হে জনগণ! (নিবিড় স্বপ্নম)
হে জনগণ !
ক্ষমতা, দুৰ্নীতি, শোষণ, নিষ্পেষণ
আৰু বহু বিশেষণ,
দুখীয়াৰ আবেগমুঠি হাতৰ তলুৱাত লৈ
অলৌগুটি–টলৌগুটি খেলা
তেজপিয়াবোৰে কৰিছে নিৰ্বাচনী সমীকৰণ ৷
এখন অঘোষিত যুদ্ধৰ আখৰাত
পংকিলময় গণতন্ত্রৰ ৰণাংগন,
বোকা ছটিওৱাৰ সংগ্ৰামত
কেৱল শুনো প্ৰতিশ্ৰুতিৰ আস্ফালন৷
গেলি গেলি ঘাঁ হয় সৰ্বহাৰাৰ দুখবোৰ
কুম্ভকৰ্ণ কবিৰাজ নিদ্ৰামগ্ন,
কৃষকৰ চিৰাল ফাঁটমেলা বুকুবোৰলৈ
কাৰো ভ্ৰূক্ষেপেই নাই,
কেৱল অভিপ্সা আৰোহণৰ ৷
সিহঁতে নুশুনে
পৰিবৰ্তন বিচৰা শ্লোগানবোৰ।
গাই যায়, শুনি যাওঁ
প্ৰতিশ্ৰুতিৰ যে গীত সুমধুৰ ৷
নিতৌ আৰ্বিভাব এটি সমস্যাৰ
সমাধানৰ সূত্ৰ কোনেবা বিচাৰে,
বাদ বিসম্বাদৰ ৰাজনীতিত
জনতাইতো বলি হৈছে !
হে জনগণ !
কোনে কয় আমি দুৰ্বল নিষ্পেষিত
সংকটকালত আমিয়েই জনাৰ্দন৷
ৰাজনীতিৰ লেতেৰা বজাৰত
যদি চলাব নিদিওঁ
আমাৰ বিবেকৰ দৰদাম,
কোনে আমাক মুহিব পাৰে
আমি জনতা মহা বলবান৷