কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ- ডা° মনোজ কুমাৰ শইকীয়া

কঁকালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত৷ কিডনী দেখাত উৰহী গুটিটোৰ দৰে৷ সোঁফালৰ কিডনী বাওঁফালৰ কিডনীতকৈ সামান্য তলত, ডাঠ আৰু সৰু৷ তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে৷ এজন প্ৰাপ্ত বয়সৰ ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে: মি: দীঘল আৰু প্ৰস্থ ৩-৪ছে: মি:৷ তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে৷ অতি সূক্ষ্ম কেশিকাৰে গঠন হোৱা জালিকা সদৃশ নলীকাবোৰক গ্লমেৰুলাৰ নেফ্ৰণ বোলা হয়৷ গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছেকনী৷

কিডনীৰ মুখ্য কাম
““““““““““““““““““
আমাৰ শৰীৰত থকা কিডনী দুটাৰ মুখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থসমূহ পেচাবৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ সবল আৰু নিৰোগ কৰি ৰখা৷ আমাৰ শৰীৰত দুই তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভাৰসাম্য কিডনীয়ে নিয়ন্ত্ৰণ কৰে৷ তদুপৰি তেজ শোধন কৰি তেজত থকা লৱণৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে৷ শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে‌৷ তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটাই ক্ষাৰ আৰ অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে৷ প্ৰতি মিনিটত গ্লমেৰুলাৰ মাজেৰে একলিটাৰ তেজ প্ৰবাহিত হয়৷ এই প্ৰবাহিত একলিটাৰ তেজৰ আধা অংশ (৫০০মি: লি: ) প্লাজমা৷ নানা প্ৰকাৰৰ লৱণ, গ্লুক’জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয়৷ প্ৰতি মিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি: লি: তেজহে শোধন হয়৷ এইদৰে কিডনীয়ে প্ৰতিমুহূৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো৷ সেয়েহে আমি সদায় কিডনী সুস্থ সবল কৰি ৰাখিব লাগিব৷ অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হলে মৃত্যু অনিবাৰ্য্য৷ সেয়েহে কিডনী সুস্থ সবল কৰি ৰখাৰ কেটামান উপায় তলত উল্লেখ কৰা হ’ল৷

