অকব, ৰোমান লিপি আৰু এক ব‌্যক্তিগত বাৰ্তালাপ (অচিন্ত্য কুমাৰ বৰঠাকুৰ)

অকব, ৰোমান লিপি আৰু এক ব‌্যক্তিগত বাৰ্তালাপ

অচিন্ত্য কুমাৰ বৰঠাকুৰ

অসমীয়াত কথা বতৰা গোটৰ মজিয়াত ৰোমান লিপিৰে লিখাক লৈ চলি থকা অনাকাংক্ষিত বিতৰ্ক কিছুমানৰ মাজতে হঠাৎ কালি ৰাতিপুৱা মোলৈ এক অচিনাকী ব‌্যক্তিৰ পৰা এটা অফ্‌লাইন বাৰ্তা আহিল। ৰোমান লিপিত মিশ্ৰিত ভাষাত লিখা বাৰ্তাটো পাই তাৰ উত্তৰত মই কি লিখিম, তাক চিন্তা কৰি থাকোতেই বহুত সময় গ’ল। শেষত কিবা এটা লিখি উত্তৰ দিলোঁ যদিও এই পৰ্যন্ত তেওঁৰ পৰা মোলৈ কোনো উত্তৰ অহা নাই। অসমীয়াত কথা-বতৰা (অকব)ৰ নতুন সদস‌্যসকল আৰু অকবৰ পৃষ্ঠাত প্ৰ‌ৱেশ কৰি আলেঙে আলেঙে ৰেহ-ৰূপ চাই থকা ব‌্যক্তিসকলৰ কিবাপ্ৰকাৰে কামত আহিব পাৰে বুলি ভাবি অচিনাকি ব‌্যক্তিজনৰ লগত হো‌ৱা মোৰ বাৰ্তালাপটো অসম্পাদিত ৰূপত আপোনালোকলৈ আগবঢ়াই দিলোঁ। ব‌্যক্তিজনকলৈ অহেতুক সমালোচনা এৰাই চলিবলৈ ইয়াত তেওঁৰ নামটো উহ‌্য কৰি ৰখা হৈ‌ছে।

03:23
-XXX XXX-
forum tut ki ase???? Manuhe ane tal fal logai ase ki aaibur unicode… Karu aku profit nohoi except mark zakar burg… Aaibur niti niyom .india t applicable nohoi….zen new indian constitution he bonabo… Time waste …

03:43
-XXX XXX-
Assam or literature rate below 20% tate kiman manuh computer jaane n FB applicatn use kore doubt ful… Like a mesh…. India gaon me wasta he… City me nehi…
Today

13:32
Achinta Borthakur
শৰ্মা ডাঙৰীয়া,
নমস্কাৰ গ্ৰহণ কৰিব।
আপোনাৰ বার্তাৰ বাবে ধন্যবাদ জনালোঁ। ব্যক্তিগতভাবে আপোনাক মই চিনি নাপাওঁ যদিও ফে’চবুকৰ “অসমীয়াত কথা বতৰা” নামৰ গোটটোত ৰোমান লিপিৰ আধিক্যক লৈ দুঃচিন্তা চলিথকা সময়ত এটা পোষ্টত মই আগবঢ়োৱা মন্তব্যৰ প্রত্যুত্তৰ হিচাপেই আপুনি মোলৈ এই ব্যক্তিগত বার্তা পঠোৱা বুলি ধৰি লৈছোঁ।

মোৰ ফালৰ পৰা আপোনাক কিবা ক’বলৈ লো‌ৱাৰ আগতে মই দুটা কথা স্পষ্ট কৰি লওঁ যে মই অসমীয়াত কথা-বতৰা গোট (আগলৈ চমুকৈ “অকব” বুলি ক’ম)ৰ এজন পুৰণি সদস্যহে, গোটৰ প্রশাসক নহয়; আৰু মই ধৰি লৈছো যে আপুনি অসমীয়া ভাষা ভালদৰেই বুজি পায় আৰু আপোনাৰ কম্পিউটাৰত অসমীয়া আখৰ পঢ়িবও পাৰে কিন্তু এই পৰ্যন্ত তাত অসমীয়া লিখিব পৰা নাই।

