ৰাতি আৰু কিমান বাকী (মনোহৰ দত্ত)

ভালপোৱাৰ কথাৰে লিখিবা
মোলৈ এখন চিঠি
ম’বাইলত নুসুধিবা
ৰাতি আৰু কিমান বাকী!
চাকৰিটো জানা
টেটৰ পৰীক্ষা দি
লঘোণীয়া পেটেৰে
নালাগে ক’ব তোমাক
ভালপাওঁ বুলি
যদিহে দিয়ে
তোমাৰ ঘৰে তোমাক
মোলৈ বুলি!
চাকৰিটো নাযায় যদি
চোতালত ওমলাম
ভৱিষ্যতৰ সপোনটি!
তথাপি কৈ থওঁ
দেউতায়ো লৈছে অৱসৰ
এটাই মাথোঁ ভাইটি
সিও যে বেকাৰ!
বেজাৰ নকৰিবা
বাইকত ফুৰাবলৈ
নতুবা
ম’বাইলৰ ধন ভৰিব
নোৱাৰিম হয়তো মই!
ভালপোৱাৰ কথাৰে লিখিবা
মোলৈ এখন চিঠি
ম’বাইলত নুসুধিবা
ৰাতি আৰু কিমান বাকী!!
—–**—–

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
palash
10 years ago

val lagil,..pohi..

Copying is Prohibited!