সাহিত্যত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ
লেখক- চিত্তৰঞ্জন ওজা
২০২২ চনৰ নভেম্বৰ মাহত চাট জিপিটি নামৰ কৃত্ৰিম বুদ্ধমত্তাৰ এপ সাধাৰণ মানুহৰ ব্যৱহাৰ বাবে প্ৰথমবাৰ ওলাইছিল। সেই সময়ত চাট জিপিটিক লৈ বহুত চিন্তা চৰ্চা আৰম্ভ হৈছিল। চাট জিপিটিয়ে বহু প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নাছিল, বহু ক্ষেত্ৰত ভুলকৈ উত্তৰ দিছিল। সেইবোৰ দেখি বহুতে কোৱা মেলা কৰিছিল যে কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বুদ্ধিমত্তাতকৈ অধিক আগুৱাই যাব নোৱাৰে। ভৱিষ্যতলৈ কিছু বুদ্ধিমত্তা আয়ত্ত কৰিলেও যিহেতু ইয়াক পৰিচালনা কৰিবলৈ বুদ্ধিমান মানুহ এজন সদায়ে থাকিব গতিকে কৃত্ৰিম বুদ্ধিমত্তাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। ই সদায়ে মানুহৰ অধীন হৈ থাকিব। ২০২৪ চনলৈ আমি ইয়াকে সত্য বুলি মানি আছিলোঁ। পিছে যোৱা চাৰিটা বছৰত কৃত্ৰিম বুদ্ধিমত্তা চালিত ইমানবোৰ এপ আমাৰ হাতত আহি পৰিল আৰু এই এপবোৰৰ ক্ষমতা যেতিয়া এবছৰৰ ভিতৰত দুগুণ- তিনিগুণ হ’বলৈ ধৰিলে তেতিয়াহে আমাৰ গাত হুঁচ আহিল। কৃত্ৰিম বুদ্ধিমত্তা অন্য এক ফ্ৰেঙ্কেষ্টাইন হ’বলৈ গৈ আছে নেকি?
হাজাৰ বছৰ আগৰ পৰা মানৱ সভ্যতাত নতুন নতুন বস্তুৰ আবিষ্কাৰ আমি দেখা পাই আহিছো। সেই আবিষ্কাৰসমূহৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা কেবাটাও দিশত পৃথক। এইখিনিতে প্ৰসিদ্ধ ইতিহাসবিদ য়ুভাল নোৱা হাৰাৰিয়ে কৃত্ৰিম বুদ্ধিমত্তা আনতকৈ কি বিষয়ত পৃথক তাক এনেদৰে বুজাইছিল:
১) ই এনে এটা সঁজুলি (Tool) যিয়ে মানুহৰ সহায় নোলোৱাকৈ নিজাকৈ সিদ্ধান্ত ল’ব পাৰে। বিশ্বত আজিলৈ যিমান বস্তু উদ্ভাৱন হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ বাহিৰে আন কোনো এটা আবিষ্কাৰৰে নিজাকৈ সিদ্ধান্ত ল’ব পৰা ক্ষমতা নাই। মানুহে এখন কটাৰী সাজি উলিয়াইছে, কটাৰীৰে কি কৰিব সেয়া মানুহে নিজে সিদ্ধান্ত ল’ব। এটম বোমা এটা কেতিয়া ক’ত ব্যৱহাৰ হ’ব তাৰ চুইছ মানুহৰ হাতত থাকে, বোমাটোৱে নিজে ইচ্ছা কৰি ফুটিব নোৱাৰে। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ৰবট মানৱে নিজে ভাবি চিন্তি কাম কৰিব পাৰে।
