স্বাস্থ্য, চিকিৎসা আৰু বৌদ্ধ দৰ্শন (অনুপমা বৰগোহাঁই)
“A healthy mind in a healthy body,”- এই ৰোমান প্ৰবাদটিয়ে সুস্থ মনৰ বাবে শৰীৰৰ সুস্থতা যে অপৰিহাৰ্য তাকে প্রকাশ কৰিছে । প্ৰত্যেক ব্যক্তিয়ে ৰোগহীন স্বাস্থ্যৱান শৰীৰ এটা বিচাৰে । এটা স্বাস্থ্য সন্মত জীৱন ধাৰণ কৰিবলৈ প্ৰতিজন মানুহেই বহু সময়ত বহু ধৰণৰ পৰিকল্পনা কৰে । তথাপিও কোনো মানুহে সম্পূৰ্ণৰূপে ৰোগমুক্ত জীৱন এটাৰ অধিকাৰী হব নোৱাৰে । কাৰণ ৰোগ শৰীৰৰ এটা অস্বাভাবিক অৱস্থা যদিও জীৱনৰ এটা এৰাব নোৱাৰা প্ৰাকৃতিক বা স্বাভাৱিক ক্ৰিয়া !! আজিকালি চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে বহুতো দুৰাৰোগ্য ৰোগৰ সম্পূৰ্ণ নিৰাময় সম্ভৱ হৈছে । তথাপিও মানুহৰ মাজত নতুন নতুন বেমাৰ -বিশেষকৈ উন্নত দেশবোৰত মানসিক ৰোগ, হৃদৰোগ, হতাশগ্রস্ততা আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিহে হৈছে ।
কোনো কোনো বিশেষজ্ঞৰ মতে ৰোগ হ’ল মানুহৰ শৰীৰৰ এক “অস্বাভাৱিক অৱস্থা” আৰু অন্য কোনোৰ মতে ৰোগ আৰু ইয়াৰ নিবাৰণ জীৱনৰ এটা “গতানুগতিক প্রক্রিয়া” !
যিহেতু, মানুহ কেতিয়া্ও গোটেই জীৱন ৰোগমুক্ত হব নোৱাৰে – তেনে চিকিৎসকৰ দায়িত্ব কি ? আমেৰিকাৰ এজন সাংবাদিক নৰমেন কাজিনচে (Norman Cousin) লিখিছিল : এজন চিকিৎসক প্রয়োজনৰ সময়ত এজন দাৰ্শনিকো হব লাগে- যি ৰোগীৰ অন্তৰত ৰোগমুক্ত হব বিচৰাৰ প্ৰৱল তাড়না, আত্মবিশ্বাস আদি জগাই তুলিব পাৰে । ৰোগীৰ শৰীৰৰ ভিতৰত থকা স্বাভাৱিক আৰোগ্য লাভৰ প্ৰক্ৰিয়া আৰু ঔষধৰ প্রতিক্রিয়া দুয়োটাৰ শক্তিশালী সংমিশ্ৰণতহে ৰোগ সোনকালে নিৰাময় হয় । সেয়ে কেৱল ৰোগটোক জয় কৰাৰ পৰিবৰ্তে চিকিৎসকে ৰোগীৰ মনৰ বিশ্বাসো জয় কৰিবলৈ চেষ্টা কৰিব লাগে !
কঠিন ৰোগৰ অভিজ্ঞতাৰ পৰা বহুলোকে জীৱন আৰু মৃত্যু যে একেটা মুদ্রাৰে ইপিঠি আৰু সিপিঠি তাক অনুভৱ কৰিবলৈ সক্ষম হয় । জীৱনৰ সুন্দৰতা নতুনকৈ অনুভৱ কৰে । বহু সময়ত তেনেলোকে জীৱন সম্পৰ্কে নতুন আৰু অধিক পৰিপক্ক সিদ্ধান্ত ল’বলৈও সক্ষম হয় । দুৰাৰোগ্য কেন্সাৰ ৰোগৰ পৰা মুক্তি পোৱাৰ পিছত ভাৰতীয় ক্ৰিকেটৰ যুৱৰাজ সিঙে তেওঁৰ নিজৰ আত্মজীৱনীখন