স্বাস্থ্যৰ সুৰক্ষাত লাগতিয়াল এবিধ ভিটামিন(- ডা০ ভূপেন শইকীয়া)
আপুনি সৰিয়হ শাক খায়নে? কেঁচাকৈ চালাদ বা চাটনি কৰি খায় নে ভাজি খায়? অলপ কমকৈ ভাজিলে কিন্তু ই শৰীৰৰ বাবে বেচি উপকাৰী হৈ থাকে। পূৰৈ শাক দুবিধ- এবিধ ৰঙচুৱা, আনবিধ সেউজীয়া। কথিত ভাষাত কিছুমানে ‘পুই শাক’ বুলি কয়। আপুনি পূৰৈ শাক খাই ভাল পায়নে? নে গাঁৱলীয়া আৰু বনৰীয়া শাক বুলি এলাগী কৰি ৰাখিছে? পালেং শাক চাগৈ আপোনাৰ প্ৰিয় খাদ্য? “পালক পনীৰ” হয়তো অভিজাত লোকৰ পাকঘৰৰ নিৰামিষ আহাৰৰ তালিকাৰ শীৰ্ষস্থানত। বিভিন্ন সেউজীয়া পাতযুক্ত শাক কিমান পৰিমাণত আপুনি খায়? নে বাছিবলৈ অসুবিধাৰ বাবে আপোনাৰ পাকঘৰত ইয়াৰ প্ৰৱেশ সীমিত বা নিষিদ্ধ? বগা বা সেউজীয়া চালগোম খাই আপুনি জুতি পাইনে?
ব্ৰুকলি অনেক ভিটামিনযুক্ত খাদ্য বুলি জানিও চৰা দামৰ বাবে আপুনি কিনিবলৈ টান নাপায় জানো? আজিকালি স্থানীয়ভাবে বহুতে ব্ৰুকলিৰ খেতি কৰিবলৈ ধৰিছে। তেনে ব্ৰুকলিৰ মূল্য বেছি নহয়। দীঘলীয়া ৰঙা বা সেউজীয়া জলকীয়া আৰু কেপচিকামৰ স্বাদ, সুগন্ধ বঢ়োৱাৰ ওপৰিও কি গুণাগুণ
আছে আপোনাৰ সেয়া জ্ঞাতনে? বয়ল কচুৰ পিতিকা খাই ভাল পায়নে? নে কচু কেৱল দুখীয়া মানুহৰ খাদ্য বুলি আপোনাৰ ধাৰণা? কেঁচা অমিতা আৰু পকা অমিতা আপুনি কেনে ধৰণেৰে খায়? কেঁচা
অমিতাৰ খাৰ আৰু দাইলৰ আঞ্জাত অমিতা বয়ল কৰি খায়নে? ফলৰ চালাদত পকা মিঠা বৰণৰ অমিতাৰ টুকুৰা মিহলাবলৈ নাপাহৰিব। পকা অমিতা গাখীৰৰ সৈতে বা পায়স ৰান্ধি খাইছেনে? আপোনাৰ পচন্দৰ ফলৰ তালিকাত আম আৰু আভাকাডো; পাচলিৰ তালিকাত বিলাহী আৰু ৰঙালাউ যোগ দিয়কচোন- লাভৱান হব। বাদাম, কাজু বাদাম, আমেৰিকান বাদাম বা এলমণ্ডৰ উপকাৰিতাৰ বিষয়ে আপুনি অৱগতনে? জুইৰ অঙঠাত সেঁকি নে কেঁচাই গোমধান খাবলৈ আপুনি পচন্দ কৰে? ৰন্ধন কাৰ্য্যত আপুনি চানফ্লাৱাৰ অইল, ভেজিটেবল অইল, চয়াবিন তেল, গোমধানৰ তেল নাইবা অলিভ অইল ব্যৱহাৰ কৰেনে ?
