অষ্ট্ৰেলিয়াৰ প্ৰাথমিক শিক্ষা –মমি চৈয়দ

আমাৰ প্ৰথম অষ্ট্ৰেলিয়া অহাৰ ঠিক দুমাহৰ পাছতেই ছোৱালীজনীক স্কুলত দিয়াৰ সময় আহিল৷ ইয়াত সকলো ধৰণৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হয় ফেব্ৰুৱাৰী মাহৰ পৰা৷ আমিও সেয়ে জানুৱাৰী মাহৰ শেষত স্কুলৰ কাম-কাজলৈ সাজু হ’বলৈ ধৰিলোঁ৷ ইয়াৰ আগতে আমাৰ ছোৱালী আনিছা, বাংগালোৰৰ দিল্লী পাবলিক স্কুলত নাৰ্চাৰীলৈকে পঢ়িছিল৷ আমিও অষ্ট্ৰেলিয়ালৈ অহাৰ সময়ত তাইৰ বাবে ইয়াত স্কুল আৰু শিক্ষা ব্যৱস্থাসমূহ ইণ্টাৰনেটৰ পৰা ভালদৰে জানি-বুজি লৈছিলোঁ৷ যিহেতু আমাৰ অষ্ট্ৰেলিয়ালৈ অহাটো সম্পূৰ্ণৰূপে নিজস্ব পৰিকল্পনা আছিল, সেয়ে শিক্ষাৰ দিশটো আমি আগতেই অলপ-অচৰপ বুজি লৈছিলোঁ৷

ভাৰতৰ বিপৰীতে, অষ্ট্ৰেলিয়াৰ প্ৰায় ৯০-৯৫ শতাংশ লোকৰ কণমানিসকল চৰকাৰী বিদ্যালয়লৈহে যায়, আৰু সেই অনুপাতে ইয়াত চৰকাৰী বিদ্যালয়সমূহৰ উপস্থিতি অতিকৈ ঘন৷ চৰকাৰী বিদ্যালয়ৰ অনুপাতে বেচৰকাৰী বা প্ৰাইভেট বিদ্যালয়ৰ সংখ্যা অতি নগণ্য৷ চৰকাৰী বিদ্যালয়সমূহ অত্যাধুনিক তথা উন্নতমানৰ৷ ইয়াৰ প্ৰাথমিক শিক্ষা আনুষ্ঠানিকভাবে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ হৈ ষষ্ঠ শ্ৰেণীলৈকে হয়৷ অষ্ট্ৰেলিয়াৰ নাগৰিক তথা স্থায়ী বাসিন্দা(PR)সকলৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা সম্পূৰ্ণৰূপে বিনামূলীয়া৷ আমাৰ ফালৰ যিকোনো বেচৰকাৰী উন্নতমান বিদ্যালয়সমূহতকৈ ইয়াৰ চৰকাৰী বিদ্যালয়সমূহৰ পৰিবেশ তথা শিক্ষা অতি উচ্চমানৰ৷ যিহেতু আমাৰ ছোৱালীজনী বাংগালোৰৰ ডি.পি.এচ ত পঢ়িছিল গতিকে ভাৰতবৰ্ষৰ শিক্ষাৰ প্ৰণালীসমূহৰ লগতো আমাৰ পৰিচয় ভালকৈয়ে আছিল৷

