‘সা ৰে গা মা’ কিয় – প্ৰাঞ্জল অনুভৱী
বহু বছৰ আগতে ক’ত জানো পঢ়িছিলোঁ, তফজ্জুল আলি চাৰৰ ওচৰলৈ এগৰাকী মহিলা গৈছিল৷ লগত তেখেতৰ আঠ-দহ বছৰীয়া ছোৱালীজনী৷ মহিলা গৰাকীয়ে গৈ চাৰক ক’লে, ‘চাৰ, আমাৰ এইক গান শিকাব খুজিছিলোঁ৷ ’
‘ভাল কথা৷ মাজনী, তুমি ‘সা ৰে গা মা’ জানা নে?’ চাৰে ছোৱালীজনীৰ ফালে চাই মৰম লগাকৈ সুধিলে৷
উত্তৰটো আহিল মহিলা গৰাকীৰ ফালৰপৰা, ‘চাৰ, সা ৰে গা মা কিয়? আচলতে তাই গান গাব জানেই৷ ষ্টেজত গাব পৰাকৈ অকণমান শিকাই দিলেই হ’ল চাৰ৷’
দেখিবলৈ পাওঁ, বহুত অভিভাৱকে বিষয়টোৰ প্ৰাথমিক জ্ঞানখিনি আহৰণ নকৰোৱাকৈয়ে ল’ৰা-ছোৱালীক গান গাবলৈ মঞ্চত উঠাই দিয়াৰ প্ৰৱণতা ৰাখে! নাচৰ প্ৰ’গ্ৰেম এটা ছোৱালীজনীক দিয়াবলৈ অনুষ্ঠানটোৰ কৰ্মকৰ্তাক অনুৰোধ কৰে! ল’ৰা- ছোৱালীক শাৰী পাতি বহুৱাই দিয়া দেখিবলৈ পাওঁ- ছবি অঁকা প্ৰতিযোগিতাবোৰত!
হয়, আমি ল’ৰা-ছোৱালীক সৃজনীমূলক বিষয়বোৰৰ বাবে উৎসাহিত কৰিব লাগে, প্ৰেৰণা দিব লাগে সিহঁতক৷ এই কণ কণ শিশুহঁতেইতো নিৰ্মাণ কৰিব ভৱিষ্যতৰ এখন সুন্দৰ পৃথিৱী!
সেইবুলি ‘সা ৰে গা মা’ নজনাকৈ, তাল-মান নুবুজাকৈ মই মোৰ ল’ৰাটোক গান গাবলৈ উঠাই দিমনে মঞ্চত? নৃত্যৰ সাধাৰণ কথাখিনি নজনা মোৰ ছোৱালীজনীৰ বাবে কৰ্মকৰ্তাক অনুৰোধ কৰিমনে এটা অনুষ্ঠান দিবলৈ? ভালকৈ পেঞ্চিল ধৰিব নজনা মোৰ ভতিজী ছোৱালীজনীক, পানী ৰঙৰ ছবি অঁকা প্ৰতিযোগিতাখনত ভাগ ল’বলৈ আগবঢ়াই দিমনে?
গ্ৰীস্মৰ দীঘলীয়া বন্ধবোৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আগবাঢ়ি আহে বিনামূলীয়া পাঠদান দিবলৈ৷ ইয়াৰ মাজতে আমি ল’ৰা-ছোৱালীবোৰক দিব নোৱাৰো নে নৃত্যৰ তাল, মান, লয়ৰ প্ৰাথমিক জ্ঞানখিনি? শিকাব নোৱাৰো নে, কি কি ৰং মিলি হয় হালধীয়া ৰং? কেনেকৈ আঁকিব পাৰি সুদৃশ্য এখন ৰামধেনু? আৰু গান এটা গাবলৈ কিয় লাগে ‘সা ৰে গা মা’….৷