লিখিবলৈ সাহস পাইছিল । জীৱনৰ সকলো প্ৰত্যাহ্বান সাহসেৰে ল’লে যে জীৱনৰ যিকোনো যুদ্ধত জয়ী হ’বই – সেয়া তেওঁক কঠিন ৰোগৰ অভিজ্ঞতাইহে প্ৰমাণ কৰাৰ সুবিধা দিলে । দুৰাৰোগ্য ৰোগত ভোগী থকা বহু ব্যক্তিয়ে নিস্বাৰ্থভাৱে নিজৰ ধন দৌলত, সা –সম্পত্তি পৰৰ বাবে- সমাজৰ সেৱাৰ বাবে সমৰ্পন কৰিবলৈ মানসিক শক্তি আহৰণ কৰে ।
চিকিৎসকে যিদৰে ৰোগৰ যন্ত্ৰণাৰ পৰা মুক্ত হ’বৰ বাবে ৰোগীক ঔষধ দিয়ে – সেইদৰে বৌদ্ধ দৰ্শনেও ৰোগীক বা ব্যক্তিক যন্ত্ৰণা নিৱাৰণৰ বাবে পথ দেখুৱায় । অন্য অৰ্থত ক’বলৈ গলে চিকিৎসা শাস্ত্র আৰু বৌদ্ধ দৰ্শনৰ উদ্দেশ্য একেই – মানুহৰ যন্ত্ৰণা নিবাৰণ ! বৌদ্ধ দৰ্শন কেৱল এক আধ্যাত্মিক বা জটিল দৰ্শন নহয় । গৌতম বুদ্ধই বহু বছৰৰ আগতেই মানুহৰ শাৰীৰিক, মানসিক সকলো ৰোগ ,যন্ত্ৰণা আৰু অশান্তিৰ বৈজ্ঞানিক কাৰণ বিচাৰি তথা তাৰপৰা চিৰকালৰ বাবে মুক্তি লাভৰ স্বাভাৱিক সহজ উপায়ৰ বাবে গৱেষণা কৰিছিল । ৰোগ জীৱনৰ একপ্ৰকাৰ এৰাব নোৱাৰা এক যন্ত্ৰণা । এতিয়া কথা হ’ল – আমি সদায় ৰোগৰ যন্ত্ৰণা ভোগ কৰি জীৱনৰ প্ৰকৃত সুখৰ পৰা সদায় বঞ্চিত হৈয়েই ৰ’ম নেকি !! যিহেতু আমাৰ শৰীৰ আৰু মনৰ ওতঃপূতঃ সম্পৰ্ক আছে-সেয়ে শৰীৰৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ খেলিমেলিবোৰ দূৰ কৰিবলৈ আমি সঠিক ঔষধ সেৱন কৰাৰ কৰাৰ ওপৰিও মনৰ খেলিমেলিও দূৰ কৰিবলৈ সঠিক মানসিক সাধনা কৰিব লাগিব । মন ভালে থাকিলেহে দেহাও ভালে থাকিব । মনেই যে বহু সময়ত বহুবোৰ বেমাৰৰ সৃষ্টি কৰে –সেয়া বৈজ্ঞানিক ভাৱেও স্বীকৃত ।
নতুন যুগৰ লগত খাপ খোৱাকে বৌদ্ধ দৰ্শনক এক সহজ আৰু পৰিশোধিত ৰূপ দিয়া ১২ শতিকাৰ জাপানী পুৰুহিত নিচিৰণ ডাইচনেনে লিখিছে যে ৰোগ বা ব্যাধিয়ে আমাক নিজক পৰীক্ষা কৰি চাবলৈ, জীৱন আৰু জীৱনৰ অস্তিত্ব অনুভৱ কৰিবলৈ সুবিধা দিয়ে । সেয়ে ৰোগ আমাৰ বাবে অতি প্ৰয়োজনীয় আৰু অমূল্য প্ৰেৰণাদায়ক শক্তি বুলি গণ্য কৰিব লাগে !! সেয়েহে কোৱা হয় “ A person who has never been ill, only understands half of life” । সঁচাই যি মানুহে কোনোদিন কোনো বেমাৰত ভোগা নাই , তেনে মানুহে জীৱনটো সম্পূৰ্ণ ভোগ কৰিব পোৱা নাই !!.
বৌদ্ধ দৰ্শনৰ আন এজন শিক্ষক জচাই টডাই কৈছিল :: “There are two fundamental problems with people today. One is the confusion of knowledge with wisdom, and the other is the confusion of sickness with death”. বহু মানুহে প্রায়ে জ্ঞানৰ সাধনা আৰু প্ৰজ্ঞাৰ সাধনা একে বুলি ভাবে । সেইদৰে ৰোগৰ লগত মৃত্যু সদায় জৰিত হৈ আছে বুলিয়েই ভাবে । বিজ্ঞানে মানুহক বিভিন্ন ৰোগৰ চিকিৎসা কৰিবলৈ বিভিন্ন সাধন দিছে । এয়া হ’ল জ্ঞান। কিন্তু ৰোগৰ লগত যুঁজিবলৈ নিজৰ মনকো যে শক্তিশালী আৰু নিৰ্মল কৰি ৰাখিব লাগিব- সেয়া হৈছে প্রজ্ঞা । এনে প্রজ্ঞাৰ সাধনা কৰিবলৈ বৌদ্ধ দৰ্শনে আমাক সহায় কৰে । জৰা ফুকা কৰা, এজন চিকিৎসকৰ ঔষধ আধা খাই শেষ নহওঁতেই পুনৰ আন এজন চিকিৎসকৰ ওচৰলৈ গৈ অন্য দৰব খোৱা, পূজা পাতল কৰা – আদিবোৰ কৰাতকৈ ৰোগৰ সু-চিকিৎসা কৰা, সময়মতে সঠিক ঔষধ সেৱন কৰা আদিৰ বিষয়ে সিদ্ধান্ত লোৱাৰ বিবেচনা শক্তি অধিক জাগ্ৰত কৰে বৌদ্ধ দৰ্শনৰ অধ্যয়নে ।
জাপানী দাৰ্শনিক, শান্তিৰ পুৰোহিত ড: ডাইচাকু ইকেডাই “স্বাস্থ্য আৰু দৰ্শন”ৰ ওপৰত নিজৰ অভিজ্ঞতাৰ কথা এনেকৈ লিখিছে :
“ ৰোগৰ লগত কৰা সংগ্ৰামে আমাক কেৱল জীৱনটো বুজি পাবলৈ সুবিধা দিয়াই নহয় – জীৱনৰ যিকোনো সংগ্ৰামত জয়ী হ’বলৈ এক অদমনীয় উৎসাহ দিয়ে । যিসময়ত ২য় মহাযুদ্ধৰ কুফলৰ প্ৰভাৱ আন বহুতো জাপানী পৰিয়ালৰ লগতে মই আৰু মোৰ পৰিয়ালেও ভোগ কৰি আছিলোঁ – সেই সময়তে মই কঠিন যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিলোঁ । সেই সময়ত যক্ষ্মা ৰোগত উন্নত চিকিৎসা নাছিল । চিকিৎসকে মোৰ জীৱনৰ ঘড়ী ৩০ বছৰ বয়সতকৈ বেছিদিন নচলিব বুলি ঘোষণা কৰিছিল । ১৯ বছৰ বয়সত মই মোৰ শিক্ষাগুৰু জচাই টডাৰ যোগে নিচিৰেণৰ বৌদ্ধ দৰ্শনৰ লগত পৰিচিত হ’লো । জীৱনৰ প্রতিটো পলেই যে অমূল্য আৰু জীয়াই থকাৰ প্রতিটো মুহূৰ্তই পৰিপূৰ্ণ ভাবে জীয়াই থাকিব লাগে এই দৰ্শনে মোক অনুভৱ কৰালে । ..তাৰপিচত মই কোনো দিনে অযথা এটা পলো অপব্যয় কৰা নাই । অধ্যয়ন, বিশ্বাস আৰু তাৰ অভ্যাসৰ দ্বাৰা জীৱনৰ যি দৃঢ় ভেটি গঢ়ি তুলিছোঁ – তাৰ জোৰতে আজি ৮০ ৰো অধিক বছৰ কাল সুস্থ আৰু কৰ্মোদ্যমী হৈ থাকিব পাৰিছোঁ” । {২০১৪ চনৰ ২ জানুৱাৰীত ড: ডাইচাকু ইকেডাই জীৱনৰ ৮৬টা বছৰ সম্পূৰ্ণ কৰিলে !}
এনে বহুত লোক আছে, যাৰ শৰীৰ বাহিৰত সুস্থ যেন দেখিলেও মনটো সুস্থ নহয় । ঘৃণা, ঈৰ্ষা, ক্রোধ, লোভ আদি ৰিপুয়ে মনটো প্রতি মুহূৰ্ততেই তেওঁলোকৰ মনটো খুলি খুলি খাই থাকে ! আৰু এনে বহুত লোকো আছে যাৰ শৰীৰত নানা ব্যাধি থাকিলেও মনটো ইমান সুস্থ ,সবল আৰু শক্তিশালী হৈ থাকে যে তেওঁলোকৰ জীৱনী শক্তিৰ ওচৰত ৰোগেও হাৰ মানিবলৈ বাধ্য হয় । এনে এটা সুস্থ সবল আৰু শক্তিশালী মন পাবলৈ বৌদ্ধ দৰ্শনে আমাক সহায় কৰে । যদিও ‘সুস্থ শৰীৰত সুস্থ মন থাকে’ বুলি কোৱা হয় মই ইয়াক ওলোটা কৈহে কম । সুস্থ মনেহে সুস্থ শৰীৰ তৈয়াৰ কৰে । গতিকে শৰীৰ সুস্থ হৈ থাকিবলৈ হলে স্বাস্থ্য ৰক্ষাৰ বিভিন্ন বিজ্ঞান সন্মত বিধান লোৱাৰ ওপৰিও মনৰ সুস্থতাৰ বাবে প্রতিদিন, প্রতিমূহূৰ্তত প্রজ্ঞাৰ সাধনা কৰিব লাগে – আৰু তাৰ বাবে বৌদ্ধ দৰ্শন সকলোতকৈ সহজ আৰু শুদ্ধ উপায় !!