স্বাস্থ্য সাৱধানতা (ধনঞ্জয় ডেকা)

স্বাস্থ্য সাৱধানতা

ধনঞ্জয় ডেকা

(১) বাইল ফোনৰ পৰা বিকিৰন হোৱা ৰঞ্জন ৰশ্মিৰ পৰা ৰেহাই পাবলৈ কেটামান কিটিপ

বাৰ্ত্তালাপ কৰোতে বা মেছেজ পাঠাওঁতে ম’বাইল ফোনৰ পৰা ৰঞ্জন ৰশ্মি বিকিৰিত হয়. স্বাস্থ্যৰ প্ৰতি থকা ভাবুকি প্ৰতিপন্ন হোৱা নাই যদিও সঘনে ম’বাইল ফোন ব্যৱহাৰ কৰি থকা কিছুমান (সকলো বিলাক নহয়) ব্যক্তিৰ ক্ষেত্ৰত দেখা গৈছে যে ই মুখ আৰু মগজুৰ কেনচাৰৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু সৰু লৰা-ছোৱালীৰ আচৰনৰ সমস্যা ঘটায়.

নিৰাপদে থাকিবলৈ ৰঞ্জন ৰশ্মিৰ প্ৰভাৱ কম কৰিবলৈ তলত দিয়া কিটিপ সমূহ মানি চলক.
1. কম ৰশ্মি নিৰ্গত কৰা ফোন কিনকঃ
আপোনাৰ ফোনটোত থকা EWG’s buyer’s guide অনুসৰন কৰক (আপোনাৰ ফোনৰ মডেল নম্বৰ বেটাৰিত লিখা থাকিব পাৰে). কম পৰিমানে ৰঞ্জন ৰশ্মি বিকিৰন কৰিও আপোনাৰ প্ৰয়োজনীয়তা পূৰ কৰিব পৰা ম’বাইল ফোনৰ দ্বাৰা আপোনাৰ হাতত থকা ফোনটো সলনি কৰি লওঁক.

2. স্পিকাৰ বা হেডৃছেট ব্যৱহাৰ কৰক
হেডছেটে ফোনতকৈ কম পৰিমানে ৰঞ্জন ৰশ্মি বিকিৰন কৰে. চেলফুন গাইডৰ সহায়ত তাৰযুক্ত বা তাৰহীন (কোনটো উত্তম তাৰ ওপৰত বিশেষজ্ঞসকলৰ মাজত মতভেদ আছে) ব্যৱহাৰ কৰক. কিছুমান হেডছেটে অব্যাহত ভাবে নিন্ম পৰ্য্যায়ৰ বিকিৰণ কৰি থাকে, গতিকে ব্যৱহাৰৰ কৰাৰ পিছত ইয়াক কানৰ পৰা আঁতৰাই ৰাখক. আপোনাৰ ফোনটো স্পিকাৰ মুডত ব্যৱহাৰ কৰিলেও মূৰত বিকিৰনৰ প্ৰভাৱ কম হয়.

3. অধিক শুনক আৰু কম কথা কওঁক:
আপোনি যেতিয়া কথা কয় বা মেছেজ পঠায় তেতিয়া আপোনাৰ ফোনৰ পৰা ৰশ্মি নিৰ্গত হয় কিন্তু মেছেজ ৰিচিভ কৰোতে ৰশ্মি বিকিৰন নহয়. অধিক শুনা আৰু কমকৈ কথা কলে বিকিৰনৰ প্ৰভাৱ কম হয়.

4. ফোনটো আপোনাৰ দেহৰ পৰা দূৰত ৰাখক
কথা কৈ থাকোতে ফোনটো আপোনাৰ দেহাৰ পৰা দূৰৈত ৰাখক (হেডছেট বা স্পিকাৰৰ জৰিয়তে), আপোনাৰ কানৰ ওচৰত নহয়, পকেটত, বা আপোনাৰ বেল্টত ৰাখক য’ত দেহৰ কোমল কলা বিলাকে ৰশ্মিখিনি শুহি লয়.

