অমিতা আমাৰ খাদ্য তালিকাত কিয় অপৰিহাৰ্য্য হোৱা উচিত?- ডা০ ভূপেন শইকীয়া

 শিৰোনামটো দেখি হয়তো বহুতো পাঠকৰ মনত নানান প্ৰশ্নৰ উদয় হব৷ আশ্চৰ্য্যচকিত হ’বলৈ এনে কি অন্তৰ্নিহিত গুণ অমিতাৰ আছে যাৰ বাবে মই এনেদৰে ক’বলগীয়া হৈছে৷ আশাকৰো মোৰ এই প্ৰৱন্ধৰ যোগেদি আপোনাকে সকলো প্ৰশ্নৰ সমিধান পাব৷

অমিতাৰ বৈজ্ঞানিক নাম হ’ল – Carica papaya আৰু ইয়াৰ বংশাৱলী হ’ল Caricaceae family৷ ইংৰাজী Papaya নামটো বিশ্বৰ আন বিভিন্ন ভাষাটো প্ৰচলিত; তাৰে কেইটিমান উদাহৰণ হ’ল – স্পেইন, নৰৱে, জাৰ্মানী, মালটা, চুইডেন, আয়াৰলেণ্ড, হাংগেৰি, ৰোমানিয়া, উজবেক, টাৰ্কি, ফিলিপিনো, ইণ্ডোনেচিয়া আদি দেশৰ ভাষা৷ ফ্ৰান্সত বোলে – Papaye৷ টাই ভাষাত মাক কাং, ৰাচিয়া আৰু ইউক্ৰেইনত বোলে – Papayya৷ বাংলাত পেঁপে, হিন্দীত পপীতা, নেপালিত মেৱা, মধুফল আৰু অমৃতা, মাৰাঠীত পপই, গুজৰাটীত পপায়ু, তামিলত পপালি কাই, তেলেগুত বব্বায়া, মলয়ালমত প’পায়া নামেৰে অমিতা পৰিচিত৷ আমাৰ অসমীয়াত অমিতাৰ আন নাম হ’ল মধু ফল, অমৃতা, মৈথ ফল, অমৃত ফল৷ কাৰ্বি ভাষাত মেনচপি আৰু মেংচপি৷ ডিমাচাত খোফল আৰু গৈফল৷ টিৱাসকলে বোলে উমৰিদ আৰু উমৰিট৷

অমিতাৰ প্ৰাপ্তিস্থান আৰু চমু ইতিহাস: জানিবলৈ পোৱা তথ্যমতে অমিতাৰ প্ৰাথমিক উৎপত্তি স্থল আছিল দক্ষিণ মেক্সিকো, দক্ষিণ আৰু মধ্য আমেৰিকা৷ এইকেইটা অঞ্চলৰ পৰাই পোনতে কাষৰীয়া কেৰিবিয়ান দ্বীপপুঞ্জলৈ অমিতাৰ প্ৰচলন হয়৷ স্পেইন চৰকাৰ আৰু মিচনেৰীৰ সৌজন্যত সমুদ্ৰ যাত্ৰা কৰা ক্ৰিষ্টফাৰ কলম্বছে ১৪৯২ চনত আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জ ভৰি দিয়ে৷ ইউৰোপলৈ অমিতাৰ সঁচ কলম্বছেই পোনতে আনে৷ ক্ৰমে ইউৰোপৰ পৰা এচিয়া আৰু আন গ্ৰীষ্মপ্ৰধান অঞ্চললৈ অমিতাৰ সঁচ যাবলৈ ধৰে আৰু ১৭ শতিকালৈকে বিশ্বৰ বিভিন্ন দেশত অমিতা উপলব্ধ হবলৈ ধৰে৷

২০১৪চনত প্ৰকাশিত তথ্যমতে বিশ্বজুৰি প্ৰায় ১৩নিযুত টন অমিতাৰ উৎপাদন হয় আৰু ইয়াৰে ৪৪শতাংশ ভাৰতবৰ্ষত হয়৷ আমাৰ দেশত বেচিকৈ অমিতাৰ খেতি কৰা প্ৰদেশ কেইখন হ’ল – অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, কৰ্ণাটক, গুজৰাট, কেৰালা, উৰিষ্যা, পশ্চিম বংগ আৰু অসম৷ এইটো এটা উল্লেখযোগ্য খবৰ যে বিগত কিছু বৰ্ষৰ পৰা বিশ্বত অমিতাৰ খেতি আৰু উৎপাদন বৃদ্ধি পাব ধৰিছে৷ ইয়াৰ ঘাই কাৰণ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বহুতো উন্নত দেশৰ বৰ্ধিত চাহিদা৷ বৰ্তমান কমেও ২২টা অমিতাৰ প্ৰজাতি বিশ্বত চিনাক্তকৰণ কৰা হৈছে৷

কি কি লাগতিয়াল তত্ত্ব অমিতাত থাকে?