২) কৃত্ৰিম বুদ্ধিমত্তা এনে এটা সঁজুলি (Tool) যিয়ে মানুহৰ সহায় নোলোৱাকৈ এটা নতুন চিন্তাৰ উদ্ৰেক ঘটাব পাৰিব। মানুহে উদ্ভাৱন কৰা কোনো আৱিষ্কাৰতে এটা বস্তুই নিজাকৈ নতুন চিন্তাৰে নতুন উদ্ভাৱনৰ কথা ভাবিব পৰা নাছিল। কৃত্ৰিম বুদ্ধিমত্তাই ইয়াক সম্ভৱ কৰি তুলিব। মানুহে নজনাকৈয়ে ৰবট মানৱে নতুন উদ্ভাৱন কৰিব৷ অৰ্থাৎ মানুহতকৈ ৰবট অধিক জ্ঞানী হৈ পৰিব৷ জ্ঞানেই হ’ল শক্তি৷ গতিকে এই নতুন প্ৰযুক্তিয়ে প্ৰথমবাৰৰ বাবে মানুহৰ শক্তি বঢ়োৱাৰ বিপৰীতে মানুহৰ পৰা শক্তি কাঢ়ি ল’বলৈ ওলাইছে।
যোৱা চাৰিটা বছৰতে আমি দেখিলো কৃত্ৰিম বুদ্ধিমত্তাৰ সূচকীয় বৃদ্ধি (Exponential growth)। চিলিকন ভেলি আজি ব্যস্ত হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তা চালিত বিভিন্ন এপৰ উদ্ভাৱন আৰু সমাজ জীৱনত ইয়াৰ প্ৰয়োগ। কৃত্ৰিম বুদ্ধিমত্তা চালিত এপৰ সহায়ত আমি দৈনন্দিন জীৱনৰ বহু কাম কৰিবলৈ লৈছো। গৱেষণামূলক কাম, ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত সহায় কৰিব পৰা সকলো কাম, লেবৰেট’ৰীত পৰীক্ষামূলক কাম, চিমুলেচন, ভৰ্চুৱেল ৰিয়েলিটী কামসমূহত কৃত্ৰিম বুদ্ধিমত্তাই যথেষ্ট সহায় কৰিছে। এতিয়া এআই এপৰ সহায়ত কবিতা, গল্প, প্ৰবন্ধ আনকি উপন্যাস লিখি প্ৰকাশ কৰাও দেখা গৈছে। এআইৰ সহায়ত সুৰীয়া সংগীতৰে মনপৰসা গানৰ সৃষ্টি হৈছে। চাটজিপিটি, জেমিনাই, ক্লাউড, গ্ৰুক আদি এপবোৰৰ সহায়ত বহুতে গল্প, কবিতা, প্ৰবন্ধ লেখা দেখা গৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্ট সাহিত্য আৰু সংগীত কলাসন্মত নে? সেই বোৰে মানৱজাতিৰ সৃষ্টিক কেতিয়াবা তল পেলাব নেকি বা মানৱজাতিক অতিক্ৰম কৰি আগুৱাই যাব নেকি, এই প্ৰশ্নবোৰ মোৰ দৰে বহুতৰ মনত উদয় হৈছে।
