****সেউজীয়া পাতৰ স্মৃতি****(-দুলাল বৰুৱা)
মোৰ জন্ম হৈছিল উজনি অসমৰ ডিব্ৰুগড় নগৰৰ পৰা দহ কি:মি: পশ্চিমলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে দাঁতিতে থকা এখন চাহবাগিছাত | পৃথিৱীত বিচাৰিলে বোধ কৰো এনে কোনো নাৰী–পুৰুষ নোলাব, যাৰ হৃদয়ত নাই নিজৰ ওপজা ঠাইখনৰ প্ৰতি অপত্য স্নেহ আৰু গভীৰ ভালপোৱা | এই স্নেহ আৰু ভালপোৱা এনে এক বিৰল অনুভূতি যিয়ে ব্যক্তিক এখন ঠাই, একোটা অঞ্চল , একোখন সমাজৰ ৰীতি–নীতি, আদৱ–কায়দা সপোন আকাংক্ষাৰ সতে বান্ধে | এই এনাজৰী প্ৰেমৰ এনাজৰী, এই এনাজৰী জীৱনৰ মহত্ত্বৰ এনাজৰী | সেয়েহে এক অতীত যাত্ৰাৰ মাজেৰে নিজৰ ভিতৰলৈ উভতি অহাৰ চেষ্টা কৰো |আৰু সেইবাবে জীৱন জীৱন হৈ আছে ….|
অসমৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ গতিপথ সলনি কৰা চাহ উদ্যোগৰ বহু অজানা কথা, শ্ৰমিক জীৱনৰ অমানুষিক শ্ৰম, লগতে আনন্দ–উলাহ বাগিচাত জন্ম নল’লে অনুমান কৰিব নোৱাৰি | এনে অপৰিসীম কষ্টৰ মাজতো এক চিৰসেউজীয়া, অপ্ৰদুষিত পৰিবেশে দৈহিক আৰু মানসিক অৱস্থাক কেনে এক সুন্দৰ আৰু সবল ৰূপ প্ৰদান কৰে সেয়া চাহ–বাগিছাৰ বাহিৰৰ মানুহৰ বাবে কল্পনাৰো অগোচৰ |
অসমৰ মাটিত চাহজনগোষ্ঠীলোক সকলে মৈত্ৰীৰ বান্ধোনেৰে সকলো সম্প্ৰদায়ৰ লগত নিবিড় সম্পৰ্ক গঢ়ি, পৰম্পৰাগতভাৱে উত্সৱসমূসহ পালন কৰি নিজৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি আহিছে | এই চাহজনগোষ্ঠীৰ এটি বিশেষ উত্সৱ হ’ল “টুচু পূজা ” ; আমাৰ মাঘ বিহুৰ সময়তে টুচু পূজা পতা হয় | আমি সৰুৰে পৰাই বছৰে বছৰে এই টুচু পূজা দেখিছিলো | প্ৰথা মতে টুচু এগৰাকী মহাসতী আছিল | তেওঁ নিজৰ স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চিতাত একেলগে শুই জীৱন ত্যাগ কৰিছিল | সেই দিনটো আছিল মাঘ মাহৰ মকৰ সংক্ৰান্তি | তেতিয়াৰ পৰাই সেই মহাসতী টুচুৰ গুণানুকীৰ্তন টুচু গীতৰ মাজেদি প্ৰকাশ কৰি ‘টুচু পৰৱ’ নামেৰে চাহ বাগিছাৰ বনুৱা সকলে পৱিত্ৰতাৰে এই পৰব পালন কৰি আহিছে | শুনা মতে টুচু দেৱীৰ জীৱনকাল ঘাত–প্ৰতিঘাতেৰে ভৰা আছিল | টুচু দেৱীৰ মাটিৰে সাজি লোৱা প্ৰতিমাক ধুনীয়াকৈ সজাই–পৰাই ৰং–বিৰঙৰ চিকমিকাই থকা পাতল কাগজেৰে গোসাঁইৰ থাপনাৰ দৰে সৰু থাপনাত সুন্দৰকৈ সজাই টুচুদেৱীৰ গীত গাই, নৃত্য কৰি বস্তিৰ মানুহৰ ঘৰৰ পদূলিয়ে পদূলিয়ে ফুৰোৱাৰ নিয়ম |বাগিছাৰ তিৰোতা আৰু ছোৱালীবোৰে ধুনীয়াকৈ সাজ–পোছাক, আ–অলংকাৰ পিন্ধি আত্মবিভোৰ হৈ টুচুদেৱীৰ গুণ–গৰিমাৰে নৃত্য–গীত কৰি আনন্দ উপভোগ কৰে |
“তেল দিলাম শলিতা দিলাম
স্বৰ্গে দিলাক বাতি গ’
সৱ দেৱ-দেৱী সন্ধ্যা লওমা
লক্ষ্মী সৰস্বতী গ’ “
এই পূজাৰ আৰম্ভণী দিনটোক “টুচু জাগৰণ” আৰু শেষৰ দিনটোক “টুচু ভাসান” বুলি কোৱা হয় | ভাসানৰ দিনা টুচুদেৱী প্ৰতিমাক ঘূৰাই–ফুৰাই সন্ধিয়াৰ সময়ত নদীত উটুৱাই দিয়ে | টুচুদেৱী দেৱীৰ প্ৰতিমা আৰু থাপনাখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত চাহজনজাতিৰ তিৰোতা আৰু জীয়ৰীহঁতৰ নিপুন হাতৰ চানেকিত কলাসুলভ মনৰ পৰিচয় নিহিত হৈ থাকে | কেৱল চাহবাগিছাৰ পাতছিঙাৰ কামতে নহয়, সিহঁতৰ হাতবোৰ সুকুমাৰ কলাৰ ক্ষেত্ৰতো পাৰদৰ্শী | সেই শিল্পীসুলভ মনৰ মাজত থকা সাধাৰণ শ্ৰেণীটোৰ সৃষ্টিৰ প্ৰতিভাখিনি দেখিলেও অবাক হ’বলগীয়া কথা ……..|
ক্ৰমশ :