স্বাস্থ্য সন্মত বিধান গিৰিণ বৰা

স্বাস্থ্য সন্মত বিধান

গিৰিণ বৰা

আমাৰ বহুতৰে পৰঠা, পুৰী, চিংৰা আদি তেলত ডুবাই বনোৱা বস্তু খোৱাৰ পাছতে টেঙাপানী আহে বা পেট বিষাই৷ অৰ্থাৎ এচিডিটি হয়৷
এতিয়া জানো আহক ইয়াৰ বিষয়ে৷ আমি খোৱা বস্তু লালাৱটিৰ সৈতে মিশ্ৰিত হৈ ইছ’ফেগাচ বা খাদ্যনলীয়েদী গৈ খাদ্যভাণ্ডাৰ বা পাকস্থলী আহি পায়হি৷ যদি খাদ্য বস্তুত কেনেবাকৈ কিবা বীজাণু আহিছে ঠাইতে মাৰিবলৈ সেই খাদ্যভাণ্ডাৰত ’’’হাইড্ৰক্লৰিক এছিড’’ নামৰ একপ্ৰকাৰৰ এচিড থাকে৷ তাতে আহি সেই বীজাণুবোৰ ধ্বংস হয়৷

এক নিৰ্দিষ্ট পৰিমাণৰ এছিডহে ইয়াত জমা হৈ থাকে৷ যদি কিবা বিসংগতিত তালৈ বেছি পৰিমাণৰ এচিড আহি জমা হয় তেতিয়া
সেই অৱস্থাক গেচষ্ট্ৰাইটিচ বুলি কোৱা হয়৷

আপুনি যেতিয়া উপৰোক্ত খাদ্যখিনি খাই লগত পানী বা চাহ আদি খাই দিব তাত লাগি থকা তেলখিনি ওপঙি উঠিব৷

খাদ্যখিনি খাদ্যভাণ্ডাৰ পাৰ হৈ খাদ্যনলীৰ পিছৰ অংশলৈ যাবগৈ যদিও তেলখিনি খাদ্যভাণ্ডাৰৰ ভিতৰৰ অংশত ৰৈ যোৱাৰ কাৰণে ওপৰোক্ত এচিডৰ নিঃসৰণ বাঢ়ি গৈ আপোনাৰ টেঙাপানী বা পেটৰ বিষ পৰ্যন্ত হৈ থাকিব (সকলোৰে নহবও পাৰে)৷

ভাবি চাওক যদি আপুনি সেইধৰণৰ আহাৰৰ লগত পানী নাখাই ডেৰঘণ্টা মানৰ পিছত পানী খাই তেতিয়া তেনেধৰণৰ উপসৰ্গৰ পৰা আৰামত হাত সাৰিব পাৰিব৷

সদায় পিছৰাতি এচিডৰ নিঃসৰণ বেছি হয়৷ সেইবাবে কেতিয়াবা এনে ঊপসৰ্গই ৰাতি দেখা দিলে৷ যথেষ্ট পৰিমাণে কুহুমিয়া পানী খাওক৷ কাৰণ পানীয়ে এচিডখিনি নিউট্ৰেল কৰে৷

গেচট্ৰাইটিচত আক্ৰান্তসকলে খালী পেটত থাকিলে যথেষ্ট পৰিমাণে পানী খাই থাকিব৷

কেতিয়াও খালী পেটত ধূম্ৰপান নকৰিব৷ এচিডৰ নিঃসৰণ খালী পেটতে বেছি হ’ব আৰু আলচাৰ বা ঘাঁও হৈ যাব পাৰে খাদ্যভাণ্ডাৰত৷

যথেমধে দৰৱ নাখাব৷ খাদ্যাভ্যাসৰ পৰিবৰ্তন কৰিলেও এই উপসৰ্গৰ পৰা বাচি থাকিব পাৰি৷
ধন্যবাদ৷

মনত ৰাখিব
Small poison is medicine,
But large quantity of medicine is poisonous
***
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!