‎পাটকাইৰ সিপাৰে তই (শান্তনু চাংমাই)


পাটকাইৰ সিপাৰে তই
শান্তনু চাংমাই

তইতো অবুজন নহৱ
ভালদৰেই বুজি পাৱ
নীলা ৰঙৰ বেদনা
হালধীয়া কাপোৰ এখনে ঢাকি থৈছে
তাজমহলৰ পোহৰ ছবি আন্ধাৰ কৰি
এটা সেউজীয়া ৰঙৰ পেৰাচুট পিন্ধি
তথাপিও কিয় তই জাপ দিয়
উৰি থকা মন-বিমানৰ পৰা
কোন চন্দুকৰ চাবি বিচাৰি ত‍ই সোমাই যাৱ
পাটকাইৰ গভীৰ ৰহস্যৰ মাজলৈ অকলশৰে?
কোন গীৰ্জাৰ বাকৰিত পৰি পৰি
তই অপেক্ষা কৰ উদয়াচলত পক্ষীৰ কাকলিলৈ ?
পাত-বেংজনীৰ দৰে জপিয়াই নাথাকিবি মোৰ মনৰ শোৱনি-কোঠাত…
আচবাববোৰ পুৰণি হ’লে কি হ’ব
চিঁচাৰ বস্তু ভাগিবলৈ কেতে পৰ ?
থনথনকৈ ভাঙি যোৱা হৃদয়ৰ টুকুৰাবোৰ
ইমান দিন ধৰিও যে জোৰা লগাব পৰা নাই…
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!