এতিয়ালৈকে কৃত্ৰিম বুদ্ধিমত্তাই যিমান অগ্ৰগতি লাভ কৰিছে, সেইখিনি মানুহৰ সৃষ্টিশীল কামত সহায়ক হিচাপে ব্যৱহাৰ কৰিলে লাভবান হ’ব পৰা যায়। ব্ৰেইনষ্ট’ৰ্মিং কাহিনীৰ প্লট, চৰিত্ৰ, বা থীমৰ বাবে নতুন ধাৰণা লাভ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা চালিত এপৰ সহায় ল’ব পাৰে। আপুনি গল্প এটা লিখিবলৈ প্লট বিচাৰি পোৱা নাই। গল্পৰ পটভূমি, চৰিত্ৰৰ সম্যক ধাৰণা এটা এআই এপত লিখি চাৰি, পাঁচটা সম্ভাব্য কাহিনীৰ প্লট খুজিব পাৰে। কোনো এটা প্লট ভাল লাগিলে আপুনি নিজৰ মতে সাল-সলনি কৰিবলৈ দিব পাৰে। প্লটটোৰ ধাৰণাটো লৈ নিজৰ সৃষ্টিশীল চিন্তাৰে গল্পটো লিখিব পাৰে। এইখিনি কৰোঁতে কৃত্ৰিম বুদ্ধিমত্তাই আপোনাক সহায়হে কৰিব, ইয়াত নিজৰ সৃষ্টিশীলতা হ্ৰাস নাপায়। গল্পটো লিখি থকা সময়তো এআই এপৰ সহায় ল’ব পাৰে। আটলাণ্টিক মহাসাগৰৰ এটা দ্বীপৰ বিৱৰণ লাগিলে নতুবা ব্ৰাজিলৰ এমাজ’ন বৰ্ষাৰণ্যৰ এটি পুৱাৰ পৰিৱেশৰ বিৱৰণ দিব লাগিলে এআই এপৰ ব্যৱহাৰ ফলদায়ক হ’ব পাৰে। এটা গল্পৰ শেষাংশ আপোনাৰ মন:পুত নহ’লে এআইক নতুন আইডিয়া দিবলৈ ক’ব পাৰে। কেতিয়াবা কাহিনীৰ কাঠামো তৈয়াৰ কৰাত ই সহায়ক হয়। গল্পৰ পটভূমি নিৰ্ণয় কৰোঁতে ইয়াৰ সহায় ল’ব পৰা যায়। মনত ৰাখিব গল্পটো আপুনিহে লিখিব, এআইয়ে আপোনাক সহায় হে কৰিব। কিছুমানে এআইৰ দ্বাৰা ৰচিত গল্প হুবহু নিজৰ নামত প্ৰকাশ কৰিবলৈ চায়। তেনে গল্প এটা আধামান পঢ়িলেই ধৰিব পাৰি যে সেয়া মানৱসৃষ্ট গল্প নহয়। কেতিয়াবা নিজৰ লেখা মনপচন্দ নহ’বও পাৰে। তেনে পৰিস্থিতিত এআই এপৰ সহায় ল’ব পাৰে। নিজৰ লেখাখিনি এপত পোষ্ট কৰি ইয়াৰ উন্নতিকৰণ কৰিবলৈ দিব পাৰে। কেতিয়াবা দুজন ব্যক্তিৰ মাজৰ সংলাপ বা কথোপকথনত এআই এপৰ সহায় ল’ব পৰা যায়। এআইৰ দ্বাৰা কাহিনীৰ দুৰ্বল অংশ চিনাক্তকৰণ কৰি ইয়াৰ বিকল্প কি হ’ব পাৰে তাৰ আভাস দিব পাৰে। গল্প এটাৰ লগত সংগতি ৰাখি কেতিয়াবা ঐতিহাসিক কোনো ঘটনাৰ পটভূমি এআই এপত বিচাৰিব পাৰি। সেই পটভূমিক গল্পটোত প্ৰয়োগ কৰিব পাৰি। ধৰা হওক কোনো এটা গল্প নদীবান্ধৰ ঘটনাক লৈ লিখিবলৈ লৈছে আৰু নদীবান্ধৰ দ্বাৰা কেনেদৰে বিদ্যুৎ উৎপাদন কৰা হয় সেই বিষয়ে আপুনি ভালদৰে নাজানে। এক মিনিটত আপুনি এআই এপ ব্যৱহাৰ কৰি আপোনাৰ প্ৰয়োজনীয় কথাখিনি গল্পটোত প্ৰয়োগ কৰিব পাৰে। তেনেকৈ আপুনি হয়তো অস্ত্ৰোপচাৰ কক্ষত কি ঘটে, ৰোগী এজনে কি কি পৰিস্থিতৰ সন্মুখীন হয় নাজানে। এআই এপক সুধিলে তাৰ সুন্দৰ বিৱৰণ এটা আপোনাক দিব পাৰে। কেতিয়াবা গল্প বা উপন্যাস লিখি থাকোঁতে লেখকে নজনাকৈ কিছু কথাৰ পুনৰাবৃত্তি হোৱা দেখা যায়। কেতিয়াবা চৰিত্ৰসমূহৰ মাজত বা ঘটনাৰ মাজত সামাঞ্জস্য হেৰাই যায়, কৰবাত ভুল হৈ থাকে। সেই ভুলবোৰৰ আঙুলিয়াব পাৰে এআই এপে। ইংৰাজী ভাষাৰ বাবে বহু এপ ওলাইছে যিয়ে বৰ্ণাশুদ্ধি, ব্যাকৰণ শুদ্ধিকৰণ আৰু বাক্য গাঁথনি অধিক উন্নতকৰণত সহায় কৰে। এটা ঘটনাকে আমি বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰো। এআই এপে বিভিন্ন ধৰণে ঘটনাটোক উপস্থাপন কৰিব পাৰে। তাৰে ভিতৰত নিজৰ ভাল লগাখিনি গল্প বা উপন্যাসত ব্যৱহাৰ কৰিব পাৰি। কেতিয়াবা এটা গল্প লিখি থাকোঁতে আধাতে থৈ দিবলগীয়া হয়। মনলৈ নতুন চিন্তা নাহে বা নিজৰ পচন্দৰ মতে নাহে। মাহৰ পিছত মাহ পাৰ হয়, গল্পটো সম্পূৰ্ণ হৈ নুঠে। তেতিয়া এআই এপৰ সহায় ল’ব পৰা যায়। গল্পটোৰ গতিশীলতা আনি দিব পাৰে। লেখকৰ ’ৰাইটাৰ্চ ব্লক’ নোহোৱা কৰিব পাৰে।
সৃষ্টিশীল লেখাত কৃত্ৰিম বুদ্ধিমত্তাক সহযোগী মাধ্যম হিচাপে ব্যৱহাৰ কৰি লেখন প্ৰক্ৰিয়াটো অধিক খৰটকীয়া আৰু আকৰ্ষণীয় কৰি তুলিব পাৰি। সৃষ্টিশীল লেখাত এআইক কেৱল এগৰাকী ব্যক্তিগত সহায়কাৰী এজেণ্ট (Personal Assistant Agent) হিচাপে ব্যৱহাৰ কৰিব পাৰে। কাহিনীৰ আচল প্ৰাণ আৰু মানৱীয় আৱেগখিনি সদায় লেখকৰ নিজৰ হ’ব লাগে। লেখকৰ স্বকীয়তা লেখাৰ মাজত পাব লাগিব তেতিয়তাহে মৌলিক লেখা বুলি ক’ব পৰা যাব। গতিকে সৃষ্টিশীল লেখাত কৃত্ৰিম বুদ্ধিমত্তা কেতিয়াও লেখকৰ বিকল্প হিচাপে উপস্থাপন কৰিব পৰা নাযায়, বৰং এজন সৃষ্টিশীল লেখকৰ সহায়ক হিচাপে ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ গল্প, উপন্যাস, কবিতা, নাটক, চিত্ৰনাট্য, প্ৰবন্ধ আদি লিখাৰ ক্ষেত্ৰত এআইয়ে নতুন চিন্তাৰ কৰ্ষণ, বিকল্প বিচাৰ আৰু ভাষাৰ প্ৰয়োগত সহায় কৰিব পাৰে। তেনেদৰে কবিতা ৰচনাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা কবিৰ বিকল্প নহয়; ই কবিৰ চিন্তা, কল্পনা আৰু ভাষাৰ এক সহায়ক এজেণ্ট হিচাপে কাম কৰিব পাৰে। বিশেষকৈ কবিতাৰ ভাবনা জন্ম দিয়াৰ পৰা শব্দচয়ন, প্ৰতীক আৰু গঠনলৈ এআই ব্যৱহাৰ কৰিব পাৰি। উপমা আৰু ৰূপকৰ সন্ধানত এআইক কেনেদৰে ব্যৱহাৰ কৰিব পৰা যায় সেইবিষয়ে এটা এআই এপে এনেদৰে জনালে, “কবিতাৰ সৌন্দৰ্য বহুখিনি নিৰ্ভৰ কৰে চিত্ৰকল্প, উপমা আৰু ৰূপকৰ ওপৰত। এআইক সুধি এটা সাধাৰণ ভাবক বিভিন্ন ৰূপকত প্ৰকাশ কৰাৰ সম্ভাৱনা বিচাৰিব পাৰি। উদাহৰণস্বৰূপে, “স্মৃতি”ক কেৱল স্মৃতি বুলি নকৈ—পুৰণি ঘৰৰ খিৰিকীৰে সোমাই অহা আবেলিৰ পোহৰ হিচাপে কল্পনা কৰাৰ দৰে নতুন চিত্ৰকল্পৰ সন্ধান কৰিব পাৰি।“
সৃষ্টিশীল লেখাত এআই ব্যৱহাৰৰ কেইটামান উদাহৰণ দিব খুজিছোঁ। আমি কিছুদিন আগেয়ে গল্প প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। এটা গল্পৰ কেন্দ্ৰীয় বিষয় আছিল এজন মানুহে নিজৰ ছাঁটো হেৰুৱাৰ। গল্পটো পঢ়ি থাকোঁতে অনুমান কৰিছিলো যে গল্পটো লেখকৰ নিজৰ সৃষ্টি নহ’ব পাৰে, হয়তো এআইৰ দ্বাৰা ৰচিত। এআইৰ বিভিন্ন এপত আমি প্ৰশ্ন উত্থাপন কৰিলোঁ যে গল্প ৰচনাৰ ক্ষেত্ৰত এআইয়ে কেনেদৰে সহায় কৰিব। এআইয়ে এনেদৰে লিখিলে, “লেখকে কোনো এটা বিষয় বা কেন্দ্ৰীয় ভাবনা দিলে এআইয়ে তাৰ পৰা বিভিন্ন গল্পৰ কাহিনী, চৰিত্ৰ, সংঘাত আৰু পৰিৱেশৰ সম্ভাৱনা আগবঢ়াব পাৰে। যেনে এজন মানুহে এদিন নিজৰ ছাঁটো হেৰুৱালে – এই ধাৰণাটোৰ পৰা কেইবাটাও ভিন্ন গল্পৰ সম্ভাৱনা উলিয়াব পাৰি।“ সঁচাকৈয়ে এআইয়ে নিজৰ ছাঁ হেৰওৱাক কেন্দ্ৰীয় বিষয় কৰি যিটো গল্প লিখি দিলে বিশেষ হীন দেৰি নোহোৱাকৈ তেনে এটা গল্পই গল্প প্ৰতিযোগিতালৈ পঠিয়াই দিলে। সেই গল্পটোত যিহেতু নিজৰ সৃষ্টিশীলতাৰ ব্যৱহাৰ তেনেই সামান্য, গল্পটো প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা নহ’ল।