5. কথা কোৱাতকৈ মেছেজ হে পঠাওঁক
ফোনে কথা কোৱা অৱস্থাতকৈ মেছেজ পঠাওঁতে কম শক্তি (কম ৰশ্মি) ব্যৱহাৰ কৰে. আনহাতে, কানৰ ওচৰত ৰাখি কথা কোৱাৰ বিপৰীতে মেছেজ কৰোতে ফোনটো মূৰৰ পৰা দূৰত থাকি মূৰত ৰশ্মি বিকিৰনৰ প্ৰভান কম পেলায়.

6. ছিগনেল কম থাকিলে? ফোনৰ পৰা দূৰৈত থাকক
ফোনত কম ছিগনেল বাৰ থাকিলে ই অধিক ৰশ্মি বিকিৰণ কৰি টাৱাৰৰ পৰা ছিগনেল পাবলৈ চেষ্টা কৰে. শক্তিশালী চিগনেল থাকিলেহে কল কৰিব বা কল গ্ৰহন কৰিব.

7. সৰু লৰা-ছোৱালীয়ে ফোন ব্যৱহাৰ কৰাটো সীমিত কৰক
সৰু লৰা-ছোৱালীৰ মগজুৱে প্ৰাপ্ত-বয়স্ক ব্যাক্তিসকলতকৈ দুগুনে ম’বাইল ফোনৰ ৰঞ্জন ৰশ্মি শুহন কৰি লয়. ই ডব্লিউ জি (EWG)য়ে অন্ততঃ ছখন দেশৰ স্বস্থ্যসন্থাৰ লগত লগ লাগি সৰু লৰা-ছোৱালীৱে জটিল কালিন অৱস্থাৰ বাহিৰে ম’বাইল ফোন ব্যৱহাৰ কৰাটো সীমিত কৰিছে.

8. ৰেডিয়েচন শ্বিল্ড পৰিহাৰ কৰক
ৰেডিয়েচন শ্বিল্ড যেনে এনটেনাত থকা কেপ বা কি-পেডত থকা কভাৰে সংযোগৰ মানদণ্ড হ্ৰাস কৰে অৰু ফোনটোক অধিক শক্তিযুক্ত ৰশ্মি বিকিৰণ কৰিলৈ বাধ্য কৰে.

 

(২) কম্পিউটাৰৰ ক্ষতিকৰ বিকিৰনৰ পৰা হাতসৰাৰ টা কিটিপঃ

ডেস্কটপ বা লেপটপ কম্পিউটাৰৰ পৰা অহা বিকিৰন কিমান ক্ষতিকাৰক হব পাৰে কেতিয়াবা ভাবিছেনে?

অধ্যয়নে দেখুৱাইছে যে কম্পিউটাৰ আৰু ইয়াৰ অনুসঙ্গিক অংশ যেনে প্ৰিন্টাৰ, ম’ডেম আৰু ৱাই-ফাই যন্ত্ৰৰ পৰা বিকিৰন কৰা বিদ্যুত-চুম্বকীয় ৰশ্মিয়ে টোপনিৰ ব্যাঘাতৰ পৰা আৰম্ভ কৰি হৃদপিণ্ডৰ বেমাৰৰ এলাৰ্জিজনিত আজাৰ সৃষ্টি কৰিব পাৰে। উদাহৰন স্বৰূপে এটা পুৰনি চি.আৰ.টি কম্পিউটাৰৰ মনিটৰে ৩০ চে.মি. লৈ ৩ মিলিগজ আৰু কাষৰ ফালে ৪ মিলিগজ ৰশ্মি বিকিৰন কৰিব পাৰে।

কম্পিউটাৰৰ ক্ষতিকৰ বিকিৰনৰ পৰা হাতসৰাত আপোনাক সহায় কৰিবলৈ ইয়াত কেইটামান কিটিপ দিয়া হলঃ