অষ্ট্ৰেলিয়াৰ যিকোনো এখন চহৰৰ প্ৰতিটো অঞ্চল(চাৰ্ব-আৰ্ব)ৰ বাবে এখনকৈ চৰকাৰী বিদ্যালয় থাকে আৰু সেই অঞ্চল বা চাৰ্ব-আৰ্বৰ প্ৰতিজন কণমানি সেইখন স্কুললৈ যোৱাটো বাধ্যতামূলক৷ আমাৰ চহৰ কেনবেৰাত আমি বাস কৰা চাৰ্ব-আৰ্বটিৰ নাম হ’ল “হিউজ” (Hughes)৷ গতিকে আমাৰ ছোৱালী আনিছাৰ বাবে আমি হিউজ প্ৰাইমেৰী স্কুলত নামভৰ্তিৰ বাবে যোগাযোগ কৰিব লগা হ’ল৷ যথা-সময়ত স্কুলত নামভৰ্তি কৰাৰ সময় আহিল৷ ইয়াত প্ৰথম শ্ৰেণীৰ নামভৰ্তি কৰাৰ সময়ত কোনো ধৰণৰ আগতীয়া শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়৷ যেনে ধৰক, নাৰ্চাৰী বা কে-জি আদি পঢ়াটো একেবাৰে বাধ্যতামূলক নহয়৷ ল’ৰা-ছোৱালীক নাৰ্চাৰী বা কে-জি দিয়াটো আপোনাৰ নিজস্ব কথা, নিদিলেও কোনো ধৰণৰ সমস্যা নাই৷ কাৰণ, প্ৰথম শ্ৰেণীৰ পৰাহে সকলো আনুস্থানিক শিক্ষাৰ আৰম্ভণি হয় আৰু তাৰ বাবে আগতে কিবা পঢ়া বা জনাটো একেবাৰে জৰুৰী নহয়৷ ভাৰতৰ দৰে বিভিন্ন ধৰণৰ পৰীক্ষা আদি পাতি, তাৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰোৱাৰ নিয়ম নাই৷ লগতে আনুস্থানিক শিক্ষা গ্ৰহণৰ বাবে বয়সৰ সীমা হ’ল ছয় বছৰ৷ সম্পূৰ্ণৰূপে ছয় বছৰ পূৰ্ণ কৰা কণমানিসকলৰহে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিব পৰা যায়৷ ইয়াৰ তুলনাত আমাৰ দেশসমূহত, নিচেই কম বয়সত, একো বিশেষ বুজি নৌপাওঁতেই, কণমানিসকলৰ ওপৰত শিক্ষাৰ নামত এটি বোজা জাপি দিয়া হয়৷

বিদ্যালয়সমূহত নামভৰ্তি কৰাৰ নিয়ম একেবাৰে সহজ৷ স্কুলৰ ৰেকৰ্ডৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সকলো ধৰণৰ তথ্য, যেনে ধৰক নাম, জন্মৰ তাৰিখ, অভিভাৱকৰ নাম, ঠিকনা আদি এখন ফৰ্মত লিপিবদ্ধ কৰিব লাগে আৰু সেয়াই নামভৰ্তিৰ বাবে যথেষ্ট৷ লগতে, সকলো ছাত্ৰ-ছাত্ৰীৰ টিকাকৰণৰ সকলো তথ্য স্কুলত দিব লাগে৷ আমাৰো, আনিছাক স্কুলত নাম লগাই দিয়াত কোনো ধৰণৰ সমস্যা নহ’ল৷ ইয়াৰ পাছতেই আমাক লৈ যোৱা হ’ল আনিছাৰ শ্ৰেণী কোঠালৈ৷ সকলো ধৰণৰ অত্যাধুনিক সুবিধা থকা এটি সুন্দৰ শ্ৰেণী কোঠা; দেখি আমি অতিকৈ সুখী হ’লোঁ৷ তাতে, শ্ৰেণীৰ শিক্ষয়িত্ৰীৰ লগত আমাৰ পৰিচয় হ’ল৷ তেখেত হ’ল চাইনীজ মূলৰ এগৰাগী অষ্ট্ৰেলিয়ান৷ যিহেতু অষ্ট্ৰেলিয়াত বিভিন্ন ধৰণৰ মানুহৰ সমাগম ঘটে, সেই অনুপাতে ইয়াৰ বিদ্যালয়সমূহতো বিভিন্ন সংস্কৃতিৰ ছাত্ৰ-ছাত্ৰী দেখিবলৈ পোৱা যায়৷

