সোঁৱৰণ (- মৌচুমী বৰি)


১)
চতিয়না ফুলবোৰ গোন্ধাইছে।
পূজা আহিছে।
বাঁহৰ খুটাত সাঁচতীয়া পইচা কিমান বা হ’ল!
তেনেহেন বতৰত কমলাটেঙাৰ সোৱাদ বৰ ভাল হয়।
২)
গাত সানি পথাৰৰ বোকাপানী
উভতিলোঁ ঘৰলৈ
পোৰা বিলাহীৰে ভাত খাই
ফলিপুথি সাৱটি স্কুলঘৰ পালোগৈ।
৩)
জাকপাতি পথাৰত ৰবাব টেঙাৰ বল খেলিবলৈ
উকিয়াই উকিয়াই মাতিলোঁ লগৰীয়াজাকক!
উকিটো ৰৈ গ’ল মনৰ যাদুঘৰত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!