ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ৰঙা, নীলা আৰু সেউজীয়া (- ইন্দুকল্প শইকীয়া)

ৰঙা মেঘ আৰু নীলা আকাশৰ দেশত

সেউজীয়াবোৰ বজ্ৰলেপ হৈ পৰে

বৰষুণ হৈ উঠে নৃত্যৰতা গাভৰু

আৰু সাগৰ খনে স্নান কৰে

সেই গাভৰুৰ কোলাত

 

বতাহৰ চুম্বনত মেঘ হৈ পৰে কামনাময়ী

সংগম হয় শুকান মাটিৰ লগত

আকৌ জন্ম হয় সেউজীয়াৰ সন্তান

 

প্ৰশ্ন উঠে,

মেঘবোৰ মাটি চুবলৈ আহে

নে

সাগৰ খনে স্নান কৰিব খোজে ?

 

অত্যাচাৰী কলা ডাৱৰ বোৰক

লুণীয়া বতাহে মৃত্যুদণ্ড দিয়ে

মেঘ আৰু মাটিৰ সন্মিলনত

সেউজীয়াই আকৌ জন্মলাভ কৰে

সেয়েহে ৰঙা মেঘ আৰু নীলা আকাশৰ দেশত

সেউজীয়াবোৰ বজ্ৰলেপ হৈ পৰে

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!