ইয়াৰ চৰকাৰী বিদ্যালয়সমূহ অতি উন্নতমানৰ হোৱাৰ লগতে শিক্ষা প্ৰদানৰ মাত্ৰাও ছাত্ৰ-ছাত্ৰসকলৰ বাবে সুবিধাজনক৷ অষ্ট্ৰেলিয়ান শিক্ষা ব্যৱস্থাত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে কোনো ধৰণৰ পৰীক্ষাৰ ব্যৱস্থা নাই৷ ঠিক তেনেকৈ, কোনো ধৰণৰ ধৰা-বন্ধা চিলেবাচো নাই৷ কিন্তু, সকলো ধৰণৰ শিক্ষা ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয়৷ দুটা প্ৰধান দিশত সকলোতকৈ বেছি প্ৰাধান্য দিয়া হয়, সেয়া হ’ল, ইংৰাজী আৰু গণিত৷ কিন্তু ইংৰাজী বা গণিত শিকোৱাৰ পদ্ধতি সম্পূৰ্ণ ভিন্ন৷ কোনো ধৰণৰ চিলেবাচ বা ধৰা-বন্ধা কিতাপ নাই৷ তাৰ পৰিবৰ্তে, ইংৰাজীৰ বাবে বিভিন্ন ধৰণৰ সৰু-সৰু সাধু কথাৰ দৰে কিতাপ আছে, য’ত ইংৰাজী বৰ্ণমালাৰ প্ৰয়োগ দেখুওৱা হয়৷ এনেধৰণৰ বিভিন্ন কিতাপ, ছাত্ৰ-ছাত্ৰীসমূহক পঢ়িবলৈ দিয়া হয়৷ এই পঢ়া (Reading) কাৰ্য্য প্ৰথমে বহুদিনলৈ চলে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বৰ্ণমালাখন চিনাকি হোৱাৰ পাছত লিখাৰ (Writing) কাৰ্য্য আৰম্ভ হয়৷ লিখাৰ বাবে, দৈনিক একোখনকৈ কিতাপৰ এটি সাধু কথাক কেন্দ্ৰ কৰি কিছু সৰল আৰু চুটি প্ৰশ্ন তৈয়াৰ কৰা হয় আৰু ছাত্ৰ-ছাত্ৰীসকলক সেইসমূহৰ উত্তৰ লিখিবলৈ দিয়া হয়৷ উত্তৰ লিখাৰ বাবে প্ৰতিদিনে সকলোকে একোখনকৈ বহী দিয়া হয়, য’ত সকলোৱে নিজৰ নিজৰ উত্তৰসমূহ লিখে৷ ইয়াৰ বাবে সকলোকে পেঞ্চিল দিয়া হয় আৰু ৰবৰৰ প্ৰয়োগ নিষেধ কৰা হয়৷ এতিয়া প্ৰতিদিনে, শিক্ষকসকলে, প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ উত্তৰসমূহ পাছত পৰ্য্যাবেক্ষণ কৰে, যাতে কোনজন ছাত্ৰ-ছাত্ৰী কোনটো দিশত দুৰ্বল বা কোন কোনটো দিশত সবল তাক নিৰ্দ্ধাৰণ কৰিব পৰা যায় আৰু সেই অনুপাতে ছাত্ৰ-ছাত্ৰীসকলক গাইড কৰিব পৰা যায়৷

স্কুলৰ সময় আৰম্ভ হয় পুৱা ৯ বজাৰ পৰা আৰু আবেলি তিনিবজালৈ৷ ইয়াত প্ৰতিখন বিদ্যালয়ত “গাইডেড্ ৰিডিং”(Guided Reading)ৰ ব্যৱস্থা আছে৷ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে যিমান সময় মন যায় স্কুলত থাকি, যিকোনো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজন অনুসাৰে পঢ়া-শুনাত সহায় কৰিব পাৰে৷ আনকি, নিজৰ ল’ৰা-ছোৱালী পঢ়া শ্ৰেণীকোঠালৈ গৈয়ো সহায় কৰিব পাৰে৷ এই কাৰ্য্যকে গাইডেড্ ৰিডিং বুলি কোৱা হয়৷ এনেধৰণৰ ব্যৱস্থাৰ দ্বাৰা অভিভাৱকসকলেও ল’ৰা-ছোৱালীৰ দুৰ্বল তথা সবল দিশটো বুজি পোৱাত সহায়ক হয় আৰু লগতে স্কুলত পঢ়া-শুনাৰ দিশটো বুজি পোৱাটো সহায়ক হয়৷

