সৰাপাত — গিতীমা দেৱী

নাতিয়েক বৈভৱৰ বিয়া আজি৷ মনেশ্বৰ বুঢ়াৰ গাত সেয়ে সাত বিহুৰ নাচোন উঠিছে৷ লাখুটিত ভৰ দি হ’লেও বুঢ়াই সকলোবোৰ কাম-কাজৰ তদাৰকী নিজেই কৰিছে৷ খৰিকটীয়াৰপৰা ৰভা দিয়া মানুহকেইটালৈকে কোনো সাৰি যাব পৰা নাই বুঢ়াৰ নিশ্ছিদ্ৰ তদাৰকীৰপৰা৷ বুঢ়াৰ চকুৰ মণি, আলাসৰ লাড়ু এই বৈভৱ৷ তাক মানুহ কৰাৰ ক্ষেত্ৰত বুঢ়াই কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে তাক আজিও গাওঁবাসীয়ে অকপটে সোঁৱৰে৷

হওঁতে আছিল, নথকা নহয়৷ একালত মনেশ্বৰ বৰকেৰাণীৰ পত্নী, পো- বোৱাৰী সকলো আছিল৷ ঘৰখনত অনবৰতে হাঁহি- ধেমালি আৰু প্ৰাণোচ্ছল পৰিৱেশ এটাই বিৰাজ কৰিছিল৷ পত্নী জেউতিৰ জ্যোতিয়ে পোহৰ কৰা মনেশ্বৰৰ পৰিয়ালটিয়ে সুখেৰেই পাৰ কৰিছিল এটি এটি দিন ৰাতি৷ পুতেক দীপকো ডাঙৰ হৈ আহিছিল মাক- বাপেকৰ মৰম আৰু শাসনৰ মাজেৰে৷ স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ শেষত জীৱনৰ বাটত খোজ দিছিল সি৷

তাৰ চাকৰিটো গজি উঠোঁতে দুবছৰ সময় লাগিছিল৷ সেইখিনি সময়ো সি এনেয়ে কটোৱা নাছিল৷ গাওঁখনৰ দুখীয়া ল’ৰা- ছোৱালীকেইটাক পঢ়াইছিল৷ প্ৰথমে ওচৰৰ দুঘৰৰ ল’ৰা- ছোৱালী চাৰিটা আহিছিল৷ পিছলৈ গাঁওখনৰ বাকীবোৰ স্কুলীয়া ল’ৰা- ছোৱালীও অহা আৰম্ভ কৰিছিল তাৰ ওচৰলৈ পঢ়িবলৈ৷ তাৰ এই বিনামূলীয়া শিক্ষাদানে ল’ৰা- ছোৱালীহঁতৰ বৰ উপকাৰ সাধিছিল৷ ইয়াৰোপৰি তাৰ সৰুকালিতে পঢ়া বাহিৰা সাধু কিতাপ, আলোচনী আদি ল’ৰা- ছোৱালীহঁতক আজৰি সময়ত ঘৰত পঢ়িবলৈ নিব দিছিল৷ এখন কিতাপ পঢ়ি ঘূৰাই দিলে আন এখন নিব পাৰিছিল সিহঁতে৷ আন কথাত ক’বলৈ গ’লে সি এটা পুথিভঁৰাল আৰম্ভ কৰিছিল সৰু সুৰাকৈ৷ গাওঁখনৰ ল’ৰা- ছোৱালীৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ জন্মিছিল৷ ডেকাসকলেও লাহে লাহে তাক এই কামত সহায় কৰা আৰম্ভ কৰিছিল৷ বয়স্কসকলে আশীৰ্বাদ কৰিছিল তাক দীৰ্ঘায়ু হ’বলৈ৷