উল্লেখ কৰা এই সকলোবোৰ খাদ্য পদাৰ্থত এবিধ বস্তু আছে। সি মানুহৰ শৰীৰৰ বাবে অতি লাগতিয়াল তত্ব। ইয়াৰ অভাৱত শৰীৰত নানাবিধ ৰোগ হয়। ই শৰীৰক সুৰক্ষা যোগান ধৰাৰ বাবে অপৰিহাৰ্য্য। তাৰ নাম হ’ল ভিটামিন- ই (Vitamin E) ।আঠটা ৰাসায়নিক অৱস্থাত ভিটামিন- ই উপলব্ধ।তাৰ দুটা গোট আছে- টকোফেৰল আৰু টকোট্ৰাইৰিনল। এই দুয়োটা গোটৰে আলফা, বিটা, গামা আৰু ডেল্টা চাৰিটাকৈ ৰূপ আছে। এই আঠবিধৰ ভিতৰত মানুহৰ শৰীৰৰ বাবে আটাইতকৈ লাগতিয়াল বুলি চিনাক্ত হৈছে আলফা টকোফেৰল। সাধাৰণতে এজন মানুহক বয়স অনুপাতে দৈনিক ৬ ৰ পৰা ১৯ মিলিগ্ৰাম ভিটামিন-ইৰ প্ৰয়োজন। এক মিলিগ্ৰাম দেৰ ইন্টাৰনেশ্বনেল ইউনিটৰ সমকক্ষ। সেইখিনি সাধাৰণতে আমাৰ খাদ্যৰ যোগেদি আমাৰ শৰীৰে আহৰণ কৰে। ক্ষুদ্ৰান্ত্ৰ বা স্মল ইন্টেষ্টাইনৰ পৰা আলফা টকোফেৰল লিভাৰলৈ যায় আৰু লিভাৰৰপৰাই তেজত প্ৰৱাহিত হয়।
যি দৰে ধূম্ৰপানে মূৰৰ পৰা ভৰিলৈ শৰীৰৰ সমগ্ৰ অঞ্চলৰ ক্ষতিসাধন কৰিব পাৰে সেইদৰে ভিটামিন-ইৰ অভাৱে শৰীৰৰ প্ৰতিটো প্ৰণালীত অহিত সাধিব পাৰে। পৰৱৰ্তী আলোচনাত
এই কথাষাৰ বুজিবলৈ সহজ হব। ঘাইকৈ এইবিধ ভিটমিনৰ অভাৱত ঘাইকৈ স্নায়ুতন্ত্ৰ, হৃদয় আৰু চকুৰ ৰেটিনাৰ বিকাৰ, তেজৰ ৰক্তকণিকাৰ ভংগুৰন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাসপোৱা আদি হ’ব পাৰে।
এতিয়া অলপ বুৰঞ্জীৰ আমেজ লওক। ১৯৩৫ চনত আমেৰিকাৰ মিচিগান ইউনিভাৰ্চিটিৰ ৱাইডেনবিউৰে ১৭ জন প্ৰিমেচ্যুয়ৰ নৱজাতকক ভিটামিন-ইদি চিকিৎসা কৰি তাৰে ১১জনৰ শৰীৰৰ বৃদ্ধিত উল্লেখনীয় বিকাশ দেখা পালে। ইয়াৰ পিছত ১৯৪৫ চনত ইভান ভি শ্বুটে আৰু ৱিলফ্ৰেড ই শ্বুটে
নামৰ কানাডাৰ দুই ভাতৃয়ে ভিটামিন-ইৰ ব্যৱহাৰে তেজৰ নলীত চৰ্বিজমা হোৱা ৰোধ কৰে বুলি দাবী জনালে। ১৯৪৬চনত এই দুই ভাতৃয়ে ভিটামিন-ইৰ ব্যৱহাৰে তেজৰ থ্ৰম্ব’চাইটপেনিক পাৰপিউৰা ৰোগৰ নিৰাময়ত সহায কৰে বুলি প্ৰকাশ কৰিলে। ১৯৬০ চনত আন এদল চিকিৎসকে ভিটমিন-ইৰ
প্ৰয়োগ হিমলাইটিক এনিমিয়াত লাভজনক বুলি দাবী জনালে। এইদৰে আলফা টকোফেৰল আৰু এই গোটৰ আন ভিটামিনকলৈ বিভিন্ন ক্ষেত্ৰত নানান গৱেষণা অব্যাহত আছে।
এইবিধ ভিটামিনৰ অভাৱ কাৰ হ’ব পাৰে ?
