হাতো নেমেলিবি ফুলো নিচিঙিবি – নবনীতা বৰ্মন
প্ৰাতঃভ্ৰমন কৰাটো স্বাস্হ্যৰ পক্ষে ভাল এই কথাটো চিকিৎসকেও কয়৷ ভাল লাগে মানুহৰ স্বাস্হ্য সচেতনতা দেখি৷ কিন্তু বেয়া লাগে তেতিয়াহে যেতিয়া মানুহে প্ৰাতঃভ্ৰমন কৰাৰ নামত নিজৰ আভিজাত্যৰ প্ৰতীক ব্ৰেণ্ডেড কুকুৰকেইটাক নিজৰ ঘৰৰ পদুলিৰ সন্মুখত কামফেৰা কৰায়৷ সকলোৰে নিজৰ ঘৰৰ চৌহদটো মৰমৰ৷ সকলোৱে নিজৰ পদূলিটো পৰিস্কাৰ ৰাখিব বিচাৰে৷ কিন্তু নিজৰ পদূলিটো পৰিষ্কাৰ কৰি ৰাখি আনৰ পদুলি লেতেৰা কৰাটো ক’ৰ বাৰু ধৰ্ম৷ হায়ঃ মানুহৰ মানসিকতা!! তাৰ লগতে বেয়া লাগে আকৌ যেতিয়া বেৰত বগাই আপুনি সযতনে ৰোৱা ফুলবোৰ কলি সহিতে লৈ যায়৷এই কামফেৰা কৰোতে এবাৰো ভাবি নাচায় গিৰি হ’তে কিমান সযতনে ফুল এপাহ ৰুৱে৷ কিছুমানেটো এই কৰ্মটো কৰিবলৈ সৰু ল’ৰাছোৱালীকো বেৰত উঠাই দিয়া দেখা যায়৷ অতি পৰিতাপৰ কথা যে এই বেলেগৰ বাৰী টহিলং কৰি নিয়া এই ফুলপাহেৰে আকৌ এচামে ধৰ্মৰ জয়গান গায়৷ এই ফুলে গৈ শিক্ষক দিৱসত শিক্ষকক দি বাহ বাহ লয় আৰু শিক্ষক দিৱস সৰস্বতী পূজাৰ সৌন্দৰ্য্য বঢ়ায়৷ কিন্তু সুধি নিয়াৰ সৌজন্যকণো নকৰে৷ হয়তো সুধিলে তেওঁলোকৰ তথাকথিত আধুনিকতাৰ লেবেলখন অলপ কমি যাব বুলি ভাবে৷ বেয়া লাগে মানুহৰ এনেকুৱা মানসিকতা দেখিলে৷ তাতকৈ সকলোৱে যদি নিজৰ চৌহদত ফুল ৰুৱে উচ্চ দালানবোৰ সজাতকৈ কিছু ঠাই ৰাখি এজোপাকৈ গছপুলি ৰুৱে ই প্ৰাকৃতিক সৌন্দৰ্য্য বঢ়াই তোলাৰ লগতে প্ৰাকৃতিক ভাৰসাম্যও ৰাখিব৷ আৰু ই হ’ব পৰৱৰ্তী প্ৰজন্মৰ বাবে এক আদৰ্শৰ উৎস আৰু ই এক নতুন দিগন্তৰ সূচনা কৰিব৷