এতিয়া প্ৰথমেই আহোঁ আপোনাৰ দ্বিতীয়টো বার্তালৈ। আপুনি কৈছে যে, “Assam or literature rate below 20% tate kiman manuh computer jaane n FB applicatn use kore doubt ful…” কিন্তু সত‌্যটো হ’ল যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ ৭৩.১৮% (73.18%) । সংখ্যা হিচাবে এয়া প্রায় দুই কোটিৰ ওচৰা ওচৰি (19,507,017জন); আপুনি কোৱাৰ দৰে ২০%তকৈ কম নহয়। তাৰ মাজত অবশ্যে ফে’চবুক ব্যৱহাৰকাৰীৰ সংখ্যা কিমান, সেয়া মই সঠিককৈ নাজানো কিন্তু আপোনালৈ এই বাৰ্তা লিখি থকা সময়ত ফে’চবুকৰ অসমীয়াত কথা-বতৰা নামৰ গোটটোৰ সদস্য সংখ্যা যে ৮৯১২জন, সেইটো জানো। India gaon me wasta he city me nehi বুলি আপুনি কো‌ৱা কথাষাৰত মোৰ কোনো দ্বিমত নাই; পিছে আপুনি যি কথা বুজাবলৈ বাক‌্যটো ব‌্য‌ৱহাৰ কৰিলে, তাত মোৰ ক’বলগীয়া আছে। ২০১১ চনৰ লোকপিয়লমতে ভাৰতৰ ৬৩.২%লোকৰ ঘৰত টেলিফোন আৰু মুঠ ১.২বিলিয়ন জনসংখ্যাৰ ভিতৰত ৫৩.২%লোকৰেই এটাকৈ মোবাইল ফোন আছে। ইমান মানুহ নিশ্চয়কৈ ভাৰতৰ অকল নগৰবিলাকতেই নাথাকে, ইয়াৰ আধাতকৈয়ো অধিক লোক গ্রামাঞ্চলৰ। ইণ্টাৰনেট সেৱা আগবঢ়াওঁতা(Internet service provider) প্রতিষ্ঠানবোৰে সেয়ে দ্ৰুতগতিত গাঁও অঞ্চললৈ নিজৰ আচ্ছাদিত এলেকা(Coverage Area)ৰ পৰিসীমা বঢ়াই নি আছে। আকৌ, অসমৰ অধিকাংশ বিদ্যালয়তে আজিকালি ছাত্র-ছাত্রীসকলক বাধ‌্যতামূলকভাবে কম্পিউটাৰ ব্যৱহাৰৰ প্রাথমিক জ্ঞান দিয়া হয় আৰু প্রতি বছৰে উচ্চ মাধ্যমিক শিক্ষন্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা হাজাৰ হাজাৰ ছাত্র-ছাত্রীক চৰকাৰীভাবে এটাকৈ কম্পিউটাৰ উপহাৰ দিয়া হয়। এই দুই সুবিধা লাভকৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত গাঁও অঞ্চলৰ পৰিসংখ‌্যা কম নহয়। ইপিনে, প্ৰায়বিলাক মোবাইল ফোনতে ইন-বিল্ট ফেছবুক এপ. পো‌ৱা যায়। গতিকে আপুনি যদি ভাবিছে যে গাঁৱৰ লোকসকলৰ বাবে কম্পিয়ুটাৰ, ফেছবুক, অকব, জুকাৰবার্গ অথবা ইউনিক’ড আদি শব্দ একেবাৰে অচিনাকি, সেয়া আপোনাৰ এক আনুমানিক আৰু ভ্রান্ত ধাৰণাহে, যি সত‌্যৰ ওপৰত আধাৰিত নহয়।