কিন্তু অদৃশ্যজনাৰ বক্ৰহাঁহিৰ ৰেখাত কি উপহাস লুকাই আছিল তাক কোনেও জনা নাছিল৷ দীপকৰ বিয়াৰ ঠিক দুবছৰ পিছতে এদিন সকলোটি ফুৰিবলৈ গৈছিল৷ উভতি অহাৰ বাটত তেওঁলোকৰ গাড়ীখনক খুন্দিয়াইছিল বিপৰীত দিশৰপৰা অহা তীব্ৰবেগী এখন ট্ৰাকে৷ কোনোৱে একো তৰ্কিব পৰাৰ আগতেই সকলো শেষ হৈছিল৷ এতিয়াও স্পষ্ট মনত আছে মনেশ্বৰৰ৷ কণমাণি নাতিয়েকক কোলাত তুলি লৈ বাকীকেইটি প্ৰাণীক জগাবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল সিদিনা, কিন্তু বিফল হৈছিল৷ কণমাণিটিৰ কান্দোনেও সিদিনা লৰাব পৰা নাছিল সিহঁতৰ পাষাণ কায়া৷

মনেশ্বৰ বৰকেৰানীৰ সপোনৰ যৱনিকা পৰিছিল ঠিক সেইদিনাই— এনেদৰেই৷ অৱশেষ আছিল মাথোঁ এটি নমহীয়া প্ৰাণ যিয়ে তেওঁক শেষ হৈ যোৱা নাটখনৰ প্ৰথম অংকৰ প্ৰথম দৃশ্যত থিয় কৰাইছিল পুনৰবাৰ৷

*****

চুবুৰীয়াসকলে মনেশ্বৰ পাগল হ’ল বুলিয়েই ভাবিলে৷ সমাজৰ সকলো কামতে আগভাগ লোৱা এই মানুহজনে আজিকালি কাৰো লগত কথা- বতৰা নপতা হ’ল৷ অত্যাৱশ্যকীয় কামত নাতিয়েকক বুকুত সাৱটি লৈ অ’লৈ ত’লৈ যোৱাৰ বাহিৰে কোনোৱে তেওঁক ঘৰৰ বাহিৰত দেখা নোপোৱা হ’ল৷ অথচ ঘৰৰ ভিতৰত চিঞৰি চিঞৰি কথা কয় মনেশ্বৰে, “হেৰা, উঠাহে৷ চাহ একাপো কৰি নিদিবা নেকি?” লগে লগেই পাকঘৰত বাচন- বৰ্তনৰ শব্দ হয়৷ অলপ পিচতেই আকৌ তেওঁ চাহৰ কাপটো লৈ বাৰাণ্ডাত বহে৷ তেনেতে ভিতৰত কেঁচুৱাৰ কান্দোন শুনিলে পুনৰ উঠি যায় ভিতৰলৈ৷ ঘৰখনত মানুহ বুলিবলৈ কেৱল মনেশ্বৰ আৰু কেঁচুৱাটিকহে দেখা গৈছিল৷ অথচ পুতেক- বোৱাৰীয়েক আৰু ঘৈণীয়েক জেউতিক উদ্দেশ্যি দিনটোৰ বিভিন্ন সময়ত মনেশ্বৰে কৈ থকা কথাবোৰ শুনি চুবুৰীয়াসকল আচৰিত হৈছিল৷ অতীত হৈ যোৱা প্ৰাণী তিনিটিৰ আত্মাই তাৰ গাত লম্ভিলেহি বুলি ভাবি গাঁৱৰ বহুতেই মনেশ্বৰক মাতবোল কৰিবলৈও ভয় কৰিছিল৷

বুঢ়াই সকলো কাম নিজেই চম্ভালিছিল আৰু অকলশৰীয়া ঘৰটোত একপক্ষীয়ভাৱেই কথোপকথন চলাই নিবলৈ বৃথা প্ৰয়াস চলাইছিল৷ তেওঁৰ ভাৱনাত বন্দী হৈ ৰৈছিল মৰমৰ পত্নী তথা পো-বোৱাৰীৰ সাম্ভাৱ্য সংলাপ৷ মুঠৰ ওপৰত ঘৰখনত আটাইকেইজন মানুহৰ উপস্থিতিত মনেশ্বৰে যিখিনি কথা যেনেদৰে ক’লেহেঁতেন, এতিয়াও ঠিক তেনেদৰেই কয়৷ মাথোঁ আনকেইজনৰ সংলাপখিনি নীৰৱতাই সামৰি লয়৷

