ৰক্ত দান (ৰুণুমী দেৱী)

ইমানকৈ কোৱা সত্ত্বেও মানসীয়ে ৰক্ত দান শিবিৰলৈ নগল৷ মহান কাম হল বুলিয়েই নিজৰ তেজখিনি দিওঁ বুলিয়ে দিব পাৰিনে? এটোপাল তেজৰ বাবে কিমান কি খাব লাগে তাতে তাইহে জানে৷ ডাক্তৰে কলা কচু, কলডিল, জাহাজী কল আদি খাব কলেও যেতিয়াই তেতিয়াই খাব নোৱাৰি৷ কেতিয়াবা এইবোৰ বিচাৰি পোৱা নাযায় আৰু পালেও হাতত যিহে দাগ লাগে তিনিদিন মানলৈ যাবই নোখোজে৷ ঘৰৰ সন্মুখত থকা কচুবোৰ মানুহে দেখি হঁহাৰ ভয়ত আনো বুলি আনিব নোৱাৰে৷ ডালিম কিনি খাবকৈও টান দামৰ বাবে৷ গতিকে তাই ৰক্তদান শিবিৰলৈ নোযোৱাটোকে ঠিক কৰিলে ..৷ মানুহজনকো কৈছিল সেইফালে নাযাবলৈ, পিছে নোযোৱাকৈ থাকিলেহে!

আনদিনাৰ তুলনাত আজি গিৰিয়েক শোণিত ঘৰলৈ অহাত যথেষ্ট দেৰি হৈছে৷ লৰা-ছোৱালীহাল কেতিয়াবাই শুলে,তাইহে শুব পৰা নাই..৷ ফোন কৰিলেও “নট ৰিটচেবল” বুলি কয়..ক’ত যে কি কৰি ফুৰে গিৰিয়েকটোৱে ঘৰখনলৈ একেবাৰেই চিন্তা নাই৷ এই ৰাতিখন কলৈ যায় তাই!এনেতে পদূলিত এখন গাড়ী ৰোৱাৰ শব্দ হ’ল৷ শোৱনি কোঠাৰ পৰ্দাখন ঠেলি খিৰিকীৰে জুমি চাই দেখে কোনোবা দুজনমান ল’ৰা সোমাই আহিছে। “বাইদেউ” বুলি মতাৰ লগে লগে ভয়ে ভয়ে দুৱাৰখন খুলি দিলে তাই…। আৰে ই চোন সেইৰক্ত দান শিবিৰৰ সেই ল’ৰাটো! ঘৰলৈকে তেজ নিবলৈ আহিল নেকি…?
:বাইদেউ আজি মোৰ মনটো বৰ ভাল লাগিছে, শিবিৰত অসংখ্য মানুহে ৰক্ত দান কৰিছে আৰু আজিয়েই এজন চিৰিয়াচ ৰোগীক বচাব পাৰিলোঁ৷
:বৰ ভাল কাম কৰিলা পিছে..
:বাইদেউ এতিয়া চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকৰ দাদাৰ গধূলি বাইক দুৰ্ঘটনা হৈছিল..ততাতৈয়াকৈ নাৰ্চিং হোমত ভৰ্তি কৰালে আমাৰে দুজন মান লৰাই..ভাগ্য ভাল বি নিগেটিভৰ তেজ আজি বিচাৰি যাব লগা নহ’ল..তেখেতক দুবটল তেজ দিয়া হৈছে আপোনাক ফোনত নেপায় ভাবিলো আগতে চিকিৎসাৰ কামখিনি কৰোঁ পিছত খবৰ দিম..৷
এতিয়া আপুনি আমাৰ লগত ওলাওক ঘৰত কাৰোবাক থাকিব কওক আমি গাড়ীতে ৰৈ আছো৷
মানসীয়ে পৰিব খুজিছিল কোনোমতে নিজক সম্ভালি ভিতৰলৈ সোমাই গল..দুচকুৰে মাথোঁ নিগৰি গ’ল চকুলোৰ ধাৰ……৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!