স্বীকাৰোক্তি ( নৱ কোঁৱৰ )

swikarokti_Naba Konwor.

দিঘলীয়া পথ পৰিক্ৰমাত
অপেক্ষাৰ অলেখ ৰাতি
স্বপ্নৰ বাৰিষাত সেউজ
আৰু দিঠকত লাজুক বৰষুণ
এনে লাগিছিল
জীৱনটোত আৰু একো নাই
মাথোঁ ৰঙৰ সঁফুৰা…..
কোনোবা শৰতৰ ঝাওবন কাটি গঢ়া
সুউচ্চ অট্টালিকা…..

….ক’লা মেঘৰ ফাঁকেৰে
বাস্তবৰ এচেৰেঙা ৰদ
প্ৰখৰ চোকা, দেইপুৰি যোৱা
ৰঙীন পখিলা উৰা ফুলনিত
মাথোঁ মৰীচিকা…
এখনৰ পাছত আনখন
ৰঙীন আঁৰকাপোৰ অঁৰা
এখন মাথোঁ ক’লা যৱনিকা
জীৱনটোত দেখোন একোকে নাই
ইপাৰ-সিপাৰ দেখা
মাথোঁ এক ফোঁপোলা চুঙা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!