আপোনাৰ প্ৰথম বার্তাটোলৈ এইবাৰহে আহিছোঁ। “forum tut ki ase????” বুলি সুধিলে আচলতে ক’ব লাগিব যে অকবত বিশ্ববিদ‌্যালয়ৰ উচ্চতম ডিগ্ৰীধাৰী ব‌্যক্তিৰ পৰা কলেজীয়া ছাত্ৰলৈকে; চিকিৎসক, অভিযন্তা প্ৰশাসনিক বিষয়াৰ পৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈকে বৌদ্ধিকভাবে স‌বল বহুতো ব‌্যক্তি আছে যি নিজৰ মাতৃভাষাটোক প্ৰাণভৰি ভাল পায়। অসমীয়াত কথা-বতৰা নামৰ গোট (Forum!)টো হৈছে ইণ্টাৰনেটৰ জৰিয়তে অসমীয়া ভাষাটোক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰোৱাৰ মহান উদ্দেশ‌্য সন্মুখত লৈ আগবাঢ়ি যো‌ৱা মাতৃভাষাপ্ৰেমী অসমীয়া লোকৰ এটি আদৰ্শ দল। ইয়াত নিজৰ মাতৃভাষাৰ উত্তৰণৰ হকে দেহে কেহে খাটি নিজকে সম্পূৰ্ণকৈ উচৰ্গা কৰি দিব পৰা সহস্ৰাধিক লোক আছে। ফেছবুকৰ বাহিৰত এওঁলোকৰ “ভাষা সাহিত‌্য সন্মিলনী, অসম” বুলি এটা সংগঠন আছে (যাক অকবৰ Hard Copy বুলিও ক’ব পাৰে), যি ফে’চবুকৰ বাহিৰৰ পৃথি‌ৱীখনতো অসমীয়া ভাষাৰ বিকাশ আৰু পোষণৰ বাবে নিৰন্তৰ সে‌ৱা কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

“Manuhe ane tal fal logai ase ki aaibur Unicode…”ইউনিক’ড হ’ল ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে উদ্ভা‌ৱন কৰা এটা প্ৰণালী, যাৰ সহায়ত ইণ্টাৰনেট আৰু কম্পিউটাৰত আঞ্চলিক ভাষাৰ লিপিত আখৰ লিখাটো সম্ভৱ৷ প্ৰধানতঃ ইউনিক’ড (Unicode) পদ্ধতিত “বিশ্বৰ প্ৰায় সকলো ভাষাৰ লিপিসমূহ পৰ্য্যায় ক্ৰমে একো একোটা বিশেষ মানদণ্ডত ৰখা অথবা ৰাখিবলৈ চেষ্টা কৰা হৈছে৷ এনেদৰে বিশ্বৰ প্ৰতিটো লিপিৰ বাবে একোটো বিশেষ স্থান নিৰ্ধাৰণ কৰাৰ বাবে বৰ্তমান বিশ্বত ব্যৱহাৰ হৈ থকা সকলো বৈদ্যুতিক সামগ্ৰীত (আৰু ভৱিষ্যতে আৱিস্কৃত হ’ব লগা সামগ্ৰীসমূহতো) বিশ্বৰ সকলো ভাষা ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈ উঠিছে। আপুনি ব‌্য‌ৱহাৰ কৰি থকা কম্পুউটাৰ বা মোবাইল ফোনটোতো অসমীয়া দেখা সম্ভ‌ৱ হৈছে এই ইউনিক’ড প্ৰণালীৰ বাবেই। কে‌ৱল দেখাই নহয়, অলপ চেষ্টা কৰিলেই আপুনি আপোনাৰ সঁজুলিকেইটাৰ যোগেদি ইউনিক’ডত অসমীয়া লিখিবও পাৰিব।

