ৰঙাগুড়িৰ বাট ( প্ৰিয়ংকা দাস )
ভৰ দুপৰীয়া এটিত
চকুমুদাৰ সাধুটো শুনাই
গুড়ি ৰঙাখিনি বহি লয় বাটটোত
নিগাজীকৈ৷
টনা টনা চকুদুটাই
দুটোপ পানী কঢ়িয়াই
আলফুলে
দল্দোপ হেন্দোলদোপকৈ
ৰঙাবোৰে সমদল পাতে
গালে-মুখে
হাতে-আঙুলিয়ে
কপালে-শিৰে৷
লাহেকৈ চকুমুদাৰ সাধুটো শেষ হয়,
আইনাখনে মিচিকি হাঁহিৰে
ৰঙাখিনিক অভিবাদন জনায়৷
চাৰিটি চকুৱে
ৰঙা বাটলৈ ডিঙি মেলি চায়৷
ঠিক তাৰপৰাই
ৰঙাত নিমজ্জিত দিনবোৰ আগবাঢ়ে
কেতিয়াবা ফুলা মুখ
কেতিয়াবা মনৰ অসুখ
কেতিয়াবা দৰ্শনৰ বিৰোধ
কেতিয়াবা… কেতিয়াবা এনেই৷
কাৰণ নোহোৱাকৈ…!
এনেকৈয়ে ৰঙাগুড়িয়ে নাওঁ এৰে
পালতৰি
অহৰহ… আজীৱন
সেওঁতাৰ মাজেৰে৷