অনুবাদ আৰু সাহিত্য (জয়শ্ৰী মেছ গগৈ)

এটা সহজ যেন লগা অথচ জটিল আৰু কঠোৰ সাধনাৰ ফল অনুবাদ কলা৷ বিশ্বৰ বিভিন্ন দেশৰ সাহিত্য বৰ্তমান সময়ত অনুবাদ হৈ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছে৷ বহু পণ্ডিতে অনুবাদ সাহিত্যক প্ৰকৃত সাহিত্যৰ মৰ্য্যাদা দিয়াত কৃপণালি কৰা দেখা যায় যদিও অনুবাদ সাহিত্যই আমাক বহু সময়ত বিশ্ব সাহিত্যৰ অনন্য সোৱাদ দি আহিছে৷ সেয়া লাগিলে এইচ জি ৱেলচৰ অদৃশ্য মানুহেই হওঁক (The Invisible Man) অথবা ডাণ্টে বিয়েট্ৰিচৰ ডিভাইন কমেডিয়েই হওঁক৷

সাৱলীল ভাৱ আৰু উপযুক্ত শব্দৰ যথাৰ্থ প্ৰয়োগে এটি অনুবাদ লেখাক এক বিশেষ মাত্ৰা দিয়াত সফল হয় বুলি আমাৰ বোধ হয়৷ ইয়াত লেখকৰ (অনুবাদকৰ) প্ৰচুৰ শব্দ আৰু ভাষাৰ জ্ঞান তথা ৰসোপলব্ধি কৰিব পৰা ক্ষমতা থকাৰ প্ৰয়োজন বুলি ক’ব পাৰি যদিও বিভিন্ন গ্ৰন্থত অনুবাদৰ শৈলী, ৰীতি, অনুবাদকৰ যোগ্যতা আদিৰ বিশাল আলোচনা আছে৷ আমাৰ দৰে অতি সাধাৰণ পাঠকৰ বাবে এনে এটা বিষয় আলোচনা কৰাৰ যোগ্যতা নাই বুলি ভাবোঁ৷ কিন্তু কিছু কথাৰ আলোচনা বৰ্তমান সময়ত প্ৰয়োজনীয় যেন অনুভৱ কৰোঁ সেয়ে পঢ়িবলৈ পোৱা বিভিন্ন তথ্যৰ মাজেৰে অকণমান আভাস দিয়াৰ যত্ন কৰা হৈছে৷

অনুবাদ সাহিত্যৰ ক্ষেত্ৰত আমাৰ অসমীয়া সাহিত্যও পিছ পৰা নহয় যদিও বৰ্তমান এনে ভাৱ হয় যেন আমাৰ মাজত অনুবাদ সাহিত্যৰ চৰ্চা কম হৈ গৈ আছে৷ সাহিত্যৰ বিশাল ক্ষেত্ৰখনত অনুবাদ সাহিত্যৰ প্ৰাসংগিকতা আগতেও আছিল আৰু এতিয়াও আছে৷

অসমীয়া সাহিত্যত ’অৰুনোদই’ৰ পাততে অনুবাদ সাহিত্যৰ শুভাৰম্ভ হৈছিল বুলি পণ্ডিত সমাজে ক’ব খোজে৷ কিন্তু ভবাতকৈ যথেষ্ট কমসংখ্যক অসমীয়া অনুবাদ সাহিত্য পোৱা যায়৷ কিছুমান গল্প, কবিতা, উপন্যাসৰ বাদে অন্যান্য গ্ৰন্থ এতিয়াও পৰ্যাপ্ত পৰিমাণে আমাৰ অসমীয়া ভাষালৈ অনুবাদ হোৱা নাই৷ এয়া লিখকৰ অনীহা নে অন্য কিবা কাৰণ, জনা নাযায়৷ কিন্তু অন্যান্য প্ৰান্তীয় সাহিত্যসমূহলৈ লক্ষ্য কৰিলে আমি অবাক হৈ পৰোঁ৷ বাংলা, তামিল বা হিন্দী সাহিত্য জগতত গল্প উপন্যাসৰ উপৰি বৃহৎ বৃহৎ কলেৱৰৰ আধুনিক চিকিৎসা শাস্ত্ৰ অথবা কম্পিউটাৰ চায়েন্সেই হওঁক এইবোৰৰ অনুদিত গ্ৰন্থ দেখা পোৱা যায়; যি তেওঁলোকৰ জ্ঞানৰ ভঁৰাল চহকী কৰাত উদ্গনি যোগাইছে৷

