সোণালী বাঁহী (সুস্মিতা বৰা)
সন্ধ্যা
মোৰ কোঠাৰ পৰা শুনোঁ
বৈ অহা বাঁহীৰ সুৰ
উশাহত বাহ লয় নিৰ্জনতা
সপোনৰ ছয়াময়াত নে দিঠকৰ স্পৰ্শত
ওলমি ৰয় সোঁৱৰণীৰ ঢৌ
কলিজাৰ পৰা উজাই আহে
এটা ৰি-ৰিয়নী
বুকুৰ গভীৰতালৈ যোৱাৰ বাট বিচাৰি
হাবাথুৰি খায় নিশাহবোৰ
পুৱা
বকুল তলৰ দুবৰিডৰাত
পৰি থাকে সোণবৰণীয়া
এটা বাঁহী
এসাগৰ মৌনতাত নিশ্চুপ হৈ পৰি ৰয়
এটা কাৰীগৰী সপোন
মোৰ দুচকুৰ ক’লা মণি দুটাত
জিলিকি থাকে দুখন সোণালী নৈ …