কিছুমান মানুহৰ জেনেটিক খেলিমেলিৰ বাবে ভিটামিন-ইৰ অন্ত্ৰৰপৰা আহৰণ বাধা প্ৰাপ্ত হ’ব পাৰে। একেই জেনেটিক খেলিমেলিৰ বাবে এবিটালাইপ’প্ৰটিনেমিয়া বা চিষ্টিক ফাইব্ৰ’চিছ আদি ৰোগ হলেও ভিটামিন-ই আৰু চৰ্বিৰ আহৰণ বাধাপ্ৰাপ্ত হয়।এনে ৰোগীক বেজীৰ মাধ্যমেৰেহে ভিটামিন-ইৰ পৰিপূৰক যোগান ধৰিবলগীয়া হয়।
লিভাৰৰ, পিত্তৰ আৰু পেনক্ৰিয়াচৰ গুৰুতৰ অসুখ হলেও ভিটামিন-ই আৰু চৰ্বিৰ আহৰণ বাধাপ্ৰাপ্ত হ’ব পাৰে। এইখিনিতে সোঁৱৰাই দিয়া ভাল হব যে আলফা টকোফেৰল আৰু আন সকলো ভিটামিন-ই হ’ল চৰ্বিৰ মাধ্যমত ঘোল যোৱা পদাৰ্থ (Fat soluble nutrients) । কোনো লোকৰ অন্ত্ৰৰ গুৰুতৰ অস্ত্ৰোপচাৰ হ’লেও ভিটামিন-ইৰ আহৰণ বাধাপ্ৰাপ্ত হ’ব পাৰে। ক্ৰ’ন্ছ ডিজিজ আৰু পুষ্টিহীনতা (মেলনিউট্ৰিচন) আদি ৰোগৰ বাবেও শৰীৰত ভিটামিন-ইৰ অভাৱ হ’ব পাৰে।
ভিটামিন-ইয়ে কেনেদৰে কাম কৰে ?
(১) এন্টি অক্সিডেন্টস্বৰূপে (২) ইমিউন মডিউলেচনৰ দ্বাৰা (৩) এন্টি প্লেটলেট প্ৰভাৱৰ দ্বাৰা
এন্টি অস্কিডেন্টে ফ্ৰি ৰেডিকেল্ছৰ কুপ্ৰভাৱৰ পৰা শৰীৰৰ কোষসমূহক সুৰক্ষা দিয়ে।
শৰীৰৰ অপকাৰী ফ্ৰি ৰেডিকেলচ আমি খোৱা খাদ্যৰ পৰা শক্তি উৎপাদন কৰোতে বাইপ্ৰডাক্ট হিচাপে উৎপন্ন হয়। ইয়াৰ ওপৰিও ধূম্ৰপান, বায়ুপ্ৰদূষণ, বায়ুমণ্ডলৰৰ অতিবেঙুণী ৰশ্মি আদিৰ মাধ্যমেৰে মানৱ শৰীৰলৈ ফ্ৰি ৰেডিকেল্ছৰ প্ৰবেশ ঘটে। ফ্ৰি ৰেডিকেল্ছৰ প্ৰভাৱত কোষৰ অনিষ্ট হয়, কৰ্কট ৰোগৰ উৎপত্তি হয় আৰু হৃদৰোগ বা ৰক্তপ্ৰবাহী প্ৰণালীৰ নানান ব্যাধি হয়।
শৰীৰৰ অহিতকাৰী প্ৰষ্টাগ্লেণ্ডিন ই-২ ৰ উৎপত্তিত ভিটামিন-ইয়ে বাধা দিয়ে। এইদৰে ইমিউন মডিউলেচন ৰূপায়িত হয়। আনহাতে শৰীৰৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ’লে শৰীৰত
