সুখ (মূল – জন বাৰোজ) (অনুবাদ – বৰ্ণালী দেউৰী)
সুখ
– মূল – জন বাৰোজ
– অনুবাদ – বৰ্ণালী দেউৰী
মানুহ সুখী হ’বৰ কাৰণে এটা বিশেষ বস্তুৰ প্ৰয়োজন আন সকলো বস্তুতকৈ বেছি । সেই বস্তুটো কি ?
এই বস্তুটো অতি সাধাৰণ আৰু সুলভ । মানুহে হাত মেলিলেই তাক পাব পাৰে । কিন্তু কেৱল জ্ঞানী মানুহেহে সেই বস্তুটো অনুমান কৰিব পাৰে ।
কোনোৱে ক’ব ই স্বাস্থ্য বা ধন, বা বন্ধু বা ইটো-সিটো তেনেকুৱা আন বহুত বস্তু । কিন্তু এই সকলোবোৰ থাকিলেও তুমি সুখী নহ’ব পাৰা । তোমাৰ খ্যাতি আৰু ক্ষমতা থাকিব পাৰে; তথাপি তুমি সুখী নহ’ব পাৰা ।
স্বাস্থ্য, ধন, বন্ধু, ঘৰ – এইবোৰ নিশ্চয় দৰকাৰী বস্তু । কিন্তু মই ক’ব খোজোঁ যে এনে এটা বস্তু আছে- যিটো বস্তু এই আটাইবোৰ বস্তুতকৈ বেছি দৰকাৰী । সেই বস্তুটো কি ?
বেমাৰী মানুহে ক’ব স্বাস্থ্য । দুখীয়া মানুহে ক’ব ধন-সম্পত্তি । উচ্চাকাংক্ষী মানুহে ক’ব ক্ষমতা, পণ্ডিতে ক’ব জ্ঞান । পৰিশ্ৰম কৰি ক্লান্ত হোৱা মানুহে ক’ব – জিৰণি ।
কিন্তু মই মনতে ভাবি থকা বস্তুটোৰ অবিহনে এইবোৰৰ কোনো এটা বস্তুৱেই মানুহক বেছি দিন সুখী কৰি ৰাখিব নোৱাৰে ।
এখন নৈৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তুটো কি ? অবিৰাম গতিৰে বৈ থকাটো । নৈখন ব’বলৈ এৰিলেই সি মৰা-নৈ বা জলাশয় হ’ব । মানুহৰ ক্ষেত্ৰতো সেই একেই কথা । মানুহ সকলো সময়তে সচল আৰু গতিশীল হৈ থাকিব লাগিব—- শাৰীৰিক, নৈতিক আৰু বৌদ্ধিকভাবে ।
সেই কাৰণে সুখৰ গোপন ৰহস্যটো হ’ল–কাম । একমাত্ৰ কামেইহে মানুহক সচল আৰু গতিশীল কৰি ৰাখিব পাৰে । এইকথা সঁচা যে স্বাস্থ্য অবিহনে মানুহ সুখী হ’ব নোৱাৰে । কিন্তু স্বাস্থ্যৱান হ’বলৈকো মানুহে কাম কৰি থাকিব লাগিব, কাম কৰি ভাল পাব লাগিব ।