দাপোনমতী (স্মৃতিৰেখা ভূঞা)

দাপোনমতী


দাপোনমতী ভঙা দাপোনত কিয় মুখ চালি ?
অজলা সপোনৰ পাখি লগাই
ৰূপকথাৰ জীৱনক সাৱতি থাকিলি।
দাপোনমতী কিয় মুখ চালি?
একেখনি মুখ
একেযুৰি চকু
এমোকোৰা হাঁহি
ভাঙি ছিঙি কিয় চাৱ ?
দুৱাৰডলিতে মুখ ঠেকেচা খাই
দুখৰ ডঁৰিকাত ডুব যাৱ।
হে’ৰৌ দাপোনমতী
কিয় মেলি ৰাখ দুহাত দুবেগেত চুলি
জানইতো নীলিমত লীন
বাঁহীৰ সুৰ দুনাই নাহে ঘূৰি।
চকুৰ পৰা চকুলৈ
গজি উঠে ন ন চকু
চকুত প্ৰতিবিম্বিত দেহ,
দেহৰ পৰা দেহলৈ
বগুৱা বাই ফুৰে চকু;
মায়াতে কিয় মজ?
কিয় অপেক্ষাৰত বিশেষ এহালি চকুৰ বাবে
দেহৰ মাজৰ দেহৰ বাবে।
দাপোনমতী ভঙা দাপোনত কিয় মুখ চাৱ
তেজৰ ঢৌত খলকনি তুলি
আদিম সত্যৰ বন্দনা কৰ!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!