অনুসূয়ালৈ..(দেৱাশ্ৰী বৰগোহাঞি)

দেৱাশ্ৰী বৰগোহাঞি


মৰমৰ
অনুসূয়া
পত্ৰবান্ধৱীৰ মৰমবোৰ আঁকোৱালি ল’বা । আশাকৰো ঘৰৰ সকলোৱে লগতে তোমাৰো নিশ্চয় ভাল । বসন্ত সুবাস সনা এই সন্ধিয়া বহিছো আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি । প্ৰযুক্তিবিদ্যাৰ যুগত প্ৰায়ে ইলেক্টনিক মাধ্যমেৰে কথা পতা হয় যদিও বৰ্তমানৰ একমাত্ৰ পত্ৰবান্ধৱী জনীলৈ আজি আকৌ এখন চিঠি লিখিবলৈ মন গ’ল ।
অনু, তোমাৰ বাৰু আমাৰ চিনাকীৰ প্ৰথম দিনটো মনত আছেনে? মোৰ পিছে স্মৃতিৰ মানসপটত আজিও সজীৱ হৈ আজি পাঁচ বচৰৰ আগৰ সেই বিশেষ দিনটো । ২০০৮ চনৰ ২৩ এপ্ৰিল বসন্তৰ এটি কোমল পুৱা । গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তা শীৰ্ষক আলোচনা চক্ৰৰ বাবে আমন্ত্ৰিত অতিথিয়ে ভিৰ কৰিছিলহি শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাংগন । বিশ্ব গ্ৰ্ন্থ আৰু স্বৰ্ত সংৰক্ষণ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত আলোচনালৈ তুমিও আহিছিলা বক্তা ৰূপে । বিশ্ববাসীক গ্ৰ্ন্থ অধ্যয়ণৰ প্ৰ্তি আগ্ৰহী কৰি তোলা উদ্দেশ্যে ৰাষ্ট্ৰ সংঘই ১৯৯৫ চনৰ পৰা ২৩ এপ্ৰিল দিনটো প্ৰতি বছৰে বিশ্ব গ্ৰ্ন্থ আৰু স্বৰ্ত সংৰক্ষণ দিৱস ৰূপে অনুষ্ঠিত হৈ আহিছে । মহান লেখক উইলিয়াম শেক্সপীয়েৰলৈ সন্মান জনাই তেওঁ জন্ম আৰু মৃত্যু বাৰ্ষিকৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰ্সংঘই এই দিৱস আয়োজন কৰাৰ সিদ্ধান্ত লয় যদিও বিশ্ব গ্ৰন্থ দিৱসৰ লগত ২৩ এপ্ৰিল দিনটোৰ সম্বন্ধ বহু পুৰণি । ১৯২৩ চনত স্পেইন দেশীয় গ্ৰন্থ বিক্ৰেতা সকলে লেখক মিগুৱেল ডে কাৰভেন্টেছৰ মৃত্যু দিন ২৩ এপ্ৰিলত বিশ্ব গ্ৰন্থ দিৱস ৰূপে পালন কৰিছিল । আজিও স্পেইনীয় সকলে এই দিনটোত দুদিনীয়াকৈ মিগুৱেল ডে কাৰভেন্টেছৰ বিখ্যাত গ্ৰন্থ ডন কুইটছৰ পাঠ আয়োজন কৰাৰ উপৰিও মিগুৱেল ডে কাৰভেন্টেছ বঁটা প্ৰদান কৰা হয় । ইষ্টাৰ উপলক্ষে হোৱা বন্ধ তথা একে দিনতে থকা ৰাষ্ট্ৰীয় সন্ত দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সংযুক্ত ৰাষ্ট্ৰ বাসীয়ে প্ৰতি বছৰে মাৰ্চ মাহৰ প্ৰথমটো বৃহস্পতি বাৰে এই দিৱস অনুষ্টিত কৰে । বিশ্ববাসীৰ বাবে সঁচায়ে এক মহান দিন নহয় নে ?
অনু, তোমাৰ বাৰু সিদিনা তুমি দিয়া বক্তৃতাটো মনত আছে নে ? ইমান ধুনীয়াকৈ তুমি গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তাৰ কথা উপস্থাপন কৰিছিলা যে আমি মন্ত্ৰমুগ্ধ হৈ পৰিছিলো । পাঁচ বছৰৰ আগৰ তোমাৰ বক্তৃতাটো অলপ মনত পেলাও আহা । তুমি যে আৰম্ভ কৰিছিলা ……
আমাৰ জীৱনৰ প্ৰকৃত সংগী কোন বাৰু । জীৱন বাটৰ বিভিন্ন মূহুৰ্তত লগ পোৱা বন্ধু-বান্ধৱ সকল নে? আমাৰ পিতৃ-মাতৃ নে? হোমৰ জুই সাক্ষী কৰি আঁকোৱালি লোৱা জন । কিন্তু এই সকলোৱে আমাৰ জীৱনত কিছুসময়ৰহে সংগী । কোনো আমাৰ চিৰ লগৰী নহয় । মোৰ মতে জীৱনৰ প্ৰকৃত সংগী হ’ল কিতাপ । এখন কিতাপ আমি আজীৱন সংগী কৰি ৰাখিব পাৰো । অষ্টম শ্ৰেণীত এটা পাঠ পঢ়িছিলো পুথি অধ্যয়ণ নামেৰে । পাঠটোৰ কথাবোৰে আজিও ক্ৰিয়া কৰে মনত । কিন্তু আজিকালি পুথি অধ্যয়ণৰ প্ৰৱণতা কমি আহিছে । আজিৰ দিনত কিতাপ পঢ়া লোকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা । আজিৰ ল’ৰা-ছোৱালীয়ে হয়তো অসম সাহিত্য সভাৰ বিষয়ে সুধিলে ক’ব সেইটো আকৌ কি বস্তু । বৰ্তমানৰ সভাপতি জনৰ নাম নুসুধিলোৱে যেনিবা । ইয়াৰ বাবে আমি কাক জগৰীয়া কৰিম । আমাৰ সমাজ ব্যৱস্থাক নে ব্যস্ততা পূৰ্ণ জীৱন প্ৰণালীক । কিন্তু ব্যস্ততাৰ মাজৰে কিছু সময় আমি আমাৰ মূল্যৱান গ্ৰন্থবোৰকো দিয়া উচিত । কাৰণ এখন কিতাপে আমাক সকলো সময়তে সহায় কৰে । আমি জীৱনকালত সকলোবোৰ ঠাই ভ্ৰমণ কৰিব নোৱাৰো বা কিছুমান জাতিৰ কথা ইচ্ছা থাকিলেও কিছুমান কাৰণবশত ওচৰৰ পৰা জানিব নোৱাৰো । তেনেবোৰ সময়তে আমাক সহায় কৰে কিতাপে । যেনেদৰে আমি The Good Earth পঢ়িলে জানিব পাৰো চীনদেশৰ জীৱন প্ৰণালীৰ বিষয়ে তেনেদৰে হাইকু আৰু চামুৰাই দেশ বা তত্ত্বচ্ছান কিতাপ আমাক লৈ যায় জাপানলৈ । তেনেদৰে দেওলাংখুই পঢ়িলে জানিব পাৰো আমাৰ ৰাজ্যৰ পুৰণি সমাজ ব্যৱস্থাৰ বিষয়ে । এজন লেখকে কোনো এখন দেশ ভ্ৰমণ কৰি লিখা কাহিনীয়ে আমাক তেওঁলোকৰ দৃষ্টিয়ে সেই দেশখন দেখুৱায় । কিন্তু আমি নিজেই সেই মনোৰম ঠাইবোৰ ভ্ৰ্মণ কৰাৰ সুযোগ নাপাঁৱে আৰু আনে যাচি দিয়া মানিকো ল’ব নিবিচাৰো । সেয়ে হয়তো মানুহে কয় যাচি দিলে সোনৰো আদৰ নাই ।
আজিকালি এটা কথা লক্ষ্য কৰিছো বহুতৰে বাতৰি কাকতখনো পঢ়িবলৈ সময় নোলায় । এটা কথা ঠিক যে বাতৰি কাকতখনৰ কিছুমান বাতৰি ৰুচিসন্মত নহয় যদিও কিছুমান পৃষ্ঠা জ্ঞানবৰ্ধক কথাৰে পূৰ্ণ । ৰাশিফল বা বলিউডৰ অভিনেতা-অভিনেত্ৰীৰ মনৰচক কাহিনীবোৰ চায়ে কাকতখন সামৰি থোৱা অনুচিত ।
আমাৰ ৰাজ্যৰ সকলো জিলাতে একোটাকৈ পুথিভৰাঁল আছে ।কিন্তু কিমানজন যায় তালৈ । বহুতে হয়তো এয়াও নাজানে তেওঁলোকৰ জিলাৰ পুথিভৰাঁলটো কোন ঠাইত অৱস্থিত । বহুতে আকৌ পুথিভৰাঁলৰ আজীৱন সদস্যভুক্ত হয় যদিও কোনোদিন পুথিভৰাঁলৰ মুখ দেখা নাপায় । কেৱল খ্যাতি বঢ়াবলৈয়ে এই সদস্যভুক্তি । এনেদৰে কোন দিশে ধাৱামান হ’ব আমাৰ সমাজ ।
আজিকালি গ্ৰন্থমেলাসমূহত বহু ভিৰ পৰিলক্ষিত হয় । কিন্তু গ্ৰন্থৰ তুলনাত মুখৰচক খাদ্যৰহে বিক্ৰি হাৰ অধিক হোৱা দেখা যায় । আজিৰ ল’ৰা-ছোৱালীৰ বাবে গ্ৰন্থমেলা হ’ল এক নিৰাপদ dating place । মুষ্টিমেয় কেইজনমানৰ বাহিৰে প্ৰায় সকলোৱে খালী হাতেৰে ওভতে ।
বৰ্তমান সময়খিনিত মোৰ বোধেৰে এক গ্ৰন্থ বিপ্লৱৰ প্ৰয়োজন হৈ পৰিছে । বিশ্ব গ্ৰন্থ দিৱসে এই ক্ষেত্ৰত যথেষ্ট অৰিহনা যোগাব পাৰে ।
জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ মাজত অনুভৱ হৈছিল সঁচাই আমি জীৱনৰ কিছু সময় গ্ৰন্থ অধ্যয়ণত খৰচ কৰা উচিত । গ্ৰন্থৰ মাজেৰেই আৰম্ভ হোৱা আমাৰ বন্ধুত্বত গ্ৰন্থই সচাই বহু অৰিহনা যোগালে । এই কেইবছৰত আদান প্ৰদান হোৱা গ্ৰন্থ কেইখনেৰে যথেষ্ট উপকৃত হ’লো । যান্ত্ৰিকতাৰ মাজত গ্ৰন্থৰ জনপ্ৰিয়তা কিছু হ্ৰাস পালেও গ্ৰন্থই আমাক সদায়ে বন্ধুত্বৰ উমাল আৱৰণে আৱৰি ৰাখিছে । আজিলৈ সামৰো । মবাইল, ইন্টাৰনেটৰ সহায়েৰে কথা পাতিলেও চিঠি লিখি থাকিবা ।
ইতি
দেৱাশ্ৰী
২৩/০৪/২০১৩

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!