পঢ়িবলৈ পোৱামতে ’চেতনা’ আলোচনীত (২য় বছৰ ৫ম সংখ্যা ১৮৪২শক) প্ৰকাশ পোৱা কৃষ্ণকান্ত সন্দিকৈদেৱৰ ’অনুবাদ কথা’ নামৰ প্ৰৱন্ধটোৱেই অসমীয়া ভাষাত হোৱা প্ৰথম উল্লেখযোগ্য আলোচনা৷

“অনু (নিৰ্দেশ অনুসৰি) ৱদ্যতে ইতি অনু-ৱদ+ঘঞ ইতি অনুবাদঃ৷ অনুবাদ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হ’ল এটা পাঠ আগত লৈ সেইমতে তাক অন্য ভাষাত কোৱা৷ ‘saying after or again, repeating by way of explanation, explanatory repetition …. translation’ এই বিভিন্ন অৰ্থৰ ভিতৰত ’পুনৰাবৃত্তি’ৰ অৰ্থতহে অনুবাদ শব্দটো সাধাৰণতে গ্ৰহণ কৰা হৈছে৷” – ড° প্ৰফুল্ল কটকী (অনুবাদ বিচাৰ)৷ একে অৰ্থত অনুবাদ শব্দটো সমান্তৰালভাৱে তৰ্জ্জমা, ৰূপান্তৰ আৰু ভাঙনি বুলি প্ৰচলিত হৈ আহিছে৷

কোনো কোনো পণ্ডিতে অনুবাদ কলাক বিভিন্ন ভাগত শ্ৰেণী বিভাজন কৰি আলোচনা কৰাও দেখা গৈছে৷ যেনে—

ক) অনুবাদৰ তাত্বিক পক্ষ:
ইয়াত অনুবাদৰ অৰ্থৰ পৰা শব্দ বিজ্ঞানলৈকে সামৰি লৈছে৷

খ) মানৱ পক্ষ:
ইয়াত অনুবাদকৰ যোগ্যতা, অনুবাদকসকল সাহিত্যিক হয় নে নহয়, অনুবাদকৰ প্ৰশিক্ষণ, অনুবাদৰ বাবে নিৰ্বাচন আদি সাঙুৰি লোৱা হৈছে৷

গ) ইতিহাস, ভাষা, সংস্কৃতি পক্ষ:
ইয়াত বিভিন্ন দেশৰ অনুবাদৰ পৰা পৰম্পৰাগত শব্দ, ভাষা, ব্যাকৰণ আদি কৰি জতুৱা ঠাঁচলৈকে আলোচনা কৰা হৈছে৷

আৰু

ঘ) ব্যৱহাৰ পক্ষ:
সাহিত্যৰ অনুবাদ, ভাৰতীয় সাহিত্যকে ধৰি সাংবাদিকতা, আইন, কম্পিউটাৰত অনুবাদৰ সমস্যা আদি সকলো কথা সাঙুৰি আলোচনা কৰা হৈছে৷

অসমীয়াক সন্মানীয় বিষয় হিচাবে লৈ অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে ড° নীৰাজনা মহন্ত বেজবৰুৱা বাইদেউৰ ’অনুবাদ কলা’ নামৰ গ্ৰন্থখনি চাব পাৰিব৷

E.A Nida ই তেওঁৰ গ্ৰন্থত অনুবাদৰ চাৰিটা মৌলিক চৰ্ত উল্লেখ কৰিছে৷ তেওঁৰ মতে –

ক) অনুবাদ অৰ্থবহ হ’ব লাগে (making sense)
খ) মূল ৰচনাৰ গভীৰতম ভাৱ আৰু তাৰ প্ৰকাশৰ ধৰণ অনুবাদত ৰক্ষিত হ’ব লাগে
(conveying the spirit and the manner of the original)
গ) অনুবাদৰ ভাষা সহজ আৰু সাৱলীল হ’ব লাগে (having a natural and easy form of expression), যিটো কথা এই অভাজনে আৰম্ভণিতে উল্লেখ কৰি আহিছোঁ৷
ঘ) অনুদিত ৰচনাইও মূল ৰচনাৰ দৰেই পাঠকৰ মনত একে প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰিব পাৰিব লাগে (producing a similar response)৷

বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি উক্ত চৰ্তসমূহ সকলোতে প্ৰযোজ্য নহ’বও পাৰে আৰু এই লৈ সমালোচক পণ্ডিতসকলৰ মাজত দ্বিমত থকাও দেখিবলৈ পোৱা যায়৷ বিভিন্ন সময়ত আমি বিভিন্ন অনুবাদ ৰচনা পঢ়ি আহিছোঁ৷ গল্প, উপন্যাস, কবিতা আদিৰো অনন্য সোৱাদ লৈ আহিছোঁ৷ আমি গল্প আৰু উপন্যাসৰ কথা বাদ দি আমাক আচৰিত কৰি কেইটিমান আলোচনা পঢ়িবলৈ পাইছিলো যে কবিতাৰ হেনো অনুবাদ হবই নোৱাৰে৷

আলোচক সকলে তাৰো ব্যাখ্যা এইদৰে আগবঢ়াইছে যে –
ক) কবিতাত লয়, মাত্ৰা, ছন্দ, যতি, গতি, ব্যঞ্জনা, অনুৰণন আৰু সাংগীতিক মূৰ্চ্ছনা থাকে; বিভিন্ন প্ৰকাৰৰ উপমা, ৰূপক, চিত্ৰধৰ্মিতা, প্ৰতীক, পৰোক্ষ উল্লেখ আদিও থাকে৷ ভাষান্তৰত এই উপাদান সমূহ সংবেদনশীলকৈ প্ৰতিফলিত কৰিব পাৰি নে? ড° জনচনৰ মতে কবিতা অনুবাদ কৰিব নোৱাৰি৷ (অনুবাদ বিচাৰ)

খ) কবিতাৰ অনুবাদ অত্যন্ত কঠিন, প্ৰায় অসম্ভৱ বুলি কিছু কিছু সমালোচকে ক’ব খোজে৷ “আক্ষৰিক অনুবাদ সোণৰ পিয়লাৰ নামান্তৰ, ভাষাৰ অন্তৰ্নিহিত শৃংখলা বাবে মৌলিক ৰচনা আদি কল্পনাৰ অনুসৰণ হ’ব নোৱাৰে৷ অনুবাদো সেই একে নিয়মৰে অধীন” – বুদ্ধদেৱ বসু৷

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এই উক্তি প্ৰদান কৰা বুদ্ধদেৱ বসু নিজেই এজন বিখ্যাত অনুবাদক৷ তেন্তে তেওঁ কিয় এনেকৈ ক’লে সেয়া পাঠকৰ বাবে চিন্তনীয় বিষয়৷ হয়তো বসু দেৱে অনুবাদ কৰি গৈ থাকোঁতে খোৱা উজুটি অথবা কঠোৰ শ্ৰমৰ কথা ব্যৱহাৰিক দিশত উপলব্ধি কৰি বুজি উঠিছিল যে অনুবাদ কৰাটো ভবাৰ দৰে সহজ কাৰ্য্য নহয়৷