বেক্টেৰিয়া আৰু ভাইৰাছ আদিয়ে প্ৰৱেশ কৰি সহজতে এজন ব্যক্তিক ৰোগাক্ৰান্ত কৰি তুলিব পাৰে।
এটা কথা সকলোৰে জ্ঞাত যে প্লেটলেট বা অণুচক্ৰিকা তেজ গোট মৰা ক্ৰিয়াৰ বাবে অপৰিহাৰ্য্য। এঞ্জাইনা হোৱা ৰোগীক, ষ্ট্ৰ’কত ভোগা ৰোগীক, হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হোৱা ৰোগীক দিনে একোটাকৈ এছ্পিৰিন টেবলেট খাবলৈ দিয়া আপোনাকৰ বহুতে হয়তো লক্ষ্য কৰিছে।এই এছ্পিৰিনৰ কাম হ’ল প্লেটলেটক লডা বান্ধিবলৈ নিদিয়াকৈ ৰখা। প্লেটলেটে লডা বান্ধিলেই তেজ গোট মাৰি তেজৰ চেকুৰা উৎপন্ন কৰিব।একেদৰে ভিটামিন-ইৰো প্লেটলেট বিৰোধী ক্ৰিয়াৰ ফলত শৰীৰ লাভৱান হয়।
এতিয়া জনা গৈছে যে শৰীৰৰ অপকাৰী চৰ্বি ল’ ডেনচিটি লাইপ’প্ৰটিনক (LDL ) আলফা টকোফেৰলে অক্সিডাইজ হবলৈ নিদিয়ে।অস্কিডাইড হোৱা ল’ ডেনচিটি লাইপ’প্ৰটিন তৰপ তৰপ হৈ তেজৰ নলীত জমা হয়- যাৰ ফলত এথেৰ’স্লেৰ’চিছ (Athesclorosis)হয়। এইদৰেই ভিটামিন-ই উপকাৰিতা প্ৰমাণিত হৈছে। এইটোও দেখা গৈছে যিসকল ব্যক্তিৰ তেজত আলফা টকোফেৰল অধিক মাত্ৰাত প্ৰৱাহমান তেওঁলোকৰ হৃদৰোগ বিশেষকৈ এঞ্জাইনা নহয়। কাৰণত তেনে লোকৰ কলিজাৰ তেজৰ নলীসমূহত ভিটামিন-ইয়ে সহজতে কলেষ্টেৰল জাতীয় চৰ্বি জমা হবলৈ নিদিয়ে।
ভিটামিন-ইৰ ব্যৱহাৰিক প্ৰয়োগৰ তালিকাখন বেচ দীঘলীয়া ।বিজ্ঞানৰ নতুন নতুন অনুসন্ধান আৰু গবেষণাৰ ফলশ্ৰুতিত এই তালিকাখন দিনক দিনে দীঘলীয়া হৈ গৈ আছে।গতিকে বিতং আলোচনালৈ নগৈ মই মাত্ৰ অসুখৰ নামটোহে উল্লেখ কৰিম।
কেঞ্চাৰ প্ৰতিৰোধত ব্যৱহাৰ : ঘাইকৈ বক্ষৰ, প্ৰষ্টেট গ্ৰন্থিৰ, ক’লন, পাকস্থলী, মূত্ৰাশয় আৰু লিভাৰৰ কেঞ্চাৰত সুৰক্ষা দিয়ে।কেঞ্চাৰৰ চিকিৎসা লৈ থকা ৰোগীসকলকো বিভিন্ন পাৰ্শ্ব ক্ৰিয়াৰ হাত সাৰিবলৈ ভিটামিন-ই দিয়া হয়।