মনেশ্বৰৰ বন্ধু আৰু চুবুৰীয়া ভদ্ৰকান্তৰপৰা ৰাইজখনে গম পালে যে মনেশ্বৰে হেনো অকলশৰীয়া অনুভৱ নহ’বৰ বাবেহে তেনেকৈ অকলে অকলেই কথা কৈ থাকে৷ শুনিবলৈ আন নাথাকিলেও নাতিল’ৰাকণতো আছে অন্ততঃ৷ বহুতেই মনেশ্বৰক ধৰিছিল দ্বিতীয় বিবাহ কৰাবলৈ, নাতিয়েকক ডাঙৰ- দীঘল কৰাৰ স্বাৰ্থত হ’লেও৷ ছোৱালী দেখুৱাই দিয়া মানুহো ওলাইছিল বহুত৷ কিন্তু শুভাকাংক্ষী এইসকল লোকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল মনেশ্বৰ বুঢ়াই৷

দুৰ্ঘটনাটো হৈ যোৱাৰ ডেৰমাহমান পিছলৈকে তেওঁ এনেদৰেই কটালে৷ অকলেই কৰিবলৈ চেষ্টা কৰিলে সকলো৷ অৱশ্যে সময়ে সময়ে ভতিজা ল’ৰা- বোৱাৰীহঁত আহি বুঢ়াৰ দুজনীয়া হৈ পৰা সংসাৰখন কিছু আগুৰি দিছিল৷ তথাপিও সমস্যা হ’ল উপাৰ্জনক লৈ৷ চাকৰিটো নকৰিলে খাব কিদৰে? লাহে লাহে ইজন সিজনৰ লগত কথাটো আলোচনা কৰাত উপায় ওলাল৷ ওপৰৱালা অফিচাৰজনক সবিশেষ কোৱাত তেওঁ যেনিবা মনেশ্বৰৰ দুমাহৰ ছুটী মঞ্জুৰ কৰিবলৈ সন্মত হ’ল৷ আনহাতে, মাহিলী মজুৰিৰ বিনিময়ত গাঁৱৰ সিটো মূৰে থকা হৰিনাথৰ মাকক ঠিক কৰা হ’ল বৈভৱক চোৱা- চিতা কৰাৰ বাবে৷ ৰাতিপুৱা মনেশ্বৰ চাকৰিলৈ যোৱাৰ সময়ত মানুহজনী আহে আৰু সন্ধিয়া ঘৰ আহি পোৱাৰ লগে লগেই যায়গৈ৷ মুঠতে, নিজৰ চলন- ফুৰন, স্বভাৱ- চৰিত্ৰৰ ওপৰত যাতে কোনোদিনেই একো চেকা পৰিব নোৱাৰে, তাৰবাবে মনেশ্বৰ সদাসচেষ্ট হৈ ৰ’ল৷

এইদৰেই দিন, মাহ আৰু বছৰৰ নাম লৈ সময়বোৰ হেৰাই গ’ল কালৰ বুকুত৷ আৰু এটি এটি দিনৰ এটি এটি মুহূৰ্তই মনেশ্বৰৰ সোঁৱৰণিৰ মণিকোঠা ভৰাই গ’ল৷ …….নাতিয়েকৰ প্ৰথম খোজটি বুঢ়াৰ এতিয়াও মনত আছে৷ সি আঁকবাক কৰা প্ৰথমখিলা পাত তেওঁ এতিয়াও ৰাখি থৈছে সযতনে৷ তাৰ আঁকবাক থকা তেওঁৰ শোৱনি কোঠাৰ দেৱালখনত এতিয়াও নতুনকৈ ৰং কৰা নাই৷ বিধ্বস্ত অতীতৰ কাৰুণ্যই আহি ডিঙিটোত ভিৰ কৰাৰ সময়তে নাতিয়েকে কৰা এনেবোৰ কৰ্ম- কাণ্ডই মনেশ্বৰক জীৱনটো আকৌ এবাৰ জীয়াৰ বাসনা আনি দিয়ে৷ সাধু আলোচনী অথবা খবৰ কাগজত থকা বিভিন্ন মানুহৰ মুখমণ্ডলত বিভিন্ন ষ্টাইলৰ ডাঢ়ি- গোঁফ আঁকিছিল নাতিয়েকে৷ গধূলি কামৰপৰা আহি মনেশ্বৰে খবৰ কাগজত দেশৰ দহৰ খবৰৰ উপৰিও নাতিয়েকৰ দৈনিক কৰ্মৰ খবৰো পাইছিল৷ এই কথাটো মনত পৰিলে আজিও তেওঁৰ হাঁহি উঠে৷ অৱশ্যে, আজি তেওঁৰ হাঁহিৰ ভাগ ল’বলৈ লগত নাতিয়েক বৈভৱ আছে৷ মনেশ্বৰ বুঢ়াৰ চেষ্টা আৰু যত্নৰেই ফচল আজিৰ প্ৰফেছাৰ বৈভৱ৷

