টু লেয়াৰ্ড এগ পুডিং- পূৰৱী দেৱী

—————————–
উপকৰণ-
কণী- ৩ টা
গাখীৰ- ১/২ কাপ
ক্ৰীম- ১/২ কাপ
চেনি- ১/২ কাপ (নিজৰ সোৱাদ অনুসৰি দিব)
ভেনিলা বা ইলাচী গুৰি অলপ৷
ফুড কালাৰ- দুটা ( নিজৰ পচন্দৰ)

প্ৰণালী-

এটা পাত্ৰত কণী কেইটা ফেটি ল’ব৷ গাখীৰ, ক্ৰীম আৰু চেনি মিলাই জুইত অলপ গলাই লৈ ঠাণ্ডা কৰি ফেটি লোৱা কণীৰ মিশ্ৰণত ঢালি দিব৷ ভেনিলা / ইলাচী পাউদাৰ অলপ দি পুনৰ ফেটিব৷ দুভাগ কৰি দুটা ফুড কালাৰ মিহলি কৰিব৷ এতিয়া এটা টিফিনৰ বাটিত বাটাৰ অলপ সানি হালধীয়া মিশ্ৰণখিনি ঢালি দি সাঁফৰ লগাই কুকাৰ এটাত ২ কাপমান পানী দি (টিফিনটোৰ আধা ডুব যোৱাকৈ) টিফিনটো ভৰাই দি গেচত বহাই দিব ২/৩ হুইচেল মৰাত অফ কৰিব৷ গেচ যোৱাত সাঁফৰ খুলি তাৰ ওপৰত সেউজীয়া মিশ্ৰণখিনি ঢালি দি পুনৰ কুকাৰত বহাই ২/৩টা হুইচেল মৰাত নমাব৷ অলপ ঠাণ্ডা হ’লে ফ্ৰীজত থ’ব৷ ১ ঘণ্টাৰ পাছত প্লেট এখনত উলিয়াই ল’ব আৰু পৰিৱেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!