হাঁপানী ৰোগ : তেজত কমকৈ আলফাটকোফেৰল থকা শিশু সকল সহজে ৰোগাক্ৰান্ত হয়।
এঞ্জাইনা আৰু পেৰিফেৰিয়েল ভেচকুলাৰ ডিজিজ : কৰনেৰী আৰ্টেৰীত চৰ্বি জমা হোৱাৰ ফলত এঞ্জাইনা হয় – যাক ভিটামিন-ই ৰ সেৱনে ৰোধ কৰিব পাৰে। একে কাৰণতে ভিটামিন-ই তেজৰ আন আন ঠাইৰ নলীৰ ৰক্তসঞ্চালন বাধাগ্ৰস্ত হ’ব পৰা ৰোগসমূহৰ প্ৰতিৰোধৰ বাবে ব্যৱহৃত হয়।
মস্তিষ্কৰ পাহৰা ৰোগ, বাৰ্দ্ধক্যজনিত ৰোগ, এলঝেইমাৰ ডিজিজ , পাৰকিনচনিজম, এমায়ট্ৰফিক লেটাৰেল স্কেলৰচিচ আদিতো ব্যৱহৃত হয়।হাড়ৰ ৰোগ ৰিউমেটিজম, অষ্টিঅ’আৰ্থাইটিচ আদিত উপযোগী। মাইগ্ৰেইন, এলাৰ্জিক ৰাইনাইটিচ, চাইনোচাইটিচ আদিৰ উপশমত সহায়ক। ডায়েবেটিছ ৰোগীৰ স্নায়ুৰ দূৰ্বলতা, কিডনীৰ বিকাৰ, ভৰিৰ ঘাঁ, ৰেটিনাৰ বিকাৰ আদিত উপকাৰী।
চকুৰ কেটেৰেক্ট হোৱাত বাধা দিয়ে। ভিটামিন-ইৰ গুৰুতৰ অভাৱত দৃষ্টিশক্তি হ্ৰাসৰ পৰা অন্ধত্বলৈকে হব পাৰে। চকুৰ কৰ্ণিয়াৰ লেজাৰ চাৰ্জাৰীৰ ঘাঁ শুকোৱাত সহায়ক। ডায়ালাইচিছ লৈ থকা ৰোগীৰ বাবেও উপকাৰী। জটিল চৰ্মৰোগ চ’ৰিয়াচিছত ভিটামিন-ই উপকাৰী সিদ্ধ হৈছে। মহিলাৰ বক্ষৰ নিৰীহ টিউমাৰ (ফাইব্ৰএডিনমা), ডিচমেনৰিয়া, এক্লেম্পচিয়া, মেন’পজৰ সময়ত হোৱা ‘হ’ট ফ্লাচ’ আদিত অতি উপযোগী। ইনফাৰ্টিলিটিত চিকিৎসাত দম্পত্তিহালক ভিটামিন-ই সেৱন কৰিবলৈ দিব পাৰি।
হাইাৰলিপিডেমিয়া, কোৱাশ্বিয়ৰক’ৰ, নন-এলক’হলিক লিভাৰ ডিজিজ, হেপাটাইটিচ-চি, জি-৬পিডি ডেফিচিয়েন্সী, এনিমিয়া , অলটিটিউড চিক্নেছ আদিত ব্যৱহাৰ কৰি সুফল পোৱা গৈছে।
মুখনিত ইমানেই কম যে আজিৰ দিনত আমি নিতৌ নানান প্ৰদূষণৰ সন্মুখীন হৈ আছোঁ। স্বাস্থ্যজনিত ন ন ভাবুকিৰ সদায় মুখামুখি হৈ আছোঁ । এই সকলো প্ৰতিকুল পৰিস্থিতিৰ মুকাবলা কৰিবলৈ স্বাস্থ্য শিক্ষাৰ অতীব প্ৰয়োজন।