“Karu aku profit nohoi except mark zakar burg…” ইউনিক’ড ব‌্য‌ৱহাৰ কৰি অসমীয়া লিখাৰ ফলত মাৰ্ক জুকাৰবাৰ্গৰ লগতে আন কাৰোবাৰ কেনেদৰে লাভ হয়, এইবাৰ সেয়া কওঁ শুনক। চাইবাৰ জগতত অসমীয়া ভাষাৰ সমল বৰ কম হো‌ৱা বাবে ‌ৱেব, কম্পুউটাৰ, মোবাইল আদিৰ লগত জড়িত বিভিন্ন বিখ‌্যাত প্ৰতিষ্ঠানবোৰে (আনকি ভাৰত চৰকাৰেও) অসমীয়া ভাষাটোক প্ৰয়োজনীয় মান‌্যতা বা মৰ্যদা দিবলৈ নিবিছাৰে। অকবই বিশ্বদৰবাৰত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিবৰ বাবে অসমীয়া ভাষাত লিখনিৰ পৰিমাণ বঢ়ো‌ৱাৰ বাবে দেহে কেহে খাটি আছে। এই লক্ষ‌্যত উপনীত হ’বলৈ চাইবাৰ জগতত ইউনিক’ডীয় অসমীয়া লেখাৰ পৰিমাণ এতিয়াৰ তুলনাত বহুগুণে বৃদ্ধি কৰিবই লাগিব। অকবই মানুহক অসমীয়া লিখিবলৈ উৎসাহিত কৰে আৰু গোটৰ মজিয়াত সদস‌্যসমূহে আগবঢ়ো‌ৱা লেখাসমূহ (নিশ্চয়কৈ ইউনিক’ডীয় অসমীয়া লেখা) xahitya.org নামৰ এখন ই-আলোচনীত সংৰক্ষণ কৰি ৰাখে, যি ফেছবুকৰ বাহিৰত আৰু চাইবাৰ জগতত অসমীয়া লেখাৰ পৰিমাণ বৰ্ধনত সহায় কৰে। অসমীয়া ভাষাৰ উত্তৰণৰ এই ধাৰাটোৰ বাবে মাৰ্ক জুকাৰবাৰ্গ বা ফে’চবুক নিমিত্তহে মাত্ৰ। উল্লেখযোগ‌্য যে অসমীয়া লেখাৰ পৰিমাণ বৃদ্ধিৰ বাবে তেওঁলোকৰ মাজৰে বহুতো সদস‌্যই দিন-ৰাতি একাকাৰ কৰি কে‌ৱল অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ‌ৱিকিপিডিয়াতো হাজাৰৰ অধিক অসমীয়া প্ৰ‌ৱন্ধ লিখি উলিয়াইছে। অকব ইতিমধ‌্যে এইক্ষেত্ৰত যঠেষ্ট পৰিমাণে সফলো হৈছে। গোটৰ সদস‌্যসমূহেই এইগোটৰ (লগতে অসমীয়া জাতিটোৰো) মহান উদ্দেশ‌্য সফল কৰাৰ বাবে মূল শক্তি আৰু তেওঁলোকৰ অসমীয়া লেখাই অসমীয়া ভাষাৰ ভঁৰাল শক্তিশালী কৰাৰ এটা মূল উপায়। গোটত কিবা লিখোঁতে কেৱল অসমীয়া আখৰহে ব্যৱহাৰ কৰিবলগীয়া নীতিটো‌ৱে তেওঁলোকৰ লক্ষ‌্যপ্ৰাপ্তি আৰু অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত এনেদৰে ধনাত্মক ফলাফল দেখু‌ৱাইছে। এই নীতি বাধ‌্যতামূলকভাবে প্রয়োগ কৰাৰ ফলত বহুতো মানুহে ইয়াত যোগ দি অসমীয়া লিখিবলৈ শিকিছে। অকবৰ সদস‌্যসকলৰ মাজতেই অসমীয়া লিখিবলৈ শিকো‌ৱা সমল ব‌্যক্তি আৰু চফট‌ৱেৰ নিৰ্মাণ কৰা অভিযন্তাও আছে। সদস‌্যসকলে গোটত পোষ্ট কৰা উন্নত মানদণ্ডৰ লেখাবোৰৰ পৰা শিকিবলগীয়া বহুতো কথা থাকে, যিবোৰৰ পৰা মাৰ্ক যুকাৰবাৰ্গৰ নহয়, আন আন সদস‌্যসকলৰহে বেছি লাভ হয়। অকবৰ জৰিয়তে কম্পিউটাৰত অসমীয়া লিখিবলৈ শিকা লোকে পিছলৈ ইউনিক’ডত অসমীয়া আখৰ লিখাৰ এই ব্যৱস্থাক নিজৰ জীৱিকাৰ ক্ষেত্রখনতো ব্যৱহাৰ কৰি সুফল লাভ কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিভিন্ন কাৰণত বহুবছৰ আগতেই কলমেৰে কাগজত অসমীয়া লিখিবলৈ বাদ দিয়া পৃথিৱীৰ বেলেগ বেলেগ স্থানত বাস কৰি থকা কেইবাহাজাৰ লোকে অকবত যোগদান কৰাৰ পিছত ইউনিক’ডৰ জৰিয়তে পুনৰ অসমীয়া লিখিবলৈ আৰম্ভ কৰিছে। বিভিন্ন বয়সৰ এই লোকসকলৰ মাজত অতদিনে সুপ্ত হৈ থকা অনন্য প্রতিভাসমূহ এতিয়া অকব আৰু ইউনিক’ডৰ জৰিয়তে বিকশিত হৈ একো একোজন পূর্ণাংগ লিখক, কবি, সাহিত্যিক আৰু বিশিষ্ট চিন্তাবিদলৈ পৰিবর্তিত হৈছে। অকবৰ মজিয়াতেই পোন-প্রথমবাৰৰ বাবে সৃষ্টিশীল লেখা লিখিবলৈ আৰম্ভ কৰা এনে বহুতো লেখকৰ লেখা এতিয়া বিভিন্ন কাকত আলোচনী আদি ছপা মাধ্যমত প্রায় সদায়েই প্রকাশিত হৈ থাকে।

