হঠাৎ
লেখক- গায়ত্ৰী খাৰঘৰীয়া
হঠাৎ বাছ এখন আহি ৰ’লহি হোটেলৰ মুখত।
হোটেলনো কি? চাৰিটা খুঁটাৰ ওপৰত টিন দুচলা তুলি ট্ৰিপাল মেৰিয়াই সজোৱা কিবা এখন। দেখাকৈ দুটা ভাগ।
এটাত মানুহ বহে। আনটোত চৌকা।
হোটেলত কাম কৰা মানুহ বুলিবলৈ মোকে ধৰি মুঠ তিনিজন। এগাড়ী মানুহ দেখি ভালো লগিছে চিন্তাও হৈছে।
ইমান জাক মানুহক সামৰি ৰখা ইমান সহজ নহ’ব।
অভ্যাস নথকা মানুহ আমি।
তথাপি এবাছ মানুহ।
এই জনমত কিয় কস্মিনকালেও এই হোটেলত এনে মানুহ নানামে। চকলৈ অজা-যোৱা কৰা মানুহে নেলু শুকালে তিয়াবৰ বাবেহে এইখন দোকানত ৰয়।
“তৰুণ, চাহ একাপ দে অ!”
“বিনা চেনিৰ চাহৰ লগত তই পকৰীকেইটা কিন্তু বৰ সোৱাদ লগাকৈ ভাজ কিন্তু।”
‘গাখীৰ চাহ নামত, গাখীৰ দেখোন নায়ে ইয়াত তৰুণ!”
ভাল-বেয়া সকলোৰে মাজত হোটেলখন চলি থাকে।
ইতিমধ্যে পৰঠা হ’ব নে, ৰুটি হ’ব নে শব্দৰে হোটেলখন মুখৰিত হৈছে। সাউৎকৈ গৈ মুনাৰ দোকানৰপৰা আটা অলপ আনিব লাগিব, নাই ময়দাই অনা যাওক।
ছ’ডা ঢালি কোমল পৰঠা মাৰিব পৰা যাব। নিজকে নিজে কৈ মিনতিক ডেক্সিটোত পানী তপতাবলৈ দিলোঁ।
ছাৰ যেন লগা মানুহ এজন আগবাঢ়ি আহিল। পিছে পিছে বাইদেউ যেন লগা দুগৰাকী।
“চাহ, ৰুটি, পৰঠা কিবা হ’ব নেকি অ!”
“হ’ব হ’ব, হ’ব ছাৰ।” একেলগতে দহবাৰমান কৈ উঠিলো মই। চকুৰে গণোতেই বিশজনৰ বেছি মানুহ পাইছোঁ। আটাইকেইজনে কিবাকিবি খালে দিনটোলৈ কিয় সপ্তাহটোলৈ দোকানৰ বহনি ৰৈ যাব।
মানুহজনীৰ পেটটো যোৱা সপ্তাহৰপৰা বিষ বিষকৈ আছে। হাতত পইচা-পাতি নাই। কিবাকিবি ঘৰুৱা দেৱাই খুৱাই ৰাখি থৈছোঁ।
ভোকত দানহ হৈ অহা ছলি। ৰুটিৰে কাম নচলিব।
পৰঠা লাগিব। ভাজিবলৈও সহজ হ’ব।
মই গৈ পুৰণি, ছলিকেইটাই নাম দিয়া ‘ঘেগেলা’ ইস্কুতাৰখনত কিক লগালোঁ। দুবাৰ দিওঁতে ষ্টাৰ্ট নহ’ল, তিনি নম্বৰবাৰত হ’ল।
মিনতিয়ে মোলৈকে চাই আছে।
চকুৰ ভাষাই কয়, ক’ত যাৱ ভয়া! এইমখাক মই কিদৰে সামৰিম?
মই তাইলৈ চাই চকুৰ টিপেৰে ভৰসা এটা দি ইস্কুতাৰ উৰুৱাই দিলোঁ। মুনাৰ দোকানলৈ আনদিনা পাঁচ মিনিট লাগে। আজি এই পাঁচ মিনিটকে শেষ নোহোৱা যেন হৈছে। গৈ দেখিলোঁ মুনাই দোকান খোলাই নাই।
ভাগ্য দোকানৰ লগতে ঘৰ তাৰ। চিধাই গৈ তাৰ চোতাল পালোঁগৈ। তাক দুবাৰমান চিঞৰোতে তাৰ লুধুমী ঘৈণীয়েকজনী আহি ক’লে সি বাহিৰ ফুৰিবলৈ গৈছে।
হে কণা ঈশ্বৰ, এনেখন কিয় কৰা! মুখতে বিৰবিৰালোঁ মই।
চেকেণ্ডেই ঘণ্টা যেন লগা সময় মোৰ।
ভবাতকৈ সোনকালেই আহিল সি।
হাত-ভৰি গা-পা কি ধুলি কি নুধুলি সোধাই নাই তাক, চিধাই মোক কি কি লাগে চোতালতে কোৱাৰ আৰম্ভ কৰিলোঁ।
সি অবাক আৰু আচৰিত চাৱনিৰে সুধিলে, “কি হে তৰুণ পুৱাই পুৱাই ইমানজাক মানু্হ ক’ৰপৰা আহিল?”
