‪অন্য নাম বেজাৰ (-মালবিকা বৰা)

মোৰ উদং বুকুত সুমুৱাই এখন তৰোৱাল
দীঘল আৰু ধাৰাল

ৰাজপথৰ সোঁমাজতে
পৃথিৱীৰ অলক্ষিতে

গাত পলিথিন মেৰিয়াই ফুৰা উন্মাদ ল’ৰাটো
বৰষুণ আৰু বতাহত
গাড়ীৰ দুৱাৰত ওলমি ৰোৱা ল’ৰাটো
নে জাবৰৰ দ’ম ফালি পোৱা বটল ভৰাই
কোকাকোলা পেপছি বুলি
পিতনিৰ ঘোলা পানীৰে পিয়াহ গুচোৱা ল’ৰাটো

হেৰাই থাকিল

লাহেকৈ পাতি দিয়া মোৰ উদং বুকুত
ৰঙা মদাৰ ফুলিল

যাৰ অন্য নাম বেজাৰ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!