এটা মজলীয়া আকাৰৰ (প্ৰায় আঢ়ৈশ গ্ৰাম ওজনৰ) অমিতাত শক্তি থাকে ১২০কেলৰি৷ কাৰ্বোহাইড্ৰেট ৩০গ্ৰাম, প্ৰটিন ২গ্ৰাম, ফাইবাৰ ৫গ্ৰাম৷ ভিটামিনসমূহ হ’ল ভিটামিন-এ, ভিটামিন-বি গোট, ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-ই৷ খনিজসমূহ হ’ল ক’পাৰ, প’টেচিয়াম, মেগনেচিয়াম৷ এণ্টিঅক্সিডেণ্ট আৰু ফাইটো-নিউট্ৰিয়েণ্টসমূহ হ’ল- লাইকোপেন, আলফা কেৰটিন, বিটা কেৰটিন, লিউটিন, জিয়াঝেনথিন৷

অমিতাৰ লাগতিয়াল উপকাৰিতাৰ তালিকা: * পাঠকৰ বাবে বিস্ময়ৰ কথা হলেও এইটো সত্যযে অমিতা গছৰ প্ৰতিটো অংশই মানুহৰ কল্যাণৰ বাবে প্ৰকৃতিয়ে নিৰূপণ কৰিছে৷ অমিতাৰ ফল, গুটি, ফুল, শিপা, গছৰ বাকলি, গছৰ পাত প্ৰতিটো অংশই ঔষধিযুক্ত বুলি প্ৰমাণিত হোৱাত আজি বিশ্বৰ চুকে কোণে নানান ধৰণেৰে ইয়াক প্ৰয়োগ কৰিবলৈ ধৰিছে আৰু অনেক গৱেষণাগাৰত সত্যতা প্ৰত্যায়িত হৈছে৷ অমিতাৰ ফুল আৰু শিপা ব্ৰংকাইটিচ, জণ্ডিচ, কিডনিৰ ক’লিক আদিত ব্যৱহাৰ কৰি সুফল পোৱা গৈছে৷ অমিতাৰ গুটিত Carpaineনামৰ ৰাসায়নিক তত্ত্ব (Alkaloid) থাকে যাৰ ফলত ই লিভাৰৰ চিৰচিচ, কিডনিৰ ৰোগ, বাত বিষ আৰু কৃমিজনিত ৰোগত উপযোগী৷
• হজমশক্তি বঢ়োৱাত লাগতিয়াল ভূমিকা – অমিতাত থকা পেপেইন আৰু কাইমো-ট্ৰিপচিন নামৰ এনজাইমে প্ৰটিন আৰু আন খাদ্য পদাৰ্থ হজম হোৱাত সহায় কৰে৷
• কৌষ্ঠ-কাঠিন্য আঁতৰায় -অমিতাত থকা ফাইবাৰৰ বাবে এয়া সম্ভৱ৷
• কৃমিৰোগৰ বাবে অমিতা হ’ল মহৌষধ৷
• হৃদযন্ত্ৰৰ বাবে উপকাৰী – বিটা-কেৰটিন, লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-ইৰ উপস্থিতিৰ বাবে ডায়েবেটিক হাৰ্ট ডিজিজ আৰু এথেৰস্কেৰচিচৰ পৰা অমিতাই সুৰক্ষা দিয়ে৷ ষ্ট্ৰক আৰু আন হৃদৰোগ কাষ চাপিব নিদিয়ে৷
• অপকাৰী ক’লেষ্টৰল হ্ৰাস কৰে – অমিতাই তেজৰ পৰা এল ডি এল কলেষ্টেৰলৰ পৰিমাণ কমায়৷
• উচ্চ ৰক্তচাপ কমোৱাত সহায়ক – প’টেচিয়াম আৰু ফাইবাৰৰ বাবে সেয়া সম্ভৱপৰ৷
• ডায়েবেটিজ নিয়ন্ত্ৰণত ভূমিকা – টাইপ-১ আৰু টাইপ-২ দুয়ো ধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী বুলি প্ৰমাণিত হৈছে৷ অমিতাৰ ফাইবাৰে তেজৰ চুগাৰ আৰু চৰ্বি হ্ৰাস কৰে৷ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায়৷
• দৃষ্টিশক্তিৰ উন্নয়ন আৰু চকুৰ সুৰক্ষা -কেটেৰেক্ট, গ্ল’কমা আৰু মেকুলাৰ ডিজেনেৰেচনৰ পৰা অমিতাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনে
সুৰক্ষা প্ৰদান কৰে৷
• শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় – ভিটামিন-চি আৰু বিভিন্ন এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
• ওজন কমোৱাত সহায়ক – কম কেলৰিৰ বিপৰীতে বৰ্ধিত ফাইবাৰে ওজন কমোৱাত সহায় কৰে৷
• মহিলাৰ ঋতুস্ৰাৱ নিয়মিতকৰণ – অমিতাৰ পেপেইন এনজাইমৰ বাবে মাহেকীয়া নিয়মীয়া হয়৷
• সংক্ৰমণ ৰোধ কৰে আৰু এণ্টিইনফ্লেটৰী ক্ৰিয়াত পেপেইন আৰু কাইমো-পেপেইনৰ ভূমিকা থাকে৷
• কৰ্কট ৰোগৰ পৰা সুৰক্ষা – ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়নত জনা গৈছে যে অমিতা হ’ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত৷ আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ, ক’লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে৷
• ছালৰ যতন অমিতাই লব পাৰে – অমিতাৰ চাবন আৰু প্ৰসাধন সামগ্ৰী বিশ্বত বহুল প্ৰচলিত৷ একজিমা, চ’ৰিয়াচিচ, চানবাৰ্ণ আদি অৱস্থাটো অমিতাৰ প্ৰয়োগ কৰা হয়৷
• বাত বিষ কমোৱাত অমিতাৰ ভূমিকা- Rheumatoid arthritisত উপকাৰী (Annals of Rheumatic Diseases) ত প্ৰকাশিত তথ্যমতে৷
• দাঁতৰ বিষ কমায় – অমিতাৰ শিপা নাইবা গছৰ বাকলি পিচি লগালে বা মালিচ কৰিলে দাঁতৰ বিষ কমে বুলি ২০০২ চনত প্ৰকাশিত বাৰবৰা চমনশনৰ কিতাপ Healing Power of Papayaত উল্লেখ আছে৷
• দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি, ভিটমিন-ই আৰু এণ্টিঅক্সিডেণ্ট বাবে এয়া সম্ভৱ৷
• মানসিক চাপ (ষ্ট্ৰেচ) কমোৱাত সহায়ক –University of Albama ৰ পৰা প্ৰকাশিত তথ্যমতে৷
• জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আঁতৰ হোৱাত সহায়ক হয়৷
• যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয়৷
• ডেংগুৰ চিকিৎসাত অমিতা পাতৰ ভূমিকা: ভাৰতবৰ্ষত আৰু আন দেশতো কৰা অধ্যয়নত দেখা গৈছে অমিতা পাতৰ ডেংগু ৰোগত উপকাৰিতা প্ৰমাণিত হৈছে৷ ডেংগুৰ ফলত কমি যোৱা প্লেটলেট পুনৰোদ্ধাৰ কৰাত অমিতা পাতৰ পৰা বনোৱা কেপচুল আৰু চিৰাপ ব্যৱহাৰ কৰি সুফল পোৱা গৈছে৷ আমাৰ দেশত ই Caripill নামেৰে উপলব্ধ৷

অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা:
• লেটেক্স এলাৰ্জি – অমিতা গছৰ পৰা ওলোৱা বগা ৰসক (Latex ) অসমীয়াত তৰুক্ষীৰ বুলে৷ কিছুমান মানুহৰ এই লেটেক্সৰ এলাৰ্জি হব পাৰে৷
• গৰ্ভৱতী মহিলাৰ বাবে সতৰ্কবাণী – কেঁচা অমিতা গৰ্ভৱস্থাত খাব নালাগে৷ কিয়নো ই গৰ্ভাশয়ৰ সংকোচন ঘটাই গৰ্ভপাত কৰাব পাৰে৷ আনহাতে পকা অমিতা গৰ্ভৱতী মহিলাই সীমিত মাত্ৰাত খালে লাভবান হ’ ব৷
• অধিক অমিতাৰ ভক্ষণে পাকপ্ৰণালীৰ কৰিব পৰা অহিত সাধন – অমিতা বহু উপযোগী খাদ্য যদিও অনিয়ন্ত্ৰিত পৰিমাণত খালে পেটৰ অসুখ, পাকস্থলী গৰম লগা আদি অপকাৰিতাই দেখা দিব পাৰে৷
• Carotenemia –বেচিকৈ অমিতা খালে বিটা-কেৰটিনৰ বাবে কাচিৎ কোনো কোনো লোকৰ ছালৰ হালধীয়া বৰণ হ’ব পাৰে৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!