সিদিনা বিশিষ্ট লেখক আৰুণি কাশ্যপে ’সাম্প্ৰতিক বিশ্ব সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তা’ শিৰোনামৰ প্ৰবন্ধটিত এনেদৰে লিখিছিল, “২০২৬ চনৰ এপ্ৰিল মাহত কমনৱেল্থ গল্প প্ৰতিযোগিতাৰ বিজয়ী সাহিত্যিক জামিল নাজিৰৰ বিৰুদ্ধে তেওঁৰ পুৰস্কৃত গল্প ’দ্যা চাৰ্পেন্ট ইন দ্য গ্ৰ’ভ’ এআইৰ জৰিয়তে লিখা আৰু সম্পাদনা কৰা বুলি অভিযোগ উঠিছিল৷ মানুহে আঙুলিয়াই দিছিল যে তেওঁৰ লেখাত এনে কিছুমান বৈশিষ্ট্য আছে যিবোৰ এআই ব্যৱহাৰৰ পৰিচায়ক৷ তাৰ পিছতে পৃথিৱীৰ আগশাৰীৰ আলোচনী আৰু কাকতত যেনে ‘নিউ য়ৰ্কাৰ’, ‘গ্ৰাণ্টা মেগাজিন’, ‘গাৰ্ডিয়ান’ ‘নিউয়ৰ্ক টাইমছ’ আদিত এই বিষয়ে বহুত বাক-বিতণ্ডাৰ সৃষ্টি হ’ল। ব্ৰিটেইনৰ ‘হাৰ্পাৰ্ছ বজাৰ’ নামৰ আলোচনী এখনৰ ২০২৬ চনৰ গল্প প্ৰতিযোগিতাৰ বিজয়ী সাহিত্যিক গৰাকীয়ে এনে এটা বিতৰ্কৰ মাজত সোমাই পৰা পৰিলক্ষিত হয়৷ সেই গল্প প্ৰতিযোগিতাৰ বিজয়ীজন হ’ল মৰিছাছৰ এগৰাকী সাহিত্যিক আৰু সেই সাহিত্যিকজনেও গল্প ৰচনা কৰোঁতে এআই ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷“
লেখকে সম্পূৰ্ণৰূপে এআইৰ জৰিয়তে লিখিছে নে নিজৰ সৃষ্টিশীল লেখনিৰে লিখিছে তাক নিৰূপণ কৰিবলৈ ’পাংগ্ৰাম এআই’ নামৰ কৃত্ৰিম বুদ্ধিমত্তাচালিত এপ ওলাইছে। কিন্তু তেনে এপেৰেও ১০০% শুদ্ধকৈ ক’ব পৰা নাযায় যে গল্পটো এআইৰ দ্বাৰা ৰচিত। বৰ্তমান ভাৰতত তেনে কোনো আইন প্ৰনয়ন হোৱা নাই যাৰ দ্বাৰা কোনো লেখকে সম্পূৰ্ণ এআই এপৰ সহায়ত লেখা প্ৰকাশ কৰিলে সেই লেখাক লেখকজনৰ মৌলিক, সৃষ্টিশীল লেখা নহয় বুলি গ্ৰহণ কৰিব পৰা যায়। কিমানখিনিলৈ এআই এপৰ সহায় ল’লে লেখকৰ সৃষ্টিশীলতা অটুট থাকিব তাৰ গ্ৰহণযোগ্য উত্তৰ কাৰো হাতত নাই। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল প্ৰতিটো এআই এপে লাৰ্জ লেংগুৱেজ মডেলৰ সহায়ত কাম কৰে। এপটো মানুহে যিমানে ব্যৱহাৰ কৰিব সিমানে মানুহৰ এলগৰিথম বুজিবলৈ চেষ্টা কৰিব আৰু সিমানে মানুহৰ দৰে সৃষ্টি কৰিব পৰা হ’ব। যদিহে যোৱা কেইবছৰৰ দৰে নতুন প্ৰযুক্তৰে শক্তিশালী এপ ওলাই থাকে এটা সময় আহিব যেতিয়া এআই সৃষ্ট গল্প বা উপন্যাস মানুহে বেছি ভাল পোৱা হ’ব। মানুহৰ ৰসবোধ সলনি হৈ যাব পাৰে আৰু মানৱ সৃষ্ট গল্প বা উপন্যাসৰ আদৰ নাথাকিব পাৰে। এআইৰ জৰিয়তে লিখা কবিতা, গল্প বা উপন্যাস মানৱ সৃষ্ট সাহিত্যতকৈ উন্নত মানৰ হ’ব। হয়তো সেইদিন সোনকালেই আহিব।