”Aaibur niti niyom .india t applicable nohoi”বুলি আপুনি কি ক’ব বিচাৰিছে, সেয়া মই নুবুজিলোঁ যদিও আপুনি কো‌ৱা “zen new indian constitution he bonabo” কথাশাৰী কিন্তু আংশিকভাৱে সত‌্য বুলি মানি লৈছো। অকবৰ যোদ্ধাসকলে ভাৰত চৰকাৰৰ ওচৰত অসমীয়া ভাষাক যথাযোগ‌্য মান‌্যতা প্ৰদান কৰাৰ বাবে সংগ্ৰাম অব‌্যাহত ৰাখিছে। যো‌ৱা কিছুদিনৰ পৰা ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমলৰ পৰিমাণ যি পৰিমাণে বাঢ়িছে, তালৈ চালে আশা কৰিব পাৰি যে হয়তো অতি সোনকালে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰিবলগাও হ’ব পাৰে।

অকবৰ সদস‌্যসকলৰ মাজত লাহে লাহে গঢ়লৈ উঠা আত্মীয়তাই ব‌্যক্তিগত জী‌ৱনতো প্ৰভা‌ৱ পেলাবলৈ সক্ষম হৈছে। ইঞ্জিনিয়াৰিং আৰু মেনেজমেণ্ট বিষয়ত ক্রমে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰী অসমীয়া যুৱক শ্রী সত্যকাম দত্ত (যি এই গোটৰো সদস্য)ই অসমীয়াক ঐচ্ছিক বিষয় হিচাপে লৈ দুবাৰকৈ ভাৰতীয় প্রশাসনিক সেৱা (IAS)ৰ বাবে নির্বাচিত হৈ (ক্রমে ৫৩৫ আৰু ৩৩৭ স্থান প্রাপ্ত) তেওঁৰ সফলতাত অকবৰ সদস‌্যসকলৰ পৰা পোৱা সহায়ৰ কথা উল্লেখ কৰিছে। উল্লেখযোগ‌্য যে এইবছৰ IAS পো‌ৱা ইবু সঞ্জী‌ৱ গাৰ্গ আৰু সাহিত্য অকাদেমীৰ বঁটা প্রাপ্ত কবি কমল কুমাৰ তাঁতীও এই গোটৰ সদস্য।