*****

বিয়াৰ সকলোখিনি কাম সুকলমে পাৰ হৈছে বুলিয়ে ক’ব পাৰি৷ বুঢ়াৰ ভতিজা পো- বোৱাৰীহঁতে দেহেকেহে খাটিলে৷ পুৰোহিত- আয়তী, ৰান্ধনি- যোগাৰী সকলোৱে যথাযথভাৱে নিজৰ কাম কৰি গৈছে৷ দৰা সাজি বৈভৱো শুভ মুহূৰ্তত ওলাই গৈছে৷ শুই থকা আলহী- দুলহীসকল উঠিবলৈ এতিয়াও বাকী৷ বুঢ়াৰ হ’লে চকুত টোপনি নাই৷ দৰাৰ লগত নগ’ল তেওঁ, কিন্তু দৰা যোৱাৰ পিছৰপৰাই অস্থিৰ, অধীৰ হৈ ৰাতিপুৱালৈ বাট চাই ৰ’ল৷ ……অৱশেষত ৰাতি পুৱাল৷ কমলাৰঙী আকাশখনত সদ্যোজাত বেলিটিৰ ওপৰত নক্সা আঁকি আঁকি চৰাই এজাক উৰি গ’ল৷ আৰু হয়তো অলপপৰ পিছতে নাতিয়েক ওলাবহি সপত্নীক৷ বুঢ়াই বাৰাণ্ডাতে চকীত বহি লৈ উদ্দেশ্যবিহীনভাৱে আগলৈ চাই আছে৷ মনত অযুত ভাৱৰ জোৱাৰ– জীৱন পাটীগণিতৰ যোগ- বিয়োগৰ হিচাপত ব্যস্ত হৈ পৰিছে তেওঁৰ মন৷ হঠাতে কোনোবা এজনৰ মাত শুনি তেওঁ সেইফালে চালে৷ এইকেইদিনৰ বাবে দৈনিক মজুৰিৰ হিচাপত কামত লগোৱা মানুহ দুটা চোতালতে শুইছিল দৰা যোৱাৰ পিছত৷ সিঁহত উঠিল৷ তাৰেই কোনোবাজনে বনকৰা মানুহজনীক পদূলিটো সাৰিবলৈ ক’লে৷ তায়ো খৰখেদাকৈ কামত লাগি গ’ল৷ পদূলিৰ একোণত থকা কঁঠালজোপাৰ শুকান পাতবোৰ সৰিছে৷ এইখিনিলৈকে ৰভাখন টানি দিয়া নহ’ল৷ মানুহজনীৰ বাঢ়নিৰ নিৰ্দয় কোবত শুকান পাতবোৰে দিক- বিদিক হেৰুৱাই দূৰৈত আছাৰ খাই পৰিছে৷ সৰাপাতবোৰৰ এই দুৰ্দশাত মনেশ্বৰ বুঢ়াৰ বুকুখন মোচৰ খাই উঠিল৷ কাতৰভাৱে তেওঁ মানুহজনীক উদ্দেশ্যি ক’লে, “ অলপ লাহে- ধীৰে সাৰ ঐ ৰহিলা৷ পাতবোৰে দুখ পাব৷ “আৰু লগে লগে চকীৰপৰা উঠি লাখুটিত ভৰ দি ঘৰৰ ভিতৰলৈ খোজ ল’লে৷ অজান ভাৱনাত উথলি গধুৰ হৈ পৰিল তেওঁৰ হৃদয়৷ আৱেগৰ ভৰত সেমেকি উঠিল দুচকু৷ কোনেও তাৰ ভূ নাপালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!