ঠিক এনেদৰে গণিতৰো শিক্ষা দিয়া হয়৷ যোগ, বিয়োগ, পূৰণ, হৰণ আদি সৰু-সৰু আৰু সৰল দৈনন্দিন কামেৰে বুজোৱা হয়৷ ইংৰাজীৰ বাবে পঢ়া (Reading) কাৰ্য্যটোত খুবেই গুৰুত্ব আৰোপ কৰা হয়৷ ইয়াৰ বাবে সকলো স্কুলত একো-একোটা পুথিভঁৰাল থাকে আৰু এই পুথিভঁৰালৰ পৰা সপ্তাহত ৩খনকৈ কিতাপ সকলো ছাত্ৰ-ছাত্ৰীলৈ ইছু কৰা হয়৷ এনেদৰে প্ৰতি সপ্তাহত তিনিখনকৈ বেলেগ-বেলেগ কিতাপ পঢ়িবলৈ দিয়া হয়; যাতে পঢ়াৰ প্ৰতি সকলোৰে মনোযোগ সৰুৰে পৰা গঢ়ি উঠে৷ ইংৰাজীয়ে হওক বা বেলেগ যিকোনো পাঠেই হওক, কোনো ধৰণৰ ধৰা-বন্ধা চিলেবাচত ছাত্ৰ-ছাত্ৰীসকলক আৱদ্ধ কৰা নহয়৷ এনে কোনো ধৰণৰ নিয়ম নাই যে ..এই শ্ৰেণীৰ বাবে এয়াহে চিলেবাচ আৰু ইমানখিনিহে যথেষ্ট৷ সকলো ধৰণৰ শিক্ষা এটি দৈনন্দিন কাম-কাজৰ লগত আৱৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হয়৷

অষ্ট্ৰেলিয়াৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰখনত পঢ়া-শুনাৰ লগতে, ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰ তথা ভদ্ৰতাৰ আদি পাঠ অতি গুৰুত্ব সহকাৰে প্ৰদান কৰা হয়৷ বিনয়ী তথা সৎ আচৰণৰ ওপৰত অতিকৈ গুৰুত্ব প্ৰদান কৰা হয়৷ কেৱল পঢ়া-শুনায়ে নহয়, সকলো ছাত্ৰ-ছাত্ৰীৰ আচাৰ-ব্যৱহাৰ আদিৰ প্ৰতি বিশেষভাবে বিদ্যালয়সমূহে নজৰ দিয়ে৷ সকলো সময়তে ছাত্ৰ-ছাত্ৰীসকলক অতি বিনয়ী হোৱাৰ শিক্ষা প্ৰদান কৰা হয়৷ আচাৰ-ব্যৱহাৰ অষ্ট্ৰেলিয়ান প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ মূল-মন্ত্ৰ৷

সপ্তাহত এদিনকৈ স্কুলত বেংকিং থাকে৷ য’ত সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ বেংক একাউণ্টত পইচা জমা কৰিব পাৰে৷ তাৰ বাবে বেংকৰ পৰা সকলো ছাত্ৰী-ছাত্ৰীৰ বাবে বেংক একাউণ্ট খুলি দিয়াৰ ব্যৱস্থা আছে৷ এনেদৰে এবছৰ জমা কৰা পইচাৰে বছৰটোৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে বা নিকিনিলেও আগলৈ জমা কৰি যাব পাৰে৷ এনেধৰণৰ সৰুৰে পৰা বেংকিং ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ বেংকিঙৰ ওপৰত জ্ঞান আহৰণ কৰাৰ লগতে পইচা জমা কৰাৰ গুণটিও বঢ়ায় আৰু লগতে মিত্যবায়ী হ’বলৈ সহায় কৰে৷