এতিয়া আপুনি কো‌ৱা “Time waste” বোলা শব্দকেইটাৰ উত্তৰ দিবলগীয়াকৈ মোৰ ওচৰত কিবা থাকিলগৈ বুলি আৰু মই ভবা নাই।

অকব, ইউনিক’ড আৰু কম্পিউটাৰ জগতৰ অসমীয়া ভাষা সন্দৰ্ভত আপোনাৰ অস্পষ্ট ধাৰণাসমূহ শুধৰাবলৈ মই কো‌ৱা কথাখিনিৰ উপৰিও আপুনি তলত দিয়া কিছুমান পৃষ্ঠাৰ যোগসূত্ৰ(link) খুটিয়াই চাব পাৰে, য’ত আপুনি সকলোবোৰ দেখা পাব অসমীয়াতেই।

ইউনিক’ডৰ বিষয়ে জানিবলৈ এইটো চাওক: <http://www.xahitya.org/ই-জোনাকী-যুগ/>

অসমীয়া ‌ৱিকিপেডিয়াৰ বিষয়ে জানিবলৈ চাওক: http://as.wikipedia.org/wiki/বেটুপাত

অকবৰ মুখপত্ৰ, অসমীয়া ই-আলোচনী: http://www.xahitya.org/

অকবৰ বিষয়ে জানিবলৈ চাওক: https://www.facebook.com/groups/axomiyakothabotora/members/

আশা ৰাখিছোঁ, অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থৰ খাটিৰত আৰু অসমীয়া ভাষাক বিশ্বদৰবাৰত সন্মানজনক স্থানত উপস্থাপন কৰিবৰ বাবে আপোনাৰ মনত থকা অসমীয়া বিদ্বেষী মনোভা‌ৱবিলাকক অতি সোনকালেই বিসৰ্জন দি আমাৰ মাজৰেই এজন হৈ আপুনিও মাতৃভাষাপ্ৰেমী হৈ নিজৰ আৰু জাতিৰ মংগলৰ হকে চিন্তা কৰিবলৈ আৰম্ভ কৰিব।
ধন‌্যবাদ।।

13:48
Achinta Borthakur
অ’, আৰু এটা কথা লিখিবলৈ থাকি গ’ল,
ৰোমান লিপিৰে লিখা-মেলা কৰিবলৈ বা কথা পাতিবলৈ ফে’চবুকত হাজাৰৰো অধিক গোট পো‌ৱা যায়। কিন্তু অসমীয়া লিপি ব‌্য‌ৱহাৰ কৰাটোকে মূল নিয়ম হিচাবে লৈ আগবঢ়া অকবৰ দৰে গোট এটাত অন্তৰ্ভুক্ত হ’বলৈ বিচাৰি তেওঁলোকৰ পবিত্ৰ লক্ষ‌্যপথতনো ৰোমান লিপিৰে আমি কিয় অগা-ভেটা কৰিব লাগে। মই পাৰিলে তেওঁলোকক মোৰ মাতৃভাষাৰ সে‌ৱা তথা উত্তৰণৰ ক্ষেত্ৰত সহায় কৰোঁ, আপুনিও চেষ্টা কৰি চাবচোন!!

 

One thought on “অকব, ৰোমান লিপি আৰু এক ব‌্যক্তিগত বাৰ্তালাপ (অচিন্ত্য কুমাৰ বৰঠাকুৰ)

  • May 3, 2019 at 10:15 pm
    Permalink

    অসমীয়া ৰোমান লিপি আৰু দেৱনাগৰী লিপি সম্পৰ্কে বৃষ্টিত বৰ্ণনা পাম নেকি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!