ময়ো নাজানো ইমানজাক মানুহ ক’ৰপৰা ক’লৈ আহি আছে। সুধিবৰ সময়ে নহ’ল নহয়।
গৈয়ে সুধিব লাগিব।
মূ্নাই বস্তুকেইপদ দিওঁতে লেহেম কৰিছে।
মোৰ খং উঠি আহিল। কিন্তু একো ক’ব পৰা নাই।
কাৰণ তাৰপৰা এতিয়া বাকীতে সকলো নিব লাগিব।
আবেলিলৈহে সুতে-মূলে দিব পৰা যাব। কিন্তু ৰাতিপুৱাৰ বহনিৰ কথা যে সেয়ে পইচাৰ বাকচতে সোত-মোচ খাই থকা দহ টকা এখন লৈ আহিছোঁ যেনিবা।
সি খেঙখেঙাই নুঠিলেই ৰক্ষা।
চকুৰ সন্মুখত আকৌ বাছভৰ্তি মানু্হগাল ভাহি আহিল।
পৰঠাৰ দামটো আজি অলপ বঢ়াই দিলে কেনে হয়! হঠাৎ অন্তৰৰপৰা যেন কোনোবাই কৈ উঠিল।
এনেই দহ টকাকৈ লওঁ, আজি বিছ টকা কৰি দিম যাঃ বাপেকে।
এটা ছলিয়ে দুখন কৈ খালেও চল্লিছ টকা।
বিশটামান আছে মানু্হ। আটাইকেইটাই যদি খায়…..।
লগতে চাহ আমলেট থাকিবই।
মোৰ হিচাপটো মুখতে কৰিবলৈ অসুবিধা হ’ল।
চকুৰে জিলিকণি এটা যে ওলাইছে সেয়া খাটাং।
মিনতিকো ভালেদিন ভালদৰে পইচা-পাতি দিব পৰা নাই। কেতিয়াবা পঞ্চাছ টকা, কেতিয়াবা এশ। এনেকৈয়ে চলি আছে। তাইৰ কেও-কিছু নাই বুলিহে ৰক্ষা।
মুনাই বস্তুখিনি বেগ এটাত সামৰি মোৰ হাতত দি মুখলৈ চালে।মই খপজপকৈ পেণ্টৰ জেপৰপৰা দহটকাটো তাৰ হাতত দি কলো, “এয়া বহনি বুলি দিলোঁ। আবেলিলৈ সকলো হিচাপ কিলিয়াৰ কৰি আছোঁ। তই চিন্তা নকৰিবি।”
মুনাই কিবা এটা কোৱাৰ আগতে দোকানৰপৰা ওলাই আহিলোঁ । সিও বৰ কেৰজেৰ নকৰিলে। মোৰ বজাৰৰ কোব দেখি সিও অবাক লাগিছে।
ইস্কুতাৰখনত কিক দিলোঁ। এবাৰ দিলোঁ, দুবাৰ দিলোঁ, তিনিবাৰ দিলোঁ।
ওহোঁ, লৰচৰ নাই।
সময় গৈ আছে। চকুৰ সন্মুখত এগাড়ী মানুহ।
আকৌ প্ৰাণ-পণে আৰু এটা কিক দিলোঁ। এইবাৰো একো নহ’ল।
মুনা ৰৈ আছে দোকানত বাৰাণ্ডাত।
বৰ আশাৰে তালৈ চালোঁ।
ঢক্কা এটা দিলে যাব পাৰিলোঁ হয়।
সি আগুৱাই আহিল। মই তাক ভগৱান যেন দেখিলোঁ।
“বৰকৈ নচলাৱ হ’ব পাই, সেয়ে এনেখন কৰিছে। ৰহ মই ঢকা এটা দিওঁ। তই হেণ্ডেল পোনা।”
মুনা নহয় যেন সাক্ষাৎ…।
মনতে শপত খালোঁ আজি মুনাৰ ধাৰ মাৰিমেই মাৰিম। উৰি আহি হোটেলৰ আগ পালোঁহি।
কিন্তু! কিন্তু মানু্হগাল! বাছখন! চকুহাল মোহাৰি ল’লোঁ। নাই যি নাই মিনতিকো নেদেখিলোঁ।
ৰ’দত থকা চকীখনতে ঢপকৈ বহি মিনতিক মাতিলোঁ।
তিনিবাৰমান মতাৰ পিছত তাই বাটৰফালৰপৰা অহা দেখিলোঁ। মই কিবা সোধাৰ আগতেই তাই বকিবলৈ লাগিল।
“ক’লৈ গৈছ, কি কৰিবলৈ গৈছ কৈ গ’লে কি মহাভাৰতখন অশুদ্ধ হলহেঁতেন। মানু্হমখাই খাওঁ যেন কৰিছিল। চাহ লাগে, ৰুটি লাগে। তই গৈ এই অত সময় নাইকিয়া হ’লি। বাটৰুৱা মানুহ। তোৰ বাবে কিয় ৰ’ব! দহ মিনিটমান ৰৈ গুচি গ’ল। মোৰ যাচিবলৈ একো নাই, ক’বলৈও একো নাই যে তই ক’লৈ গৈছ! আচৰিত মানুহ দে তই।
আৰু শুন, ৰাস্তা সিপাৰে আন এখন দোকান হৈছে। পকী। মই তাতে কাম কৰিম কালিৰপৰা। কথা পাতি আহিলোঁ এতিয়া। তই তোৰ দোকান নিজে চম্ভালি থাক। মই নোৱাৰোঁ।”
হঠাৎ সকলো ওলট-পালট হৈ গ’ল।
হঠাৎ মই হুৰুসকৈ সৰি পৰিলোঁ।
হঠাৎ মানুহজনীৰ পেটৰ বিষটো মোৰ বুকুলৈ উজাই আহিল।
হঠাৎ, হঠাৎ।
