সৰস্বতী স্পেচিয়েল (- কৌশিক বৰা)

বাটে-পথে চকু মেলিলেই
সৰস্বতীৰ সুন্দৰী
স্কুল-কলেজে দুদিন ধৰি
পায়স নাইবা খিচিৰি
ছোৱালীহঁতক প্ৰশ্ন সুধিলে
মাৰি মিচিকিয়া হাঁহিটি
শাৰীখন পিন্ধিবলৈ বোলে
দুমাহে চলিছে প্ৰস্তুতি
সাংবাদিকে আকৌ সুধি দিলে
কোন আমেৰিকাৰ ৰাষ্ট্ৰপতি?
লাইভ টেলিকাষ্টত লাজত পৰি
ক’লে- এইমাত্ৰ গ’লো পাহৰি
পূজা নে বিহুৱেই পাতিছে
ধৰিবই দেখোন নোৱাৰি
কেমেৰাৰ আগত ল’ৰাহঁতৰ মুখত
‘অঞ্জনা’ নাইবা ‘জানমণি’
আমাৰ দিনৰ বগা সাজেৰে
মা সৰস্বতীক পাহৰি
প্ৰথমে পাৰ্লাৰ, পিছতহে পূজা
আল্ট্ৰা মডাৰ্ন দেৱী মিনতি

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!