সাম্প্রতিক (- কিশোৰ বড়ো)

সাগৰৰ ঢৌৱে ঢৌৱে ঠেকা খাই
কাৰ সেওঁতাৰ বাটেৰে পাৰ হৈ যায়
অনামী বতাহ কালধুমুহা হৈ৷
কঁকাল ভঙা ধানৰ বিননি
গোটেই পথাৰ জুৰি নিৰৱধি
জপজপীয়া বিৰিখজোপাৰ ছাঁ সাবতি
লতা এডাল বগায় আকাশলৈ
বিৰিখজোপাই গদ্য আওঁৰায়
জোন আৰু তৰা
ফিচিঙা-ফিচিঙি প্রেমৰ প্রতিমা৷
লতাডাল খুপি খুপি আগুৱায়
গৰজি গৰজি মেঘ আহে
জোন পলায় তৰা পলায়
উবুৰি খাই পৰে বজ্রপাত বিৰিখৰ গাত৷
হেঁপাহৰ চিখলাজনীয়ে পকালাগি নৈত চিঙে
হেলচিৰ মৰহি যোৱা শিপা
শূন্যতাৰ পানীত চৰে
পানীপিয়া শৰালি হাঁহ
কোলাহলে গো-গ্রাসে শিপাই বুকুত ধকধকায়
বেহেলাৰ সুৰ বাগৰে
ওঁঠৰ পৰা আন এটা ওঁঠলৈ
বুকুৰ পৰা আন এটা বুকুলৈ
বগা কাপোৰ এটুকুৰা বান্ধি
সমাধিত পুতি দিওঁ বিজুলী বাঁহ এডাল
জীউটো নৰ ৰূপে আকৌ জন্ম হওঁক বুলি ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!