প্ৰথম কামটো হল আপোনাৰ যদি চি.আৰ. টি মনিটৰ আছে সেয়া সলাই পেলাওক। অধ্যয়নে দেখুৱাইছে যে পুৰনি বস্কৰ আকাৰৰ (চি.আৰ.টি)মনিটৰে অত্যাধিক ক্ষতিকাৰক ৰশ্মি বিকিৰন কৰে।
এল.চি.ডি. মনিটৰে তুলনামূলক ভাবে কম ৰশ্মি বিকিৰন কৰে। তথ্য মতে এল.চি.ডি. মনিটৰে সন্মুখ বা পিছ ফালে ৩০ চে.মি.ৰলৈ অতিশয় কম ০.৩ মিলিগেমাছ ৰশ্মি বিকিৰন কৰে আৰু কাষৰ ফালে বাস্তৱিকতে কোনো ধৰনৰ বিকিৰন নকৰে।
তথ্যই আৰু দেখুৱাইছে যে পুৰনি কম্পিউটাৰ সমূহে নতুন প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি প্ৰস্তুত কৰা কম্পিউটাৰবোৰৰ তুলনাত দুগুণ ৰশ্মি বিকিৰন কৰে।
কম্পিউটাৰৰ পৰ্দাত বিকিৰন ফিল্টাৰ লগালেও কম্পিউটাৰৰ বিকিৰনৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা যায়। আপোনাৰ কম্পিউটাৰৰ ওচৰত কোনো ধৰনৰ ধাতৱ বস্তু নেৰাখিব কাৰণ এইবোৰে বিদ্যুত-চুম্বকীয় তৰঙ্গ প্ৰতিফলিত কৰে।
আপোনাৰ কম্পিউটাৰৰ পৰ্দাৰ পোহৰৰ উজ্জলতা এনেকুৱা পৰ্য্যায়ত ৰাখক যাতে অপোনাৰ চকুৰ বাবে আৰামদায়ক হয়। তথ্যমতে, পৰ্দাৰ পোহৰৰ উজ্জলতা কম-বেছি হোৱাৰ লগত তাৰ পৰা ওলোৱা ৰশ্মিৰ বিকিৰন কম-বেছি হয়। পৰ্দাৰ পোহৰৰ উজ্জলতা অতিশয় কম হলেও চকুৰ বাবে ক্ষতিকাৰক হব পাৰে। পৰ্দাৰ পৰা ৫০ ছে.মি ৰ পৰা ৭৫ ছে.মি. দূৰত্বৰ পৰা চোৱাটো উত্তম।
কম্পিউটাৰৰ ক্ষতিকাৰক ৰশ্মি বিকিৰন হ্ৰাস কৰিবলৈ ইয়াক কত ৰখাটো ভাল হব সেই সিদ্ধান্ত ভালকৈ লব লাগে। কম্পিউটাৰটো বহাৰ উচ্চতাতকৈ অধিক উচ্চতাত স্থাপন কৰিব নালাগে। তথ্য অনুসৰি কম্পিউটাৰৰ পিছফালৰ অংশই সন্মুখ অংশতকৈ অধিক শক্তিশালী ৰশ্মি বিকিৰন কৰে।
এইটো আচৰিত যেন লাগিলেও কামত আহিব। তথ্যমতে কেকটাচ গছে ৰশ্মি শুহন কৰে। গতিকে এই গছবিধ অপোনাৰ কৰ্মস্থলত ৰাখিলে বেয়া ৰশ্মিখিনি শুহি লোৱাত সহায় হব।
কম্পিউটাৰৰ পৰ্দাই কেস্নাৰ উতপন্নকাৰী দ্ৰব্য বিকিৰন কৰে যিটো আপোনাৰ স্বাস্থ্যৰ বাবে অতিশয় ক্ষতিকাৰক। কোঠালিটোৰ ভিতৰৰ বতাহ চলাচলৰ উত্তম ব্যৱস্থাৰ দ্বাৰা ইয়াক কমাব পাৰি। অনকি কম্পিউটাৰৰ ওচৰত ভেনটিলেটেড কুলাৰ বা ফেন ৰাখিলেও ইয়াক প্ৰতিহত কৰাত সহায়ক হব পাৰে। কাম কৰি থকা অৱস্থাত অলপ পিছে পিছে মুখখন ধুই থাকিলেও মুখত লাগি থকা বিদ্যুত-চুম্বকীয় কণাবিলাক আতৰ হয়। কেৱল এইটো কৰিলেও সবাৰ্ধিক ৭০ শতাংশ ৰশ্মি বিকিৰনৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰি।

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
10 years ago

Nice Writing…… Keep it up….

KAJURI
9 years ago

Very essential writing..

Copying is Prohibited!