“টেলিফোন” (অংশুমান বৰা)
কোম্পানীৰ মালিকে দৰমহা বঢ়াৰ কথাটো কোৱাৰ পিছতো কলিতাই নিজৰ অশান্ত মনতোক বুজনি দিব পৰা নাই । “নাই …. আৰু সহ্য কৰি থাকিব নোৱাৰি” – এইবুলি তেওঁ নিজৰ কেবিনৰ লেণ্ডলাইনটোৰ পৰা এটা নম্বৰ লগালে । তেওঁৰ ঘৰৰ ‘ৱায়াৰলেচ’ ফোনটোৰ নম্বৰ ।
“হেল্ল’… কোনে কৈছে? ”
“হেল্ল’…. হৰেন কাই !!! ”, – তেওঁৰ ঘৰত কাম কৰা মানুহজনৰ মাতটো কলিতাই ধৰিব পাৰিলে ।
“অ’… দাদা.. কওঁক, কি হ’ল ?”
“মই যি কওঁ তুমি মনে মনে শুনিবা । একো শব্দ নকৰিবা । বুজিছা নহয়?”
“বুজিছো দাদা । আপুনি কৈ যাওক ।”, হৰেন কায়ে ফুচফুচনিৰ সুৰত ক’লে ।
“তুমি মনে মনে আমাৰ বেডৰুমৰ ওচৰলৈ যোৱা আৰু তাত কোন আছে চাই মোক কোৱা ।”
“বাইদেউ আৰু এজন বেলেগ মানুহ আছে । আগতে আমাৰ ঘৰলৈ অহা দেখা নাই । বাইদেউৰ বন্ধু কিজানি!”
হৰেন কাইৰ কথা শুনি কলিতাৰ গাত যেন জুইহে জ্বলিল ।
“এতিয়াই তুমি আমাৰ ষ্টোৰ ৰুমলৈ যোৱা আৰু তাত থকা পুৰণি আলমাৰিটো খোলা ।”
“খুলিলো দাদা …. এতিয়া কি কৰিম ?”
“তাত এটা ক’লা ৰঙৰ বাকচ আছে, দেখিছানে ?”
“দেখিছো দাদা ।”
“বাকচটোৰ ভিতৰত এটা ‘নাইন এম এম পিষ্টল’ আছে । সেইটো উলিয়াই আনা ।”
“আনিলো দাদা । এতিয়া ?”
“আমাৰ বেডৰুমৰ বাহিৰৰ পৰা দুয়োজনকে গুলিয়াই দিয়া…… এতিয়াআআইই ”- কলিতাই এইবাৰ খঙত চিঞৰি উঠিল ।
ধিচাও…. ধিচাও ….. গুলিৰ শব্দই যেন পৃথিৱী কপাঁই তুলিলে ।
“দাদা … আপুনি কোৱা মতেই কামটো হ’ল । মই দুয়োজনকে গুলিয়াই দিলো ।”
“থেঙ্ক ইউ, হৰেন কাই । আজিৰ পৰা মই টেন্চন মুক্ত । আজি তুমি সঁচাকৈ প্ৰমাণ কৰিলা যে তুমি স্বাধীনতা যুঁজাৰু দিগেন হালৈৰ পুত্ৰ ।”
“ধন্যবাদ দাদা । কিন্তু মোৰ দেউতাৰ নাম দিগেন হালৈ নহয়, প্ৰবীণ দলৈহে ।”
“কি কথা কোৱাহে ? তোমাৰ দেউতাই মোক কোলাত তুলি ডাঙৰ কৰিছে । মই ভালকৈ জানো । তেওঁৰ নাম আছিল দিগেন হালৈ আৰু তোমাৰ নাম হ’ল হৰেন হালৈ ।”
“নহয় দাদা…. আপোনাৰ কিবা এটা ভুল হৈছে । মোৰ দেউতাৰ নাম প্ৰবীণ দলৈয়েই হয় আৰু মোৰ নাম হৰেন হালৈ নহয়, হৰেন দলৈহে ।”
কলিতাৰ এইবাৰ অলপ সন্দেহ হ’ল । তেওঁ লেণ্ডলাইন ফোনটোৰ ডিজিটেল স্ক্ৰীণখনলৈ মন কৰিলে । লগে লগে তেওঁৰ চকু দুটা ডাঙৰ হৈ পৰিল, কাণৰ কাষেৰে এটোপাল ঘাম বৈ আহিল আৰু গম নোপোৱাকৈয়ে জিভাখন মুখৰ বাহিৰলৈ ওলাই আহিল ।
তেওঁ কপাঁ কপাঁ মাতেৰে ক’লে , “বেয়া নাপাব । ৰং নাম্বাৰ ।”
good joking yer