হাঁহি উঠে তাৰ – কুসুমাঞ্জলি শৰ্মা

মৃতক জনৰ বৰ হাঁহি উঠে 
শ এটাক বধ কৰিবলৈ 
মানুহৰ কিমান যে ৰণসজ্জা
তাৰ বিৰুদ্ধে অভিযোগ
সি হেনো হাঁহি হাঁহি
বাটে পথে জীৱনৰ গান গাই ফুৰে
জীয়া জীয়া মানুহৰ
বুকুত পোৰণি 
বোলে ধৰ ধৰ ধৰি আন শটোক
কোবাই আফলিয়াই মাৰি পেলাও সিটোক
হাঁহি এটা বিচাৰি মানুহে থাকে হাবাথুৰি খাই
এই মৰাটোৱেচোন ফুৰে খিল খিলাই
জীৱন্তৰে জীয়াই থকাৰ ঠিকনা নাই
মৰাশই আজি
জীৱনৰ জয়গান গায়
মৃতকৰ বৰ হাঁহি উঠে
হাঁহি হাঁহি হাত ডাঙি 
আত্মসৰ্মপণ কৰে
মৰাৰ পিছত আকৌ কিহৰ মৰাৰ ভয়
মৰি মৰি জীয়াই থকাবোৰৰহে
জীয়াই থকাৰ ভয়৷
☆★☆
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!