কবিতাৰ অনুবাদ সম্পৰ্কত বুদ্ধদেৱ বসুৱে আৰু কেইটামান দিশ উল্লেখ কৰি গৈছে – ১) মূলৰ ভাৱ, বক্তব্য বা সংবাদৰ পৰিৱেশন৷ ২) চিত্ৰ কল্প, ভাষাৰ ভংগীমা, ছন্দ মিল আৰু স্তৱকৰ বিন্যাস অৰ্থাৎ সমগ্ৰ ৰূপ কল্পৰ অনুসৰণ৷ ৩) মূল কবিৰ দেশ আৰু কালৰ স্বাদ সঞ্চাৰ আৰু ৪) অনুবাদৰ ভাষাত এটি সুন্দৰ আৰু সুখপাঠ্য নতুন কবিতাৰ ৰচনা৷

অনুবাদৰ ভাষা সুন্দৰ আৰু পাঠযোগ্য হোৱা উচিত৷ এই চৰ্তটোৱেই আটাইতকৈ জৰুৰী কথা৷ (অনুবাদ বিচাৰ)

উল্লেখযোগ্য যে এই প্ৰৱন্ধ লেখিকাইও অলপতে এটি বাংলা কবিতা অনুবাদ কৰি আবৃত্তি কৰাৰ মোহ এৰিব পৰা নাছিল৷ যদিওবা সেই অনুবাদত সকলো গুণ প্ৰতিফলিত হোৱা নাছিল, এটা ধাৰণা স্পষ্ট হৈছিল যে অনুবাদত অনুবাদকৰ যোগ্যতা নিসন্দেহে আলোচ্যৰ বিষয়৷ কবিতাৰ অনুবাদ সম্পৰ্কে সুস্পষ্ট বা প্ৰতিষ্ঠিত কোনো ধাৰণাক সমালোচকসকলে গ্ৰহণ কৰি লোৱা নাই বাবেই আজিও আমি বিভিন্ন সময়ত বিভিন্ন অনুবাদ কবিতাৰ ৰস পান কৰি আহিছোঁ৷

পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ দেৱে কৈ গৈছে – “পদ্যৰ অনুবাদৰ বিষয়ে মন কৰিবলগীয়া যে অনেক সময়ত পদ্যৰ গদ্য অনুবাদো হৃদয়গ্ৰাহী হয়৷ ’গীতাঞ্জলি’ ৰ ইংৰাজী গদ্যৰ অনুবাদ পৃথিৱীয়ে জানে৷ মহাকবি গ্যেটেও পদ্যৰ গদ্য অনুবাদৰ পক্ষপাতি৷“

Lefevere নামৰ এগৰাকী পণ্ডিতে কবিতাৰ অনুবাদ সম্পৰ্কত সাতোটা কৌশলৰ এখন উপযোগী তালিকা তৈয়াৰ কৰিছে৷ সেই কেইটা হ’ল –

১) ধ্বনিসাম্যমূলক অনুবাদ (phonemic Translation)
২) আক্ষৰিক অনুবাদ (literal translation)
৩) ছন্দোৱদ্ধ অনুবাদ (metrical translation)
৪) গদ্যানুবাদ (prose translation)
৫) মিত্ৰাক্ষৰিক অনুবাদ (rhymed translation)
৬) মুক্তকছন্দৰ অনুবাদ (blank verse translation)
৭) ব্যাখ্যাত্মক অনুবাদ (interpretation)

পাঠকৰ সুবিধাৰ্থে অনুবাদ বিচাৰ’’ গ্ৰন্থৰ পৰা এই কৌশল কেইটা হুবহু লিখি দিয়া হৈছে৷

সেয়া যি কি নহওঁক আমি এটা কথা গুৰুত্ব সহকাৰে লোৱা উচিত যে সাহিত্যৰ বিশাল ক্ষেত্ৰখনত বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অনুবাদ সাহিত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কম পৰিসৰত এই বিশাল আলোচনা সামৰিব নোৱাৰি যদিও আমি আশাবাদী যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনতো অনুবাদ গ্ৰন্থই এক সুকীয়া স্থান লাভ কৰক, অসমীয়া সাহিত্যও বিদেশী ভাষালৈ অনুবাদ হওঁক৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!