(১) জধেমধে বিষনাশক ঔষধ নাখাব৷ বিষনাশক ঔষধে কিডনী ক্ষতিসাধন কৰে৷ গেষ্ট্ৰিকৰ PPI ঔষধ যেনে পেণ্টোপ্ৰাজল আৰু ৰাবেপ্ৰাজল বেছিদিন খালেও কিডনী ফেইলাৰকে আদি কৰি বিভিন্ন কিডনী ৰোগ হয়৷ ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব৷
(২) মাদক দ্ৰব্য বৰ্জন কৰিব৷ আজিকালি ভেজাল মাদকদ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়৷
(৩) চালানী মাছ ফৰ্মেলডিহাইদ দি সং‌ৰক্ষণ কৰা হয়৷ সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়৷
(৪) বিলাহী, ফুলকবি, উৰহী, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে৷ এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয়৷ অৱশ্যে নিমখ পানীত কেবাঘণ্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয়৷
(৫) চীনা বাদাম, ক’লা আঙুৰ, বীট, তিয়হ, পালেঙ শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব‌৷ ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব, অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ হ’ব৷
(৬) গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যত কেলচিয়াম বেছিকৈ থকা বা বাবে কমকৈ খাব৷ অন্যথা কিডনী ষ্টন হোৱাৰ সম্ভাৱনা‌
(৭) আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ নানানটা ৰোগ হয়৷
(৮) ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা৷ সেয়েহে মাজে সময়ে ইউৰিক এচিড, ব্লাড চুগাৰ, ইউৰীয়া, ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰিব লাগে৷ ব্যতিক্ৰম দেখা পালে চিকিৎসা গ্ৰহণ কৰিব‌৷
(৯)তেতেলি খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাবৰ লগত বাহিৰ হয় আৰু কিডনীক সুৰক্ষিত কৰি ৰাখে৷ তেতেলিত টাৰটাৰিক এচিড থাকে৷
(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে৷ ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট,অক্‌জেলেট পেচাবৰ সৈতে বাহিৰ কৰি কিডনী সুৰক্ষিত কৰি ৰাখে ‌৷
(১১) নেমুটেঙাত চাইট্ৰিক এচিড থকা বাবে নেমুটেঙা বা নেমূচৰ্বত খাব৷ নেমুটেঙাৰ ৰসে কিডনীত জমা হোৱা কেলচিয়াম অক্‌জেলেট, ফছফেট আদি গেদবোৰ গলাই পেচাবৰ সৈতে বাহিৰ কৰি কিডনী পৰিষ্কাৰ কৰে৷ সেয়েহে নেমুটেঙা খালে কিডনী ৰোগৰ পৰা হাতসাৰিব পাৰি৷
(১২) অসমীয়াত এষাৰ কথা আছে “পানীয়েই প্ৰাণ, পানী বিনে নাই আন৷“ কিমান বিজ্ঞান সন্মত এই বাক্যশাৰী ভাবি চাইছেনে? আমাৰ শৰীৰ দুই তৃতীয়াংশ পানীৰে পৰিপূৰ্ণ৷ সেয়েহে আমাৰ শৰীৰটো ভালদৰে শোধন হোৱাৰ বাবে চাৰি-পাঁচ লিটাৰ পানীৰ প্ৰয়োজন৷ সেয়েহে আমাৰ কিডনী ৰোগমুক্ত কৰি ৰাখিবলৈ প্ৰতিদিনে চাৰিলিটাৰ পানী খাওক৷
(১৩) পনৌনোৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হব নোৱাৰে৷
(১৪) পূনৰ্ণৱাৰ ৰস, ভাজী বা তৰ্কাৰী খালে কিডনী ৰোগ সহজে হ’ব নোৱাৰে৷
(১৫) দুপৰটেঙা পাতৰ ৰস দুচামুচৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয়৷ তদুপৰি আন কিডনী ৰোগসমূহ ভাল হয়৷
(১৬) এক কেজি বৰুণ গছৰ বাকলি চাৰি-পাঁচ লিটাৰ পানীত সিজাব৷ পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হবলৈ দিব৷ পিছত ভালদৰে ছেকি পানীখিনি ৰাখিব৷ ইয়াক ক্বাথ বোলা হয়৷ এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয়৷
(১৭) মূলাপাতৰ ৰস খালে কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয়৷ সেয়েহে মূলাপাত খাব লাগে৷
(১৮) সকলো ধৰণৰ কিডনী ৰোগৰ পৰা ৰক্ষা পাবলৈ মাজেসময়ে পূনৰ্ণৱাৰিষ্ট চাৰিচামুচকৈ দিনে তিনিবাৰ আৰু চন্দ্ৰ প্ৰভাবটী দুটাকৈ দিনে তিনিবাৰ খাব লাগে৷
(১৯) চন্দনাসৱ নামৰ আয়ুৰ্বেদিক ঔষধ চাৰিচামুচকৈ দিনে তিনিবাৰ মাজেসময়ে খাই থাকিলে কিডনী ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে৷
(২০) কিডনী ৰোগ উপসমৰ শাস্ত্ৰীয় আয়ুৰ্বেদিক ঔষধ সমূহ: – চন্দনাসৱ, পূনৰ্ণৱাৰিষ্ট, গোক্ষুৰাদি গুগুলু, বৰুনাদ্য লৌহ, এলাদি চূৰ্ণ, গোক্ষুৰ ঢূৰ্ণ, বঙ্গেশ্বৰ ৰস, বৃহৎ বঙ্গেশ্বৰ, পূনৰ্ণৱা মণ্ডুৰ, স্বেতপৰ্পটী ইত্যাদি৷
(২১) আয়ুৰ্বেদিক পেটেণ্ট ঔষধ সমূহ; – cystone, Calcury, Niree, U flow, Nilstone, Green punarnawa ইত্যাদি৷

আমি এই উপদেশ মানিব পাৰিলে কমেও ৮০% কিডনী ৰোগ অসমত কমিব৷ বাকী ২০% ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োজন হব৷ প্ৰয়োজন নহব ডায়েলাইছিচ; ধনৰ টোপোলা লৈ ঢাপলি মেলিব নালাগিব চেন্নাই, ভেলোৰ কিম্বা দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে৷ মনকৰিবলগীয়া যে কিডনী বেয়া কৰিব পৰা আয়ুৰ্বেদিক ঔষধ এটাও নাই, বৰং কিডনী ৰোগ ভাল কৰিব পৰা আয়ুৰ্বেদিক ঔষধ বহুত আছে৷ ☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!