তদুপৰি, সকলো ছাত্ৰ-ছাত্ৰীকে সৰু-সুৰা খাদ্য প্ৰস্তুত কৰা, কেক্-কুকিজ্ আদি তৈয়াৰ কৰা, চালাদ তৈয়াৰ কৰা এনেধৰণৰ বিষয়ৰ ওপৰত সৰুৰে পৰা পাৰ্গত কৰি তোলা হয়৷ লগতে ঘৰ চাফা কৰা, বাচন ধোৱা, নিজৰ কাপোৰ আদি নিজে জাপি থোৱা এই সকলোবোৰ লগে-লগে শিকোৱা হৈ থাকে৷ গতিকে কণমানিসকলে সৰুৰে পৰা স্বাৱলম্বী হৈ উঠৈ আৰু সকলো ধৰণৰ নিজৰ কাম নিজে কৰাৰ প্ৰতি আগ্ৰহী হয়৷ ইয়াৰ উপৰি নাচ-গান, ড্ৰামা, আৰ্ট, ক্ৰাফ্ট আদিৰো দৈনিক ক্লাচ হয়৷ এইসকলোবোৰ দিশতো পঢ়াৰ লগতে সমানে গুৰুত্ব দিয়া হয়৷ আচলতে এই সকলোখিনিয়ে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়াৰ অংশস্বৰূপ আৰু সমানে অপৰিৰ্হায্য৷ লগতে, বিভিন্ন ধৰণৰ ক্ৰীড়াভিত্তিক অনুশীলন যেনে, সাঁতোৰ, বাস্কেটবল বা ফুটবল আদিৰ নিয়মীয়া আৰু দৈন্দদিন ক্লাচ কৰোৱা হয়৷ অলপ ওপৰৰ শ্ৰেণী, যেনে ধৰক চতুৰ্থ শ্ৰেণী মানৰ পৰা বিভিন্ন ধৰণৰ হাতৰ কাম যেনে, চকী-মেজ আদি সজাৰ পৰা আদি কৰি বিভিন্ন কাৰিকৰী দিশতো ছাত্ৰ-ছাত্ৰীসকলক পাৰ্গত কৰি তোলা হয়৷

যিদৰে প্ৰাথমিক শিক্ষাত কোনো বিশেষ চিলেবাচ আদি বিদ্যালয়সমূহত নাথাকে, ঠিক সেইদৰে কোনো ধৰণৰ ঘৰুৱা কাম বা হম ৱাৰ্ক আদি ছাত্ৰ-ছাত্ৰীসকলক দিয়া নহয়৷ তদুপৰি কোনো ধৰণৰ কিতাপ-বহী ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ কঢ়িয়াই নিব নালাগে৷ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে সকলো ধৰণৰ কিতাপ-বহী বিদ্যালয়ৰ পৰা যোগান ধৰা হয়৷ এই কিতাপ বা বহীসমূহ প্ৰত্যেক অভিভাৱকে চাব পৰা ব্যৱস্থা থাকে, তদুপৰি প্ৰতি দুমাহৰৰ মূৰে-মূৰে সকলো অভিভাৱকক লৈ মিটিং হয়, য’ত ছাত্ৰ-ছাত্ৰীসকলৰ খতিয়ান দাঙি ধৰা হয়৷ ইয়াৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত যাতে কণমানিসকলে মুক্তভাবে নিজ-নিজ পচন্দৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়৷

আমাৰ দেশসমূহৰ দৰে সৰু-সৰু ছাত্ৰ-ছাত্ৰীসকলৰ মূৰত অযথা তথা অতিৰিক্ত বোজা জাপি দি সৰুৰে পৰা কেৱল মাত্ৰ পৰীক্ষা আৰু নম্বৰৰ দৌৰৰ বাবে প্ৰস্তুত কৰাৰ বিপৰীতে ইয়াৰ প্ৰাথমিক শিক্ষা ক্ষেত্ৰখনত কণমানিসকলৰ বাবে এটি সহজ-সৰল তথা দৈন্দদিন জীৱনৰ লগত জড়িত প্ৰথাৰে শিক্ষা প্ৰদান কৰা হয়৷

কোনো এটা বিশেষ চিলেবাচত কণমানিসকলক আৱদ্ধ নকৰি, এক বহল পৰিসৰত অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী কৰি তোলা হয়৷ লগতে দৈন্দদিন কাম-কাজসমূহৰ যথাযথ জ্ঞান আৰু আচাৰ-ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভৱিষ্যতৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰোৱা হয়, যাতে অনাগত দিনসমূহত সকলো ধৰণৰ পৰিস্থিতিৰ বাবে তেওঁলোক সাজু হ’ব পাৰে৷ আমাৰ দেশসমূহতো এনে ধৰণৰ বহল পৰিসৰৰ শিক্ষা ব্যৱস্থাৰ যথেষ্ট প্ৰয়োজন আছে য’ত আমাৰ কণমানিসকলে পৰীক্ষা তথা নম্বৰৰ দৌৰৰ পৰা আঁতৰি আহি এটি মুক্ত তথা নিভাঁজ পৰিবেশত নিজকে আগবঢ়াই নি, এক সোণালী ভৱিষ্যতৰ সপোন ৰচিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!