হাত (-মিতালী বৰ্মন)

এখন হাতৰ মুঠিত আনখন হাত
আঙুলিৰ ফাঁকে ফাঁকে খাজ খাই পৰে আঙুলি
বিশ্বাস
স্বস্তি
নিৰাপত্তাৰ আৱৰণৰ ভাঁজে ভাঁজে
এমুঠি প্রতিশ্রুতি…
মৌন-মুখৰ প্রতিটো প্রহৰতে
বর্ণময় হৃদয়ৰ ৰামধেনু !
এখন হাতে মেলি দিয়ে মমতাময়ী আঁচল
আনখন হাতে আকোৱালি লয়
প্রতিটো নিৰাভৰণ প্রহৰ…
সময়ে টানি লয় এহতীয়া ওৰণি
সন্ধান— আশ্রয়…
কুৰুকি কুৰুকি কাষ চাপে এখন হাত আনখনৰ
জীৱনৰ খলাবমাতো
দিশহাৰা নদীয়ে
গতি পায় ।
চাকনৈয়া আঁতৰি যায়…
উন্মনা ফাগুনৰ সন্ধিয়া !
জোন গলা ফাগুনৰ নিশাত
এখন হাত শুই পৰে
আনখন হাতৰ মুঠিত
সেউজীয়া হৈ পৰে জোনাক !
এখন হাতৰ শূন্যতাত
আনখন হাতৰ আইতাৰ সাধুৱে
জিৰণি লয়
ভাকুট-কুটাই যায় সপোনবোৰে…
শিশু হৈ পৰে দুখন হাত
বালিভাত ৰান্ধে
বালিঘৰ সাজে
আৰু
তেনেকৈয়ে ঘুমটি যায়…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!