তুমি যদি মোক পাহৰি যোৱা- দীপাঞ্জলি পাঠক (মূল: পাবলো নেৰুডা)
If you forget me
By – Pablo Neruda
অনুবাদ – দীপাঞ্জলি পাঠক।
তুমি এটা কথা জনাতো মই বিচাৰো।
এইটো কেনেকুৱা কথা তুমি জানানে:
যদি মই কাঁচৰ জোনটোলৈ চাওঁ
মোৰ খিৰিকীৰ ধীৰ হেমন্তৰ ৰঙা ডালত
যদি মই চোঁ
জুইকুৰাৰ কাষত ৰৈ
স্পৰ্শকঠিন ছাঁইমুঠি
কিম্বা শোতোৰা-মোতোৰা কাঠৰ কুন্দাটোলৈ
সকলো কথাই মোক তোমালৈকে লৈ যায়।
যি বৰ্তি আছে সেই সকলোবোৰ,
সুগন্ধি, পোহৰ, দ্ৰব্য,
সৌ সৰু সৰু পানচৈবোৰ
যিবোৰে পালতৰি গুচি যায় তোমাৰ দ্বীপলৈ
মোৰ অপেক্ষাত ৰৈ যায়।
ঠিক আছে , এতিয়া
যদিহে অলপ অলপকৈ
তুমি মোক পাহৰি যোৱা
মোক আৰু নিবিচাৰিবা,
কাৰণ ইতিমধ্যেই মই তোমাক পাহৰি পেলাইছো।
যদিহে তুমি ভাবা
এইটো দীৰ্ঘম্যাদী আৰু পাগলামি
বতাহৰ নিচানৰ দৰে মোৰ জীৱনৰ মাজেৰে গতি কৰাটো
আৰু তুমি সিদ্ধান্ত লোৱা
মোক হৃদয়ৰ উপকূলত এৰি যাবলৈ
য’ত মই শিপাস্থ হৈ আছো,
মনত ৰাখিবা
সিদিনাই, সেই বিশেষ মুহূৰ্ততে
মই মোৰ বাহু তুলি শিপা উভালিম
আৰু গুচি যাম অন্য এডৰা ভূমি বিচাৰি।
কিন্তু
যদিহে প্ৰতিদিনে
প্ৰতি মুহূৰ্ততে
তুমি অনুভৱ কৰা যে তুমি মোৰ বাবেই সৃষ্ট
অপৰিবৰ্ত্তনীয় মাধুৰ্য্যৰে,
যদিহে প্ৰতিদিনে এপাহ ফুল
মোক বিচাৰি তোমাৰ ওঁঠলৈ বগাই আহে
হেৰা মোৰ প্ৰিয়া, হেৰা মোৰ আপোন
মোৰ মাজত সিকুৰা জুই পুনঃ উকমুকাব,
মোৰ মাজত একোকে নুনুমায় , একোৱেই পাহৰণি নহয়,
মোৰ প্ৰেমে প্ৰাণ পায় তোমাৰ প্ৰেমত, হে প্ৰিয়া
আৰু যেতিয়ালৈকে তুমি জীয়াই থাকিবা মোৰ দুবাহু নেৰাকৈ
ই জীয়াই থাকিব তোমাৰ দুবাহুৰ মাজত।