৰ আলি)
৩৩) দেশ আছে মানুহ নাই,
নদী আছে পানী নাই। (উত্তৰ: মানচিত্ৰ)
৩৪) টিকটিকিয়া বামুণটি
খোজটি বৰ খৰ,
দিখৌমুখত দেখি আছোঁ দিচাংমুখত ঘৰ। (উত্তৰ: আমৰলি পৰুৱা)
৩৫) বগা চাহাবৰ ক’লা টুপী,
এচৰ মাৰিলে উঠে জ্বলি পকি। (উত্তৰ: জুইশলা)
৩৬) ওপৰৰ পৰা পৰিল ডুম,
ডুমে বোলে মোৰ টিকা শুঙ। (উত্তৰ: বেল)
৩৭) বাঘ হেন জাঁপ মাৰে,
কুকুৰ হেন বহে।
শিল হেন তল পৰে,
তুলা হেন ভাহে। (উত্তৰ: ভেকুলী)
৩৮) গছৰ ওপৰত গুটি,
গুটিৰ ওপৰত গছ
ইনো কি নিলাজৰ সঁচ। (উত্তৰ: মাটিকঠাল)
৩৯) ৰজাৰ ঘৰৰ ক’লী গাই
ঘাটে ঘাটে পানী খায়। (উত্তৰ: বৰশী)
80) খালে নভৰে পেট
পায় মাথোঁ লাজ
ক’ব নোৱাৰিলে থিতাতে
মাৰা এপাক নাচ। (উত্তৰ: পিছল খোৱা)
৪১) মায়ে মাতে বাই বুলি,
দেউতাই বোলে তাকে,
তুমিও মাতা বাই বুলি,
ভাইটিয়ে চাই থাকে। (উত্তৰ: জোনবাই)
৪২) ওপৰত ছাতি তলত গুটি
তাক খাই আহিন কাতি। (উত্তৰ: কচু)
৪৩) ডেকাত বেঁকা,
বুঢ়াত তাক নাখাই থাকে কোন? (উত্তৰ: ঢেঁকীয়া)
৪৪) একাঠু পানীত ফুলজোপা ৰুলোঁ,
ফুলিল নে নুফুলিল চাবলৈ গ’লো। (উত্তৰ: চেপা)
৪৫) ওৱান মে ধপু ধপু,
টু মে জাৰা,
দিচ ইজ দা কাঠৰ মেচিন
কোনে ক’ব পাৰা। (উত্তৰ: ঢেঁকী)
তিনিতা সংখা একে হলে ত্রিপুল কোৱা হয় কিন্ত্ত চাৰিটা সংখা একে হলে তাক কি কব লাগিব
শ্ৰীপুল
এটা মাছৰ দুখন ফিছা,
ডুব মাৰিলেই সকলো মিছা
ঢাপে ঢাপে গ’লো
ঢাপলিকা পালোঁ
কুটি-বাছি থৈ
ছমাহলৈ খালোঁ।
উত্তৰ ?
কোমোৰা
ঐ ঐ ঐ
কৰৈ ৰাভা গৈ
গছ শুকান গুটি কেঁচা
বলা আননোগৈ।
ঐ ঐ ঐ্ক লৈ যাৱগৈ,
গছ শুকান গুটি কেঁচা
বল আনোগৈ